27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

শুৱালকুছিৰ বস্ত্ৰ শিল্প ৰক্ষাৰ দায়িত্ব কাৰ ?

spot_img

# ডঃ নিহাৰ ৰঞ্জন কলিতা #

১৯৯১ চনৰ পৰা আৰম্ভ হোৱা নতুন অৰ্থনৈতিক যুগত ভাৰতৰ উদ্যোগ জগতৰ নৱজাগৰণ আৰম্ভ হয়৷ স্বাধীনতাৰ পাছৰ পৰা দেশত দেখা দিয়া সমাজবাদী ধাৰণাৰ আৰ্থিক কাঠামোৱে নতুন আৰ্থিক পৰিৱেশত নব্যৰূপ ধাৰণ কৰে৷ বৃহৎ বৃহৎ পুঁজিপতিৰ আগ্ৰাসী পদক্ষেপে কুটীৰ শিল্পতো দূৰৰ, কথা দেশৰ প্ৰতিষ্ঠিত বহু উদ্যোগৰ আকাশ-বন্তি কাললৈ নিৰ্বাপিত কৰাৰ উপক্ৰম হয়৷ ক্ৰমাৎ উদ্যোগ জগতত তীব্ৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিয়ে দেখা দিয়ে আৰু বহুতো ৰুগ্নপ্ৰায় উদ্যোগ বন্ধ হৈ পৰে৷ তেনে এক জটিল পৰিস্থিতিত অসমকে ধৰি ভাৰতৰ বহু প্ৰতিষ্ঠিত থলুৱা উদ্যোগ স্তিমিত হৈ পৰে৷

বৃহৎ পুঁজিপতিৰ বিজ্ঞাপন নিৰ্ভৰ বিক্ৰী ব্যৱস্থাই পৰম্পৰাগত উদ্যোগসমূহৰ বজাৰ সীমিত কৰি আনে৷ সমাজত নতুনকৈ সৃষ্টি হোৱা ভোগবাদী চিন্তাধাৰাই গ্ৰাহকক নতুন সামগ্ৰীৰ প্ৰতি আসক্তি বঢ়াই তোলাৰ পৰিপ্ৰেক্ষিতত থলুৱা কুটীৰ উদ্যোগত উৎপাদিত পৰম্পৰাগত সামগ্ৰীবোৰৰ বজাৰ সংকুচিত হয়৷ সেই সময়তে অসমৰ বেছিভাগ কুটীৰ শিল্প বন্ধ হৈ যায়৷

ফাইল ফটো

কিন্তু এই ক্ষেত্ৰত শুৱালকুছি ৰেছম কাপোৰৰ থলুৱা উৎপাদনে এক বিশেষ কৃতিত্ব দাবী কৰিব পাৰে৷ কিয়নো কুৰি শতিকাৰ শেষৰ দুটা দশকত থলুৱা উদ্যোগৰ প্ৰতি অহা নানান আহুকালৰ মাজতো শুৱালকুছিৰ পাট-মুগা কাপোৰ উদ্যোগৰ পৰিধি বিস্তাৰিত হয়৷ বিভিন্ন কাৰণত থলুৱা উদ্যোগটোৰ পৰিসৰ বৃদ্ধি পায়৷ পূৰ্বতে কেৱল শুৱালকুছিৰ চাৰিসীমাতে আবদ্ধ থকা তাঁতশাল বৃহত্তৰ শুৱালকুছিৰ অন্য ঠাইলৈও পৰিবৰ্ধিত হয়৷ কিন্তু দুৰ্ভাগ্যৰ কথা শুৱালকুছিবাসীয়ে বিগত তিনিটা দশকত যি গভীৰ প্ৰত্যয়েৰে শিল্পটোৰ লগত সম্পৃক্ত হৈ আছিল আজি তেনে পৰিৱেশ নাই৷

