27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

spot_img

মানস প্ৰতিম গগৈ

মানচিত্ৰ আৰু কিছু তথ্য :

মুঠ মাটিকালিঃ ২৩৪.২৬ বৰ্গ কিলোমিটাৰ

ডিব্ৰুগড় জিলাত পৰিছে ১১০.৫৯ বৰ্গ কিলোমিটাৰ,

তিনিচুকীয়া জিলাত পৰিছে ১২৩.৬৭ বৰ্গ কিলোমিটাৰ

পূব অসম চাৰ্কোলৰ ডিব্ৰুগড় ডিভিজন আৰু ডিগবৈ ডিভিজনৰ অন্তৰ্গত জয়পুৰ ৰেঞ্জৰ অধীনত ১১০. ৩৪ বৰ্গকিলোমিটাৰ আৰু চৰাইপুং ৰেঞ্জৰ অধীনত ১২৩. ৯১ বৰ্গকিলোমিটাৰ

(উৎসঃ বন বিভাগ, অসম চৰকাৰ)

ৰাজ্যবাসী তথা প্ৰকৃতিপ্ৰেমী সকলৰ বাবে সু খবৰ কঢ়িয়াই দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচপে ঘোষনাৰ পাছতেই প্ৰকৃতি পৰ্যটনৰ নতুন দুৱাৰ মুকলি হোৱাৰ স্থল সৃষ্টি হ’ল। অসমৰ সপ্তম খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানে যথেষ্ট সম্ভাৱনা কঢ়িয়াই আনিছে।দিহিং পাটকাই অভয়াৰণ্য যদিওঁ‌ ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি হ’লেও প্ৰকৃতিপ্ৰেমী সকলে দিহিং পাটকাইক বৰ্ষাৰণ্য বুলি কৈ বেছি ভাল পায়। এই অভয়াৰণ্যৰ অৰণ্য আৰু বৃক্ষ-বিন্যাস অসমৰ প্ৰকৃতি ইতিহাসত এক বিস্ময়৷ কোনো প্ৰকৃতিপ্ৰিয় ব্যক্তি, প্ৰকৃতি বিজ্ঞানী বা প্ৰকৃতি ইতিহাসৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই অৰণ্যৰ উদ্ভিদৰাজি নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ গৱেষণা তথা অনুসন্ধানৰ বিষয়৷ অসমৰ অন্যান্য অভয়াৰণ্য প্ৰত্যক্ষ কৰাৰ পিছত কোনোবাই যদি এই অভয়াৰণ্যৰ উদ্ভিদৰাজি প্ৰত্যক্ষ কৰে, তেনেহ’লে তেওঁ এই তাৰতময় বৰ সহজেই উপলব্ধি কৰিব পাৰিব৷ স্তন্যপায়ী বন্যপ্ৰাণীৰ বৈচিত্ৰ্যৰ ফালৰ পৰাও এই অৰণ্য অতি সমৃদ্ধ৷ ৪০ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী পোৱা যায় এই অভয়াৰণ্যত৷ এই চল্লিশ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণীৰ ভিতৰত ১৮টা প্ৰজাতি স্তন্যপায়ী বন্যপ্ৰাণী বিশ্বব্যাপী লুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাত অন্তৰ্ভুক্ত৷ এই লুপ্তপ্ৰায় স্তন্যপায়ী বন্যপ্ৰাণীবোৰ হ’ল– হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, গোধা ফুটুকী, হিমালয়ৰ ভালুক, মাটি ভালুক, কেঁকোৰাখোৱা নেউল, হলৌ বান্দৰ, লাজুকী বান্দৰ, টুপীমূৰীয়া বান্দৰ, গাহৰিনেজীয়া বান্দৰ, ষ্টাম্পটেল মেকাক, ৰাং কুকুৰ, বনৰৌ, দেওশৰ, হালধীয়া মাৰটিন ইত্যাদি৷ এই বৰ্ষাৰণ্য সংৰক্ষণৰ লগতে এই গোটেইবোৰ প্ৰজাতিৰ সংৰক্ষণৰ দিশটো ওতপ্ৰোতভাৱে যুক্ত হৈ আছে৷ এই অভয়াৰণ্য তথা বৰ্ষাৰণ্য বান্দৰজাতীয় প্ৰাণীৰ বৈচিত্ৰ্য্যৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে সৰ্বোৎকৃষ্ট৷ এই অঞ্চলৰ নিচিনা সাতটা প্ৰজাতিৰ বান্দৰজাতীয় প্ৰাণী ভাৰতৰ আন কোনো অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত স্বাভাৱিক পৰিস্থিতিত দেখা পোৱা নাযায়৷

