27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

ব্যক্তিগতকৰণৰ বাবে সম্পূৰ্ণ সাজু কেন্দ্ৰ : এলআইচিৰ শীর্ষ পদবীৰ আন্তঃগাঁথনি সলনি

spot_img
# নিউজ ডেস্ক #

চলিত বিত্তীয় বর্ষতেই বজাৰত প্রথম শ্বেয়াৰ (আইপিঅ’) এৰিব পাৰে ভাৰতীয় জীৱন বীমা নিগমে (এলআইচি)। তাৰ প্রস্তুতি আৰম্ভ কৰি দিলে কেন্দ্রই। নিয়ন্ত্রকৰ বিধি মানি শীর্ষ পদৰ পুনর্গঠন কৰিবলৈ আগবাঢ়িছে ৰাষ্ট্ৰীয়কৃত সংস্থাটি। চেয়াৰমেনৰ পদ বিলুপ্ত কৰি সৃষ্টি কৰা হ’ব চীফ এক্সিকিউটিভ অফিচাৰ (চিইঅ’) আৰু মেনেজিং ডিৰেক্টৰ (এমডি) পদ। ইয়াৰ বাবে বিত্তীয় সেৱা বিভাগৰ জৰিয়তে লাইফ ইনঞ্চুৰেন্স কর্প’ৰেচন অব ইণ্ডিয়া (কর্মচাৰী) পেঞ্চনসহ কিছু বিধি সংশোধন কৰি বিজ্ঞপ্তি জাৰি কৰিছে কেন্দ্রই।

উল্লেখ্য, চলিত বছৰত ব্যক্তিগতকৰণৰ জৰিয়তে ১.৭৫ লাখ কোটি টকা ৰাজকোষলৈ সংগ্ৰহৰ সিদ্ধান্ত লৈছে কেন্দ্রই। দুটা ৰাষ্ট্ৰীয়কৃত আৰু এটি সাধাৰণ বীমা সংস্থাক ব্যক্তিগতকৰণৰ লগতে, প্রথমবাৰৰ বাবে বজাৰত এৰা হ’ব এলআইচিৰ শ্বেয়াৰ। ইয়াৰ বাবে সংস্থাটোত অনুমোদিত নিজৰ শ্বেয়াৰ মূলধন বৃদ্ধি কৰি ২৫,০০০ কোটি টকা কৰিছে চৰকাৰে। তাৰ লগতে বজাৰত শ্বেয়াৰ এৰাৰ বাবে সংশ্লিষ্ট বিধিতো পৰিৱৰ্তন ঘটাইছে বিত্ত মন্ত্রালয়ে। সেই অনুযায়ী, পঞ্জীয়নৰ সময়ত কোনো কোম্পানীৰ মুঠ শ্বেয়াৰ সম্পদ ১ লাখ কোটি টকাৰ বেছি হ’লে, আৰম্ভণিতে তেওঁলোকৰ শ্বেয়াৰৰ ৫% বজাৰত এৰিলেই হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img