সময়ৰ কালচক্ৰই শিল্পটোৰ সোণালী দিনৰ অতি কম সময়তে যেন যতি পেলালে৷ বৃহৎ পুঁজিপতিৰ ক্ষতিকৰ আগ্ৰাসনতো বিতত নোহোৱা শুৱালকুছিৰ শিপিনী-উদ্যোগীয়ে কিয় আজি দিক্‌বিদিক হেৰুৱাই পেলাবলগীয়া হৈছে সেয়া বিশ্লেষণৰ অতি প্ৰয়োজন৷ কৌটিকলীয়া প্ৰশ্নটো হৈছে– এই শিল্পটো ৰক্ষাৰ দায়িত্বনো দৰাচলতে কাৰ? শুৱালকুছিৰ শিপিনীৰ? শুৱালকুছিৰ উদ্যোগীৰ? নে শুৱালকুছিবাসীৰ? এইক্ষেত্ৰত চৰকাৰৰ দায়িত্ব বা কৰ্তব্য কি?

ৰাজ্যখনৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে হস্ততাঁত বস্ত্ৰ উদ্যোগে৷ দেশৰ অন্য ৰাজ্যৰ তুলনাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজুলীচালিত তাঁতশালৰ পৰিমাণ অতি নগণ্য৷ অঞ্চলটোৰ কৃষ্টি-সংস্কৃতিৰ লগত একাকাৰ হৈ থকা হস্ততাঁতৰ থলুৱা উদ্যোগটো কৃষিৰ পাছতে এক অন্যতম জীৱন নিৰ্বাহৰ বিকল্প৷ সৰ্বভাৰতীয় পৰ্যায়ৰ তথ্য বিশ্লেষণ কৰিলে হস্ততাঁতত অসমৰ স্থান কেনেকুৱা সেয়া সহজে বুজিব পাৰি (তালিকা নং-১)৷

ফাইল ফটো

তালিকা নং-১ : হস্ততাঁত জড়িত পৰিয়াল

ৰাজ্য         গ্ৰাম্য পৰিয়াল      নগৰীয়া পৰিয়াল      সৰ্বমুঠ পৰিয়াল
অসম         ১২,৫২,১৮৮      ১৭,৩১৮              ১২,৬৯,৫০৬
পশ্চিমবংগ      ৪,৬৭,৭২৮       ৪,৮২৯                 ৫,৪২,৫৫৭
মণিপুৰ          ১,৯২,৪৩১      ২৯,৪২৪                 ২,২১,৮৫৫
তামিলনাডু      ১,৪৪,৫৭৩      ৬৫,০০৯               ২,০৯,৫৮২
ত্ৰিপুৰা           ১,৩৫,০০১        ২,৪৫৪                ১,৩৭,৪৫৫
উত্তৰ প্ৰদেশ        ৮৭,৪১২      ৪৩,৭০৮               ১,৩১,১২০
অন্ধ্ৰপ্ৰদেশ          ৭৭,০৬৪        ৫,৫৭৯                ১,২২,৬৪৪
অৰুণাচলপ্ৰদেশ    ৮৪,০১৪        ৯,৩০০                  ৯৩,৩১৪
ওড়িশা            ৬১,২০৫        ২,০১৮                  ৬৩,২২৩
মেঘালয়           ৪২,৬৪৭           ১০৮                  ৪২,৭৫৫
ভাৰত         ২৭,৪৮,৪৪৫   ৩,৯৬,৩৯৪             ৩১,৪৪,৯৩৯

উৎস : চতুৰ্থ হস্ততাঁত পিয়ল, ২০১৯-২০, বস্ত্ৰ মন্ত্ৰালয়, নতুন দিল্লী৷

তালিকা নং ১ৰ পৰা দেখা যায় যে ভাৰতৰ হস্ততাঁত থকা পৰিয়ালৰ মুঠ সংখ্যা প্ৰায় ৩১.৪৫ লাখ আৰু তাৰে প্ৰায় ১২.৭০ লাখ পৰিয়ালেই অসমৰ৷ এই ক্ষেত্ৰত হস্ততাঁত থকা দহখন শ্ৰেষ্ঠ ৰাজ্যৰ প্ত খনেই উত্তৰ-পূৰ্বাঞ্চলৰ৷ এই তথ্যই দেখদেখকৈ অসমৰ স্থান সৰ্বভাৰতীয় পৰ্যায়ত কেনে সেয়া প্ৰকাশ কৰে৷ কোৱা বাহুল্য যে অসমৰ ভিতৰতে বাণিজ্যিকভাৱে হস্ততাঁতত জড়িত হৈ থকা অঞ্চল হিচাপে শুৱালকুছিৰ এক বিশেষ নাম আছে৷ গাঁওখনৰ ভৌগোলিক সীমাত থকা প্ৰায় ৬ হেজাৰ পৰিয়ালৰ এক বুজন অংশ তাঁতশিল্পৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত৷

