29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

কলিয়াবৰৰ আদৰ্শ কৃষক প্ৰদীপ শইকীয়াই নৱপ্ৰজন্মক দেখুৱাইছে আদৰ্শ

প্ৰতিদিনে ১৫০ লিটাৰ দুগ্ধ উৎপাদন, ৰবিশস্যৰে বাৰ্ষিক ১০ লক্ষাধিক টকা উপাৰ্জন

spot_img

# কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ #

সমগ্ৰ ৰাজ্যত নিবনুৱা সমস্যাই শিক্ষিত যুৱক-যুৱতীসকলক হতাশাগ্ৰস্ত কৰি তোলাৰ সময়তে কলিয়াবৰৰ এজন যুৱকে চাকৰিমুখী মনোবৃত্তিৰ পৰিৱৰ্তে কৃষি ক্ষেত্ৰত আত্মনিয়োগ কৰি স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে নৱ-প্ৰজন্মকো স্বাৱলম্বী হোৱাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। কলিয়াবৰত কৃষি ক্ষেত্ৰত আদৰ্শ দেখুওৱা এইগৰাকী কৃষক হৈছে প্ৰদীপ শইকীয়া। কলিয়াবৰৰ বাসুদেৱবাৰী গাঁৱৰ প্ৰয়াত খৰ্গেশ্বৰ শইকীয়া আৰু বুলুমাই শইকীয়াৰ পুত্ৰ প্ৰদীপ শইকীয়াই পঢ়ি থকাৰ দিনৰ পৰাই কৃষিকৰ্মৰ লগত জড়িত যদিও শিক্ষা গ্ৰহণ সামৰি চাকৰিমুখী চিন্তাৰ পৰিৱৰ্তে কৃষিকৰ্মত আত্মনিয়োগ কৰে।

কৃষিকৰ্মৰ লগতে ১৯৯১ চনত দুজনী বৰ্ণসংকৰ গাইগৰু পোহপালনেৰে দুগ্ধ উৎপাদন কৰা কৃষকগৰাকীয়ে এক লক্ষ্যত আগবাঢ়ে। দুজনী গৰু পোহপাল দি স্বাৱলম্বী হোৱাৰ সপোন দেখা প্ৰদীপ শইকীয়াই বৰ্তমান  পঞ্চাশটা বৰ্ণসংকৰ জাতৰ গৰু পালন কৰি প্ৰতিদিনেই প্ৰায় ১৫০ লিটাৰ দুগ্ধ উৎপাদন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি প্ৰায় তিনি হেক্টৰ মাটিত ধানখেতিৰ লগতে আলু, সৰিয়হ, বেলিফুল, গোমধান, ৰঙালাউ, বিলাহী, জিকাকে প্ৰমুখ্য কৰি বিভিন্ন ৰবিশস্যৰ খেতি কৰি বাৰ্ষিক প্ৰায় দহ লক্ষ টকা উপাৰ্জন কৰি পৰিয়াল পৰিচালনাৰে এক স্বাৱলম্বী স্বচ্ছ জীৱন অতিবাহিত কৰিছে।

আদৰ্শ কৃষকগৰাকীয়ে নিজে কৰ্মত নিয়োজিত হোৱাৰ উপৰি সত্যেন্দ্ৰ আৰু মুকুল দুই ভাতৃকো চাকৰিমুখী চিন্তাৰ পৰিৱৰ্তে কৃষিকৰ্মত জড়িত কৰোৱাৰ লগতে পাঁচজন ব্যক্তিক কৰ্মত নিয়োজিত কৰি  এক আদৰ্শ দেখুওৱাইছে। কঠোৰ পৰিশ্ৰমী, আত্মবিশ্বাসী, দৃঢ় মনৰ এইগৰাকী কৃষক কৃষি বিভাগৰ যথোপযুক্ত সহায়ৰ পৰাও বঞ্চিত হৈ আহিছে। যিসময়ত চৰকাৰে কৃষকৰ উন্নয়নৰ বাবে ট্ৰেক্টৰ, পাৱাৰ টিলাৰকে প্ৰমুখ্য কৰি খেতিত ব্যৱহৃত বিভিন্ন সা-সুবিধা প্ৰদান কৰি আহিছে, সেই সময়তো এইগৰাকী কঠোৰ পৰিশ্ৰমী আদৰ্শ কৃষকে চৰকাৰে দিয়া সুবিধাবোৰৰ উপৰি কৃষক সন্মান নিধিৰ ধন আৰু চৰকাৰী আদৰ্শ কৃষক সন্মানৰ পৰাও বঞ্চিত হৈ আহিছে।

চৰকাৰৰ বিভাগীয় বিষয়াক তৈল্যমৰ্দনৰ জৰিয়তে সুবিধা আদায়ৰ পৰিৱৰ্তে নিজৰ কৰ্মত আত্মবিশ্বাসী কৃষকগৰাকীয়ে প্ৰতিদিনেই পৰিশ্ৰম কৰি উৎপাদন বৃদ্ধিত আত্মনিয়োগ কৰি এক স্বচ্ছ, স্বাধীন আৰু স্বাৱলম্বী জীৱনেৰে  সমাজত এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।নিজৰ মনৰ ভাব ব্যক্ত কৰি আদৰ্শ কৃষকগৰাকীয়ে কয়, ‘স্বাৱলম্বী হ’বলৈ এক দৃঢ় মন লাগিব। পৰিশ্ৰম, একাগ্ৰতা, ধৈৰ্যৰে আত্মনিয়োগ কৰিব পাৰিলে সফলতা লাভ কৰিব পাৰি। উচ্চশিক্ষা লাভ কৰি এটা চৰকাৰী চাকৰি লাভ কৰিবলৈ সকলোৱেই সপোন দেখে। চাকৰিৰ সন্ধান কৰি থাকিলেও নিজৰ খেতিমাটিখিনিতো উৎপাদনমুখী কৰ্ম কৰাৰ লগতে পশুধন পোহপালন কৰিও স্বনিৰ্ভৰশীল হ’ব পাৰি।

কৃষক প্ৰদীপ শইকীয়াৰ এনে কৰ্মই নৱ-প্ৰজন্মকো দেখুৱাইছে এক স্বাৱলম্বী জীৱনৰ পথ। কৃষি আৰু পশুপালনেৰে  স্বাৱলম্বী জীৱনৰ পথ দেখুওৱা আদৰ্শ কৃষকগৰাকীক চৰকাৰ আৰু কৃষি বিভাগে যথোপযুক্ত সহায়-সহযোগিতা, সন্মান আগবঢ়াই উদগনি দিলে অনাগত দিনত সমাজত বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে স্বনিৰ্ভৰশীল বাটত বাট বুলিব বুলিও ৰাইজে আশা কৰিছে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img