বনৰীয়া চৰাইৰ ক্ষেত্ৰত দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যান অতি সমৃদ্ধ৷ এই অঞ্চলত ৩০০টা প্ৰজাতিৰ বনৰীয়া চৰাইক নথিভুক্ত কৰা হৈছে, যাৰ ভিতৰত বহুকেইটা প্ৰজাতিৰ সংখ্যা অত্যন্ত কম তথা বিশ্বব্যাপী লুপ্তপ্ৰায়৷ উল্লেখযোগ্য যে এই অঞ্চলৰ চৰাইৰ বৈচিত্ৰ্য্যৰ সন্দৰ্ভত এক অধ্যয়ন চলোৱা হৈছিল৷ এই অধ্যয়নত নেচাৰ্চ বেকন, বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি আৰু বাৰ্ড লাইফ ইণ্টাৰনেচনেল নামৰ এটা সংস্থাই একত্ৰিতভাৱে কাম কৰিছিল৷ এই অধ্যয়নৰ পিছত এই অঞ্চলক IBA অৰ্থাৎ Important Bird Area Site বুলি প্ৰতিপন্ন কৰা হৈছে৷ এই অঞ্চলত পোৱা যায় পাঁচটা প্ৰজাতিৰ ধনেশ চৰাই, বিভিন্ন প্ৰজাতিৰ শেন, ঈগল, হুদু অৰ্থাৎ মাংসহাৰী চিকাৰী চৰাই, ভদৰকলী, মৌপিয়া, হাইঠা, ফেঁচু, ভীমৰাজ, ৰূপহী, চুলতান টিট্‌, বুলবুলি, ট্ৰগন, ডৰিক, বাঢ়ৈটোকা, শিলকপৌ ইত্যাদি চৰাই৷ পৃথিৱীৰ অন্যতম দুষ্প্ৰাপ্য বনৰীয়া হাঁহ তথা অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ এক উৎকৃষ্ট বাসস্থান এই অঞ্চল৷ পৃথিৱীৰ ভিতৰতে দেওহাঁহৰ সংখ্যা ইয়াতে বেছি৷