ইয়াৰোপৰি বিগত তিনি দশকত শুৱালকুছিৰ দাঁতিকাষৰীয়া অঞ্চল যেনে বামুন্দী, লাহ, সোৱনচাহ, দামপুৰ, ৰামদিয়া, টোক্ৰাদিয়া, বংশৰ, গন্ধমৌ, শিঙিমাৰী আদিলৈও তাঁতশালৰ বাণিজ্যিকীকৰণৰ প্ৰভাৱ পৰিছে৷ পাট-মুগা-তছ-এড়ী শালত বোৱা মেখেলা-চাদৰ, চেলেং চাদৰ, ৰিহা, শাৰী আদি নানান ৰেছমী কাপোৰে আমাৰ বয়ন শিল্পক চহকী কৰিছে৷ স্মৰ্তব্য যে কেৱল শুৱালকুছি অঞ্চলতে প্ৰায় ২০ হাজাৰ লোক শিল্পটোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত৷ বৃহত্তৰ শুৱালকুছিৰ সকলো অঞ্চল সামৰিলে এই পৰিমাণ আৰু দুগুণ হ’ব৷

ফাইল ফটো

শ্ৰমজনিত শিল্পটোৱে তাৰ উৎপাদনজনিত প্ৰক্ৰিয়াত শুৱালকুছিৰ বাহিৰৰ পৰা অহা প্ৰব্ৰজিত শিপিনী-যোগালীৰ বাবেও জীৱন নিৰ্বাহৰ দ্বাৰ মুকলি কৰিছে৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে নানান সমস্যাৰ মাজতো মানুহক কৰ্মসংস্থাপন দিয়া এই উদ্যোগটো বৰ্তমান এক নিৰাপত্তাৰহিত অৱস্থাৰ মাজেৰে যাত্ৰা কৰি ক্ৰমাৎ ৰুগ্নপ্ৰায় হোৱাৰ উপক্ৰম হৈছে৷

উদ্যোগটো ক্ৰমান্বয়ে দুৰ্বল হোৱা কাৰণবোৰ ফঁহিয়াই চোৱাৰ কথা শুৱালকুছিৰ বাবে নতুন নহয়৷ যোৱা দহবছৰে বস্ত্ৰশিল্পত ব্যৱহৃত সৰু-বৰ সকলো কেঁচামালৰ মূল্যবৃদ্ধি, দক্ষ শ্ৰমিকৰ অভাৱ, সস্তীয়া বিকল্প কাপোৰৰ প্ৰভাৱ, পৰম্পৰাগত আৰ্হিসমূহৰ নকলীকৰণ, বজাৰ ব্যৱস্থাৰ আঁসোৱাহ, মূলধনৰ অভাৱ আদি নানা কাৰকে আমাৰ বাপতিসাহোন শিল্পটোক পংগু কৰি অনাটো কি ৰাইজ, কি চৰকাৰ সকলোৰে বোধগম্য৷ কিন্তু কথাটো হ’ল– মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে? শুৱালকুছিৰ শতিকা পুৰণি থলুৱা উদ্যোগটোৱে সময়ভেদে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাটো স্বাভাৱিক৷ এই সমস্যাসমূহৰ পৰিত্ৰাণ বিচাৰি আগবাঢ়ি যোৱাটো প্ৰতিজন শুৱালকুছিবাসীৰ কাম্য৷

ফাইল ফটো

সমস্যাসমূহৰ সমাধান সকলোৱে হাতে-কামে ধৰিলেই হোৱাটো ধুৰূপ৷ কিন্তু কেৱল আবেগক সাৰথি কৰি আস্ফালন কৰিলেই সদুত্তৰ নোলায়৷ কথাটো আমাৰ থলুৱা উদ্যোগটোৰ সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ কোৱা বাহুল্য যে, শ্ৰমনিবিড় এই থলুৱা উদ্যোগটো জীয়াই ৰাখিবলৈ বয়নৰ প্ৰতিটো কাৰ্মতে শ্ৰমিকৰ অতি প্ৰয়োজন৷ শুৱালকুছিৰ শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে বুলি মহাত্মা গান্ধীয়ে শুৱালকুছি ভ্ৰমণকালত যি প্ৰশংসাবাণী শুনাইছিল সেয়া সৰোগত কৰি থাকিলেই আমাৰ শিল্পটো ৰক্ষা নপৰে৷ শিল্পটো ৰক্ষাৰ স্বাৰ্থত আমাৰ নতুন প্ৰজন্ময়ো বয়নৰ মূল কৰ্মৰ প্ৰতি আগ্ৰহী হ’ব লাগিব৷ কোৱা বাহুল্য যে, যোৱা শতিকাবোৰত আমাৰ শিল্পটোৰ সামগ্ৰিক সম্প্ৰসাৰণৰ মূলতে আছিল সূলভ শ্ৰমিকৰ পয়োভৰ৷

শুৱালকুছিৰ প্ৰতিগৰাকী আই-মাতৃয়ে মুগা সূতা কটা, পাট লোৱা, মহুৰা-ববিন বটা আদি শিল্পটোৰ আনুসংগিক কামবোৰত পাৰ্গত আছিল৷ লগতে বয়নৰ প্ৰতিটো কামত হাত উজান দিছিল পৰিয়ালৰ পুৰুষসকলেও৷ কুৰি শতিকাৰ নব্বৈ দশকত অসমৰ অন্যান্য ঠাইৰ পৰাও শ্ৰমিকৰ সোঁত বোৱাত লাহে লাহে স্থানীয় লোকসকল শিপিনী হোৱাৰ পৰিৱৰ্তে তাঁতশালৰ মালিক (উদ্যোগী) ৰূপে নিজকে প্ৰক্ষেপিত কৰিব লয়৷ এই প্ৰৱণতাৰ যোগাত্মক ফলবোৰেই দৰাচলতে আমাৰ শিল্পটোৰ সংবৰ্ধনৰ মূল৷ কিন্তু শুৱালকুছিবাসীৰ উদ্যোগী মনোভাবেই সময়ত অন্য এক ঋণাত্মক কথা মুখ্য কাৰণ হিচাপে চিনাক্ত হ’ল৷ সেয়া হ’ল– বয়ন শিল্পৰ কৰ্মবোৰত আত্মনিৰ্ভৰশীলতাৰ অবলুপ্তি৷

ফাইল ফটো

পৰিয়ালত থকা তাঁতশালত পৰিয়ালৰ সকলো সদস্যই হাতে-কামে উজান দিয়াৰ প্ৰৱণতা ‘উদ্যোগীৰ’ পৰিয়ালত দুৰূহ হৈ পৰিল৷ মজুৰিভিত্তিক কৰ্মৰে তাঁতশালৰ পৰিসৰ বৃদ্ধি কৰাৰ নিয়মে ঘৰৰ শিপিনী-যোগালীক একাষৰীয়া কৰিলে আৰু তাৰ ঠাইত প্ৰব্ৰজিত শ্ৰমিকক নিযুক্তি দিয়াৰ নিয়ম প্ৰৱৰ্তিত হ’ল৷ মুস্তিমেয় কেইগৰাকীমান স্থানীয় শিপিনীয়ে নিজৰ তাঁতশালত কাপোৰ বোৱাৰ পৰিৱৰ্তে গাঁওখনত বৃহৎ বৃহৎ তাঁতশালৰ ফেক্টৰী স্থাপন হ’ল৷ কুৰি শতিকাৰ শেষৰ ফালে কুটীৰ উদ্যোগটোৰ এনে ৰূপান্তৰে গাঁওখনৰ আৰ্থ-সামাজিক পৰিৱেশৰো আমূল পৰিৱৰ্তন সাধিলে৷ ক্ৰমান্বয়ে তাঁতশাল বাঢ়িল যদিও পূৰ্বৰ পৰিয়ালে প্ৰতি থকা তাঁতশাল হ্ৰাস হ’ল আৰু তাৰ ঠাইত থূপীকৃত তাঁতশালৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিলে৷ তাঁতশালৰ মালিকসকলে (উদ্যোগী) শ্ৰমিক নিযুক্তি দি শিপিনী-যোগালীৰ বয়ন কাৰ্য সমাপন কৰা আৰম্ভ হ’ল৷

