আবেলিৰ চাহ কাপৰ সৈতে-

0
103

ড: মৃদুস্মিতা ফুকন

পাপৰৰ ভুজিয়া


উপকৰণ: পাপৰ ৪ খন ( মছলা থকা বিধ হ’লে ভাল) ,ধনীয়া পাত ১ মুঠি ( কুটি ল’ব), কেঁচা জলকীয়া ২ টা( কুটি ল’ব), জালুক গুড়ি আধা চামুচ, সিজোৱা আলু আধা কাপ বা কুটা বিলাহী আধা কাপ বা কুটা তিয়ঁহ আধা কাপ।
প্ৰণালী: পাপৰখিনি শুকানে টেৱাত সেকি মচমচীয়া কৰি ল’ব। এতিয়া পাপৰখিনি হাতেৰে মোহাৰি সৰু সৰু টুকুৰা কৰি তাতে ওপৰত উল্লেখ কৰা আটাইখিনি উপকৰণ ভালকৈ মিহলাই চাহৰ লগত পৰিবেশন কৰক।

পলকতে হোৱা কাটলেট

উপকৰণ: চিৰা ১ কাপ,নিউট্ৰি নাগেটৰ দানা আধা কাপ, পিয়াঁজ ১টা ,ডাঙৰ আৰু ২টা, আদা-নহৰু-জলকীয়া বটা ১ চামুচ,ময়দা ডাঙৰ ২ চামুচ, জলকীয়া গুৰি আধা চামুচ,গুৰি কৰি লোৱা চীজ বা পনীৰ ডাঙৰ ২ চামুচ, ধনীয়া পাউদাৰ ১ চামুচ ,নিমখ আন্দাজমতে,ভাজিবৰ বাবে তেল।
প্ৰণালী: আলু আৰু পিয়াঁজ ৰুকি ল’ব।তেলৰ বাহিৰে ওপৰত উল্লেখ কৰা আটাইখিনি উপকৰণ মিহলাই ভালকৈ সানি ল’ব। তাতে ডাঙৰ চামুচেৰে ২ চামুচ পানীও দিব। আটাইখিনি ভালদৰে সানি কাটলেটৰ আকাৰ বা যিকোনো আকাৰৰ সাজি এটা এটা কৈ তেলত ভাঁজিব। সোণালী ৰঙৰ হ’লে তেলৰ পৰা তুলি গৰমে গৰমে টমেট’ ছচ্ বা পদিনাৰ চাটনিৰ সৈতে পৰিবেশন কৰক।

মালপোৱা

উপকৰণ: ময়দা ১ কাপ,দৈ ডাঙৰ ১ চামুচ,চেনি ১ চামুচ,ইলাচি গুড়ি আধা চামুচ,ঘিউ ১ চাহ চামুচ, পানী ২ ডাঙৰ চামুচ আৰু ভাজিবৰ বাবে তেল।
প্ৰণালী: চেনি,ময়দা,দৈ আৰু ঘিউ ভালকৈ মিহলাই লওক। পানী দি ভালকৈ ঘোল বনাওক। এতিয়া ইলাচি গুড়ি দি ঘোলখিনিৰে এটা এটাকৈ পিঠাৰ দৰে ভাজি মালপোৱা বনাওক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here