বিভিন্ন প্ৰজাতিৰ পখিলা আৰু হেজাৰ হেজাৰ পতংগৰ বাসস্থান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অঞ্চল; সৰীসৃপ আৰু উভচৰ গোষ্ঠীৰ কিছুমান আপুৰুগীয়া প্ৰজাতি পোৱা যায় এই অঞ্চলত৷অঞ্চলটো এক অতি গুৰুত্বপূৰ্ণ হস্তী বসতি অঞ্চল৷ ভাৰত চৰকাৰৰ হস্তী প্ৰকল্পত এই অঞ্চলক সামৰি লোৱা হৈছে৷ ফলত হস্তী সংৰক্ষণৰ বা হাতী প্ৰকল্পৰ কৃতকাৰ্যতা বহুখিনি নিৰ্ভৰ কৰিছে অঞ্চলটোৰ অৰণ্য সংৰক্ষণৰ ওপৰত৷ ইয়াৰ বাহিৰেও বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী, যেনে– শৰ পহু, সুগৰি পহু, কেটেলা পহু, জহামাল, নেউল, লতামাকৰি, হেপা, কেৰ্কেটুৱা ইত্যাদিও আছে এই অৰণ্যত যথেষ্ট৷ বন্যপ্ৰাণীৰ প্ৰাচুৰ্য, পৰিস্থিতিভিত্তিক বৈশিষ্ট্য আৰু ব্যাপ্তিয়ে দিহিং পাটকাই অঞ্চলক এক অসাধাৰণ মাত্ৰা প্ৰদান কৰিছে৷ উজনি অসমৰ পৰ্যটন শিল্পৰ ভৱিষ্যৎ বহুখিনি নিৰ্ভৰ কৰিছে এই অঞ্চলৰ ওপৰত৷ কিয়নো উজনি অসমৰ দিহিং পাটকায়েই একমাত্ৰ অঞ্চল, যিয়ে পৰ্যাপ্ত পৰিমাণে আন্তৰ্জাতিক আৰু ঘৰুৱা পৰ্যটকক এই অঞ্চললৈ আকৃষ্ট কৰিব পাৰে৷ এই অঞ্চলক কেন্দ্ৰ কৰি পৰ্যটন শিল্প গঢ়ি উঠাৰ বাবে যি সুবিধা আৰু সমল আছে, উজনি অসমৰ ক’তো তেনেকুৱা নাই৷ এই অঞ্চলত পৰ্যটন শিল্প গঢ়ি উঠাৰ সুবিধাখিনি লৈ যদি আমি আলোচনা কৰো, তেনেহ’লে আমাৰ ওচৰত ইয়াৰ সম্ভাৱনাৰ কথা স্পষ্ট হৈ উঠিব৷ প্ৰথমতে এই অঞ্চল এক অবিশ্বাস্য বৰ্ষাৰণ্য তথা বন্যপ্ৰাণী সমৃদ্ধ অঞ্চল৷ এই বৰ্ষাৰণ্য আৰু ইয়াৰ বন্যপ্ৰাণীয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰকৃতিপ্ৰেমী পৰ্যটকক আকৰ্ষিত কৰিব পাৰে৷ দ্বিতীয়তে এই অঞ্চল বানপানীৰ দ্বাৰা আক্ৰান্ত অঞ্চল নহয়, ফলত বছৰৰ যিকোনো ঋতুতেই ইয়াত ভ্ৰমণ কৰিব পাৰি৷ তৃতীয়তে এই অঞ্চলত বৰ সহজে গাড়ী লৈ, মটৰ চাইকেল লৈ, চাইকেলেৰে বা খোজকাঢ়িও যাব পৰা যায়৷ ডিব্ৰু-ছৈখোৱা বা পানীদিহিং অঞ্চলৰ অভ্যন্তৰত যেনেকৈ গাড়ী লৈ যোৱা সম্ভৱ নহয়, তেনেকুৱা অসুবিধা ইয়াত নাই৷ চতুৰ্থতে এই অভয়াৰণ্য বিভিন্ন চহৰৰ লগত পকী ৰাস্তাৰে সংযোজিত৷ ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান, মাকুম, ডিগবৈ, নাহৰকটীয়া, নামৰূপ, জয়পুৰ ইত্যাদি সমস্ত অঞ্চলৰ পৰা এই অঞ্চললৈ নিয়মিত বাছ চলাচল কৰে৷ পঞ্চমতে ভাৰতৰ বিভিন্ন প্ৰান্ত তথা মহানগৰীবোৰৰ পৰা ৰে’লেৰে অহা-যোৱাৰ সুবিধা আছে৷ দিল্লী, কলকাতা, গুৱাহাটী, বাগডোগ্ৰা ইত্যাদিলৈকে নিয়মিত বিমান সেৱাৰ ব্যৱস্থা ইতিমধ্যেই এই অঞ্চলত প্ৰচলিত৷ ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা গাড়ীৰে এই অঞ্চললৈ যাবৰ বাবে সময় লাগে দুঘণ্টা৷ পৰ্যটকসকলে এই অঞ্চলত যিবোৰ সুবিধা গ্ৰহণ কৰিব পাৰে, ভাৰতৰ বেলেগ কোনো অভয়াৰণ্যত বা ৰাষ্ট্ৰীয় উদ্যানত তেনেকুৱা সুবিধা বিৰল৷ এই অঞ্চলত চৰাই পৰ্যবেক্ষণ কৰিব পাৰি, জংঘল ট্ৰেকিং, মেমাল্‌ছ ৱাচিং, ৰাফটিং, এলিফেণ্ট ৰাইডিং, জংঘল কেম্প, নেচাৰ ফটোগ্ৰাফী ইত্যাদি সকলোধৰণৰ অৰণ্যভিত্তিক কাম-কাজ এই অভয়াৰণ্যত হ’ব পাৰে, যিবোৰৰ বাবে পৰ্যটকসকল ব্যাকুল হৈ থাকে৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান প্ৰধান দ্ৰষ্টব্য স্থান হিচাপে বাছি লৈ পৰ্যটকসকলে অৰুণাচলৰ বিভিন্ন স্থান, যেনে– খুনছা, দেওমালী, বৰদুৰীয়া, আনকি তেজু, পাছিঘাট, মালিনী থান ইত্যাদি দৰ্শনৰো সুবিধা ল’ব পাৰে৷ দিহিং-পাটকাই পৰিভ্ৰমণ কৰাৰ পিছত পৰ্যটকসকলে শিৱসাগৰ জিলাৰ বিভিন্ন মন্দিৰ আৰু স্থাপত্য পৰিদৰ্শন কৰিব পাৰে৷ মুঠতে বৰ্ষাৰণ্য তথা দিহিং-পাটকাই এনেকুৱা এটা অঞ্চল, যিখনে বিশ্ব পৰ্যটকক এই অঞ্চলৰ পিনে আকৃষ্ট কৰিব৷ ফলত এই অঞ্চলৰ ওচৰ-পাজৰৰ পৰ্যটনস্থলীবোৰো তাৰ দ্বাৰা উপকৃত হ’ব৷ দিহিং-পাটকাইক কেন্দ্ৰ কৰি তাৰ চাৰিওপিনৰ জনজাতীয় কৃষ্টি-সংস্কৃতি আৰু জীৱনশৈলী পৰ্যবেক্ষণ কৰাৰো প্ৰত্যক্ষ সুযোগ পায় পৰ্যটকসকলে৷ দিহিং-পাটকাই তথা বৰ্ষাৰণ্যৰ চাৰিওপিনে যিবোৰ গাঁও আছে, তাৰ মানুহবোৰ অতিথিপৰায়ণ তথা সহযোগিতা আগবঢ়োৱাত কাৰ্পণ্য নকৰে৷নাহৰকটীয়া জয়পুৰবাসীয়ে ভাৰতৰ প্ৰথম বৰ্ষাৰণ্য উৎসৱৰ সময়ত এই কথাৰ সত্যতা প্ৰমাণিত কৰি থৈছে। সেই সময়ত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা পৰ্যটকসকলক যিদৰে আদৰ-আপ্যায়ণ কৰিছিল, তাৰ বাবে সমগ্ৰ অসমবাসী গৰ্বিত হোৱা উচিত ৷