বৰ্তমান শিল্পটোত অহা ৰুগ্নতা এই আত্মনিৰ্ভৰশীলতা হেৰুওৱাৰ বাবে মূলত দায়ী৷ সময়ৰ গতিত শ্ৰমিক দুৰ্লভ হৈ অহা বাবে গাঁওখনত শালৰ সংখ্যাও হোৰাহোৰে কমিবলৈ ধৰিলে৷ স্থানীয় লোকৰ কামৰ প্ৰতি (বয়ন কাৰ্য) অনীহা-অজ্ঞতাই সদ্যহতে এক নতুন সমস্যাৰ সৃষ্টি কৰিছে৷ পৰম্পৰাগত সীমিত জ্ঞানেৰে উদ্যোগী হোৱা নতুন চামে পৰিস্থিতিত দিক্‌বিদিক হেৰুৱাই বৃথা আস্ফালন কৰাৰ বাহিৰে এতিয়া গত্যন্তৰ নাই৷ চাৰিওফালে কায়িক শ্ৰমৰ প্ৰতি মোহ হেৰুওৱা অৱস্থাত কিদৰে ৰক্ষা কৰা যায় শুৱালকুছিৰ শ্ৰমনিবিড় কুটীৰ শিল্পক? এফালে শুৱালকুছিবাসীৰ ঐতিহ্য ৰক্ষাৰ তাড়না, আনফালে সমস্যাৰে জৰ্জৰিত কঠোৰ বাস্তৱ৷

ফাইল ফটো

 

সমাজত ৰেছম কাপোৰৰ বৰ্ধিত চাহিদাই শুৱালকুছিক আশাৰ ৰেঙণি দেখাইছে যদিও পূৰ্বৰ তাঁতশালবোৰ সচল কৰিবলৈ ক’ত পোৱা যায় দক্ষ শ্ৰমিক? গাঁওখনত যোৱা বছৰলৈ থকা বাহিৰৰ শ্ৰমিকখিনিও কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত হোৱা লকডাউনত নিজৰ নিজৰ ঠাইলৈ গমন কৰিলে৷ পৰিৱৰ্তিত পৰিৱেশত তেওঁলোকৰ পুনৰোগমনৰ আশা ক্ষীণ৷ তেনেক্ষেত্ৰত শিল্পটোৰ পুৰণিকলীয়া ঐতিহ্য বৰ্তাই ৰখাৰ স্বাৰ্থত কিছুমান সিদ্ধান্ত নতুনকৈ কঠোৰভাৱে লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ কিছুমান কথা বাস্তৱসন্মত কথাৰে চালিজাৰি চাই আগবাঢ়িলে সুফল কিছু হ’লেও পোৱা যাব৷ স্মৰণীয় যে, ১৯৪০ দশকত শুৱালকুছিৰ কেইজনমান নমস্য ব্যক্তিৰ দৃঢ় পদক্ষেপে শুৱালকুছিৰ তাঁতশালৰ উৎপাদনশীলতা বৃদ্ধি কৰিছিল৷ এইক্ষেত্ৰত স্বৰ্গীয় কালিৰাম কাৰিকৰৰ তাঁতশালত উৰণীয়া মাকোঁ (Fly Shuttle)ৰ ব্যৱহাৰিক পদক্ষেপ উল্লেখনীয়৷

