29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

দক্ষিণ আফ্ৰিকাৰ খনিত লাভ বিশ্বৰ দ্বিতীয় বৃহত্তম হীৰা

spot_img
# নিউজ ডেস্ক #

মাত্র ১১ দিনৰ ব্যৱধানতেই দক্ষিণ আফ্রিকাৰ বৎসৱানাৰ খনিত পোৱা গ’ল আৰু এটি বৃহৎ হীৰাৰ টুকুৰা। আয়তনৰ দিশৰ পৰা উক্ত হীৰা বিশ্বৰ দ্বিতীয় বৃহত্তম বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। বিগত ১ জুনত উক্ত বৎসৱানাৰ পৰাই এটি ১ হাজাৰ ৯৮ কেৰেটৰ হীৰাৰ টুকুৰা উদ্ধাৰ কৰিছিল ডেবছৱানা ডায়মণ্ড নামৰ এটি কোম্পানীয়ে। তাৰ পিছত ১২ জুনত উদ্ধাৰ হ’ল ১ হাজাৰ ১৭৪ কেৰেটৰ আৰু এটুকুৰা হীৰা। কানাডাৰ কোম্পানী লুকাৰা ডায়মণ্ডে খননকার্য চলাই এই হীৰাটুকুৰা উদ্ধাৰ কৰিছে।

কোম্পানীটোৰ মেনেজিং ডিৰেক্টৰ নাচিম লাহৰিয়ে এই সন্দৰ্ভত কয়, ‘‘বৎসৱানা আৰু আমাৰ বাবে এই বিষয়টো ঐতিহাসিক।’’ তেওঁ জনোৱা মতে, আয়তনৰ বিচাৰত নতুনকৈ আৱিষ্কৃত এই হীৰা খণ্ডই বৰ্তমান বিশ্বৰ দ্বিতীয় বৃহত্তম। উদ্ধাৰ হোৱাৰ পিছত বৎসৱানাৰ মন্ত্ৰীসভাৰ হাতত তুলি দিয়া হয় হীৰা খণ্ডটি।

উল্লেখ্য, ইয়াৰ পূৰ্বে বিশ্বৰ দ্বিতীয় বৃহত্তম হীৰা আছিল লেছেডি লা ৰোনা। যাৰ ওজন ১ হাজাৰ ১০৯ কেৰেট। সেইটুকুৰাও বৎসৱানাৰ খনিৰ পৰা আৱিষ্কাৰ কৰিছিল লুকাৰা ডায়মণ্ডে। ১৯০৫ চনত দক্ষিণ আফ্রিকাৰ পৰাই উদ্ধাৰ হৈছিল বিশ্বৰ বৃহত্তম হীৰা— ৩ হাজাৰ ১০৬ কেৰেটৰ ‘কুলিনান’।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img