দিহিং-পাটকাই অভয়াৰণ্যত পৰ্যটন :

দিহিং-পাটকাই অভয়াৰণ্য প্ৰকৃতি পৰ্যটকসকলৰ বাবে আদৰ্শ ঠাই৷ ডিব্ৰুগড় আৰু তিনিচুকীয়া হৈ নাহৰকটীয়া জয়পুৰ হৈ সহজতে এই অভয়াৰণ্যত সোমাব পাৰি৷ ডিগবৈ, ডুমডুমা, মাৰ্ঘেৰিটাৰ পৰাও সহজতে অভয়াৰণ্যত যাব পৰা যায়৷ ৰে’ল, বাছ আৰু বিমানৰ যোগাযোগ ব্যৱস্থা এই অঞ্চলত নিয়মিত ৰূপত আছে৷ নিকটতম বিমান বন্দৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ৷ থকা-মেলাৰ বাবে ডিব্ৰুগড়, দুলীয়াজান, নাহৰকটীয়া, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিগবৈ, ডুমডুমা আদি স্থানত পৰ্যাপ্ত ব্যৱস্থা আছে৷ ডিগবৈ, ডুমডুমা আৰু জয়পুৰত বন বিভাগৰ বাংলো আছে৷ বছৰৰ যিকোনো সময়তে অভয়াৰণ্যত যাব পাৰি৷ অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কোনো স্থানত গাড়ীৰে যাব পৰা বাট-পথ আছে৷ এই অৰণ্য খোজকাঢ়ি ফুৰাৰ বাবেও অতি উত্তম ঠাই৷ বাৰিষাৰ সময়ত অভয়াৰণ্যৰ মাজেৰে প্ৰৱাহিত হোৱা বুঢ়ীদিহিং নদী আৰু নামচাং নদীত ‘ৰাফটিং’ কৰাৰ সুবিধা আছে৷ নদী পথেৰে নাৱেৰে অৰণ্যৰ অভ্যন্তৰত সোমাব পাৰি৷ অৰণ্যত তমবু তৰাৰ ব্যৱস্থা আছে৷ দিহিং-পাটকাই অভয়াৰণ্য চৰাই পৰ্যবেক্ষকসকলৰ বাবেও অত্যন্ত আদৰ্শ ঠাই৷ অৰণ্যৰ দাঁতিত টিপামফাকে গাঁৱত বৌদ্ধ মন্দিৰ অন্যতম দ্ৰষ্টব্য স্থান৷ অভয়াৰণ্যৰ দাঁতিৰ গাঁওবোৰত জনগোষ্ঠীয় সংস্কৃতি বহুতৰ বাবে আগ্ৰহৰ বিষয় হ’ব পাৰে৷ বিশেষকৈ মাৰ্ঘেৰিটা মহকুমাত বসবাস কৰা জনগোষ্ঠী ক্ৰমে চিংফৌ, চেমা, টাংচা, টাইফাকে, খামিয়াং আদি জনগোষ্ঠীৰ সংস্কৃতি দিহিং পাটকাই চাবলৈ অহা পৰ্যটক সকলে মাৰ্ঘেৰিটাক কেন্দ্ৰ কৰি অধ্যয়ন কৰিব পাৰে।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এটা সুকীয়া ইতিহাস আছে৷ প্ৰায় ২৫ বছৰ ধৰি নেচাৰ্চ বেকনৰ নেতৃত্বত অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে যি আন্দোলন হৈছিল, তাৰ ফলস্বৰূপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিচেম্বৰ, ২০২০ চনত বৰ্ষাৰণ্যৰ ২৩১.৬৫ বৰ্গ কিলোমিটাৰ অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰে৷ অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ ইতিহাসত এই ঘোষণা এটা যুগান্তকাৰী ঘটনা৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানবোৰৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় উদ্যান৷ জীৱ-বৈচিত্ৰ্য্ৰ তুলনামূলক বিচাৰত অসমৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় উদ্যান আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান৷ ৪০ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, ৩৮০ প্ৰজাতিতকৈ অধিক প্ৰজাতিৰ বনৰীয়া চৰাই, ৪২ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ২০৫ প্ৰজাতিৰ পোক-পতংগ [যাৰ মাজত পখিলা আৰু মথবোৰো আছে], ৫২ প্ৰজাতিৰ বনৰীয়া মাছ, ১০৭ প্ৰজাতিৰ অৰণ্যকেৰু [Orchids], ১৬০ প্ৰজাতিতকৈ অধিক গছ-গছনি এতিয়ালৈকে এই ৰাষ্ট্ৰীয় উদ্যানত নথিভুক্ত কৰা হৈছে৷ এই আপুৰুগীয়া বৰ্ষাৰণ্য আৰু তাৰ জীৱ-বৈচিত্ৰ্য আমাৰ পৰম্পৰা, ইয়াক সংৰক্ষণ দিয়াৰ দায়িত্ব এতিয়া আমাৰ প্ৰত্যেকৰ৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ গৌৰৱ, ইয়াক ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকৰে জাতীয় কৰ্তব্য ৷

মাৰ্ঘেৰিটা, মোবাইলঃ- ৯৭০৬৩৯৬৮৭৬

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img