পৰম্পৰাগত তাঁতশালত উৰণীয়া মাকোঁৰ ব্যৱহাৰে শালত কাপোৰ বোৱাৰ বৃত্তিক এক নতুন মাত্ৰা দিছিল আৰু কালক্ৰমত ইয়ে আমাক বাণিজ্যিকভাৱে ৰেছম বস্ত্ৰ উৎপাদন কৰিবলৈ উদগনি দিছিল৷ সময়ত হস্ততাঁত শালৰ স্থানীয়কৰণ বিশেষভাৱে শুৱালকুছিত হোৱাৰ ইয়ো এক অন্যতম কাৰণ৷ যিসময়ত অসমৰ গাঁৱে-ভূঁয়ে হস্ততাঁত থকাটো সাধাৰণ কথা, কেৱল মাত্ৰ উৰণীয়া মাকোঁৰ ব্যৱহাৰেই আমাক অন্যসকলতকৈ এঢাপ আগবঢ়াত সহায় কৰিছিল৷ কথাটো এইবাবেই উল্লেখ কৰা হ’ল যে সময়ৰ লগত খাপখুৱাই আগবাঢ়িবলৈ হ’লে শুৱালকুছিৰ শিপিনী-উদ্যোগীয়েও কেৱল মাত্ৰ কাপোৰৰ আৰ্হি পৰিবৰ্তনতে ক্ষান্ত নাথাকি তাঁতশালৰ আৰ্হিৰ বিষয়েও ভাবিবলৈ হ’ল৷

ফাইল ফটো

শেহতীয়াভাৱে বজাৰত সম্পূৰ্ণ স্বয়ংক্ৰিয় তাঁতশালৰ উপৰি আধা স্বয়ংক্ৰিয় তাঁতশালো উপলব্ধ৷ বিজুলীচালিত তাঁতশালে আমাৰ ঐতিহ্য বিনাশ কৰাৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি আমি বিকল্প হিচাপে অৰ্ধস্বয়ংক্ৰিয় তাঁতশালতো গুৰুত্ব দিব পাৰো৷ কিয়নো যি সময়ত হস্ততাঁতত নিয়োজিত লোকৰ পৰিমাণ কমি আহিছে বা অদূৰ ভৱিষ্যতে তেনে লোকৰ যোগান বৃদ্ধি পোৱাৰো সম্ভাৱনা নাই তেনে পৰিপ্ৰেক্ষিতত থলুৱা উদ্যোগটো মৰহি নোযোৱাৰ স্বাৰ্থত আমি তেনে পদক্ষেপ ল’বই লাগিব৷ অৱশ্যে এই ক্ষেত্ৰত আৰু কিছু চিন্তা-চৰ্চা কৰাৰ অৱকাশ আছে৷ শুৱালকুছিত উৎপাদিত পাট-মুগাৰ কাপোৰৰ যি চাহিদা সেয়া অসমৰ অন্য ঠাইৰ বাবেও লোভনীয় কথা৷

সেয়েহে শুৱালকুছিক আদৰ্শ হিচাপে লৈ অসমৰ অন্য ঠাইতো ‘দ্বিতীয় শুৱালকুছি’ স্বৰূপ তাঁতশিল্প ভিত্তিক গাঁও প্ৰতিষ্ঠাৰ যো-জা আজি বহু বছৰৰ পৰা চলি আহিছে৷ শুৱালকুছিতকৈ অন্য ঠাইত (বিশেষকৈ গ্ৰামাঞ্চলত) শ্ৰমিকৰ সুচলতাই সহজতে শুৱালকুছিৰ দৰে তাঁত স্থাপন কৰাত অৰিহণা যোগাইছে৷ তেনেক্ষেত্ৰত উৎপাদনৰ নতুন পদক্ষেপে আমাৰ মৰ্যাদা তথা সত্ত্বাৰ কোনো যাতে হানি-বিঘিনি নহয় তাৰ প্ৰতি সচেতন হ’ব লাগিব৷ অন্যথা যান্ত্ৰিকীকৰণৰ পদক্ষেপ হিতে বিপৰীত হ’ব৷ এই ক্ষেত্ৰত শুৱালকুছিৰ শিল্পক ‘ভৌগোলিক নিৰ্দেশক’ (Geographical Indicator) প্ৰদান এক উচিত ব্যৱস্থা হ’ব৷ এই দায়িত্ব অৱশ্যে সম্পূৰ্ণ চৰকাৰৰ৷

