27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

পশ্চিমবংগত আৰম্ভ হ’ল ‘ষ্টুডেণ্ট ক্রেডিট কার্ড’ আঁচনি

spot_img

# নিউজ ডেস্ক #

বংগত আৰম্ভ হ’ল নতুন ছাত্র ঋণ ব্যৱস্থা। ষ্টুডেণ্ট ক্রেডিট কার্ড (Student Credit Card) নামৰ এখন কার্ড প্ৰৱৰ্তন কৰে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। দশম শ্রেণীৰ পৰা স্নাতকোত্তৰ পর্যন্ত ছাত্র-ছাত্ৰীসকলে যিকোনো সময়ত পঢ়া-শুনা সংক্রান্তীয় প্রয়োজনত এই ঋণ ব্যৱহাৰ কৰিব পাৰিব।

ছাত্ৰ ঋণ লাভ কৰাৰ চৰ্ত

মমতা বেনাৰ্জীয়ে বুধবাৰে এই ছাত্র ক্রেডিট কার্ড আনুষ্ঠানিকভাবে উদ্বোধন কৰে৷ এই আঁচনিত স্নাতক আৰু স্নাতকোত্তৰ আনকি চিকিৎসা বিজ্ঞান, আইএএছ, আইপিএছ, ডব্লিউবিচিএছ, কোনো ডিপ্লমা পঢ়াৰ বাবে ছাত্র-ছাত্ৰীসকলে যিকোনো সময়ত এই ঋণ লাভ কৰিব পাৰে। ইয়াৰ উপৰি বেংক, ৰে’লৱে, ষ্টাফ ছিলেকচন কমিছন বা অন্য কোনো পেছাদাৰী পাঠ্যক্রমৰ বাবেও ছাত্র-ছাত্ৰীসকলে কোনো বৈধ প্রতিষ্ঠানত পঢ়া-শুনা কৰিলে এই ঋণ পাব পাৰে। ছাত্র ঋণত সর্বোচ্চ ১০ লাখ টকা পর্যন্ত ল’ব পাৰিব।

আবেদনকাৰীৰ বয়স হ’ব লাগিব ৪০ বছৰৰ ভিতৰত। ঋণৰ ম্যাদ ১৫ বছৰ পর্যন্ত। পাঠ্যক্ৰম চলি থাকোঁতে যিকোনো সময়ত এই কার্ডৰ বাবে আবেদন কৰিব পাৰে। আবেদন কৰিব পাৰিব- www.wb.gov.in পৰ্টেলত৷ টোল ফ্ৰী নম্বৰ 18001028014৷

ক্রেডিট কার্ড ব্যৱহাৰৰ বাবে আবেদনকাৰীয়ে স্ব-ঘোষণা দিলেই হ’ব। অৱশ্যে চর্তানুযায়ী তেওঁ প্ৰায় ১০ বছৰ পশ্চিমবঙ্গৰ বাসিন্দা হ’ব লাগিব। ঋণৰ ক্ষেত্রত গেৰাণ্টৰ স্বয়ং চৰকাৰ।

এই ঋণৰ সুতৰ হাৰ ৪ শতাংশ। সৰল সুতৰ হাৰত ঋণ পৰিশোধ কৰিব লাগিব। এই ঋণৰ মাজতেই ছাত্র বা ছাত্ৰীগৰাকীক এটি জীৱন বীমা কৰাই দিয়া হ’ব। উক্ত বীমাৰ প্রিমিয়াম শিক্ষার্থীয়ে ঋণৰ কিস্তিৰ লগতেই দিব লাগিব।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img