শেহতীয়াভাৱে গাঁওখনত তাঁতশালৰ পৰিমাণ হ্ৰাস এক গভীৰ উদ্বেগৰ কাৰণ৷ উৎপাদিত সামগ্ৰীৰ বজাৰ আছে যদিও কুটীৰ উদ্যোগত উৎপাদন বৰ্তাই ৰখাটোৱে এক গভীৰ প্ৰত্যাহ্বানৰ কথা৷ উল্লেখনীয় যে যিকোনো শ্ৰমজাত থলুৱা উদ্যোগত এবাৰ যদি শিল্পটোৰ শিকলি পৰিয়ালৰ পৰা ছিঙি যায় তাক পুনৰ পৰৱৰ্তী পৰ্যায়ত জোৰা দিয়া অসম্ভৱ৷ সহজ ভাষাত কোনো পৰিয়ালত কষ্টৰে তাঁতশাল বৈ থাকিলেও এবাৰ যদি সেই তাঁতশাল নোহোৱা হয় সেই পৰিয়ালৰ নতুন প্ৰজন্মই দুনাই তাঁতশাল নাপাতে৷

ফাইল ফটো

সেয়েহে শুৱালকুছিত সীমিত হ’লেও এতিয়াও যিসকলে শিল্পটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে তেওঁলোকক শিল্পটোৰ মূল কৰ্মটোৰ লগত বিচ্ছিন্ন হ’ব নিদিয়াটো আমাৰ দায়িত্ব৷ শুৱালকুছিৰ বস্ত্ৰ শিল্পত শুৱালকুছিৰ মূল সীমাৰ লোকক জড়িত কৰি ৰখাটো অতি প্ৰয়োজনীয়৷ এই ক্ষেত্ৰত এক বিকল্প চিন্তাধাৰাৰ অতি প্ৰয়োজন৷ ব্যৱসায়িক মনোবৃত্তি আৰু উদ্যমিতা এই দুয়োটা গুণ অবিহনে বৰ্তমানৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিত স্থানীয় শিল্প বজাই ৰখাটো সম্ভৱপৰ নহয়৷ এই ক্ষেত্ৰত শুৱালকুছিৰ ৰাইজ সজাগ হ’লেহে আমাৰ থলুৱা শিল্পটো ৰক্ষা হ’ব৷

এনে পৰিস্থিতিত আমি এক বাস্তৱসন্মত পদক্ষেপৰ দিহা কৰিব পাৰো৷ শুৱালকুছিৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত গাঁওখনৰ তিনিখন পঞ্চায়তৰ প্ৰায় ৫৮৫৪টা পৰিয়ালে (তালিকা নং ২) অতি কমেও দুখন তাঁতশালো যদি যিকোনো উপায়ে বৰ্তাই ৰখাৰ সংকল্প লয় তেনেহ’লে আমাৰ গৌৰৱপূৰ্ণ দিন পুনৰ উজলি উঠিব৷ কোৱা বাহুল্য যে, ৫,৮৫৪ টা পৰিয়ালৰ ১,১৭০ খন তাঁতশাল আমি যিকোনো উপায়ে সক্ৰিয় কৰি ৰাখিব পাৰিলে আমাৰ শিল্পৰ জ্যোতি সৰ্বদা অক্ষুণ্ণ থাকিব৷ প্ৰশ্ন আহে – এই তাঁতশালত শ্ৰমিক পোৱা যাব ক’ত? আমি আগতে উল্লেখ কৰা মতে যদি অৰ্ধস্বয়ংক্ৰিয় তাঁতশাল পৰিয়ালে প্ৰতি ব্যৱহাৰ কৰা হয় আমাৰ সমস্যাৰ কিছু উত্তৰ ওলাব৷

ফাইল ফটো

আমাৰ এই হিচাপ অতি সৰল৷ গাঁৱৰ স্থানীয় ৰাইজে একত্ৰিত হৈ কাম কৰিলে শিল্প ৰক্ষাৰ আৰু নতুন নতুন সূত্ৰ আৱিষ্কাৰ হ’ব৷ কিন্তু তাকে নকৰি চৰকাৰমুখী হৈ হাত সাবটি বহি থাকিলে আমাৰ অৱস্থা কেতিয়াও ভাল নহ’ব৷ এই কামবোৰত শুৱালকুছিৰ বাহিৰে অন্য লোকে আহি হাত উজান দিব বুলি ভবাটো অলীক কল্পনা মাথোঁ৷

তালিকা নং-২ : শুৱালকুছিত পঞ্চায়ত ভিত্তিক পৰিয়াল

ৱাৰ্ড পূব পঞ্চায়ত   মধ্য পঞ্চায়ত পশ্চিম পঞ্চায়ত
১       ১৬০           ২০৩            ১৭৩
২       ১২০            ১৮২            ২৫২
৩      ১৫৮           ২২২            ১৮৭
৪       ২৫৯           ১০৭            ৩২৭
৫       ১৭৫           ১৯৪            ২৪৯
৬      ২৩৩           ২৩৯           ২১৭
৭       ১৯৮           ১০৪           ১৯২
৮      ২০৩           ১৪৯            ১৫৫
৯      ১৬২            ১১৩           ১৫৯
১০     ২৫০            ২৬৯           ২৪৩
মুঠ   ১৯১৮          ১৭৮২          ২১৫৪
সৰ্বমুঠ ৫৮৫৪

উৎস : শুৱালকুছি হস্ততাঁত জৰীপ, ২০১৬, কামৰূপ জিলা প্ৰশাসন

ফাইল ফটো

বিকাশ, সেয়া সাধাৰণ ৰাইজৰ অফুৰন্ত সহায়-সহযোগিতাৰ ফল৷ অৱশ্যে আৰ্থিক প্ৰতিযোগিতাই অনা নৱ বিন্যাসমূলক পৰিস্থিতিত চৰকাৰৰ ‘শিল্প’ ৰক্ষাৰ দায়িত্ব অধিক৷ বিশেষকৈ শুৱালকুছিৰ দৰে আপাতত ক্ষুদ্ৰ শিল্পক সৰ্বতোপ্ৰকাৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব চৰকাৰী প্ৰশাসন যন্ত্ৰৰ৷ কিন্তু বিধিৰ বিপাক, কিবা এক অজান কাৰণত ৰাইজে বিচৰামতে শুৱালকুছিৰ শিল্পটোক সহায় কৰাৰ প্ৰয়াস চৰকাৰীভাৱে আজিকোপতি হোৱা নাই৷ ৰাজ্যিক চৰকাৰৰ হস্ততাঁত আৰু ৰেছম বিভাগ, কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়, কেন্দ্ৰীয় ৰেছম বোৰ্ড, হস্ততাঁত আৰু হস্তশিল্প বিকাশ প্ৰাধিকৰণ আদি নানান বিয়াগোম বিয়াগোম অনুষ্ঠান থকাৰ পাছতো শুৱালকুছিৰ শিল্পটোক বুজা লোকৰ অভাৱ৷ আমাৰ স্থানীয় সমস্যৰ জটিলতা নুবুজি কেৱল ওপৰে ওপৰে আলেখ ল’লেই শুৱালকুছিৰ সমস্যা সমাধান নহয়৷ তুলনামূলকভাৱে সীমিত ব্যৱসায়িক জ্ঞানেৰে ঠেক গণ্ডীৰ হস্ততাঁতৰ কাৰুকাৰ্যক বহল পৰিসৰলৈ বৃদ্ধি কৰাত সক্ষম হোৱা শুৱালকুছিৰ শিপিনী উদ্যোগীৰ আত্মপ্ৰত্যয় বৃদ্ধিৰ বাবে এক অভিভাৱকৰ দৰকাৰ৷ সেই অভিভাৱকৰ দায়িত্ব চৰকাৰে পালন কৰাৰ বাহিৰে বিকল্প নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img