27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

কোভিড সন্ত্ৰাস : স্বামীহাৰা মহিলালৈ মুখ্যমন্ত্ৰীৰ বিশেষ আৰ্থিক সাহায্য

spot_img

# নিউজ ডেস্ক #

কোভিড মহামাৰীৰ সন্ত্ৰাসত বহু পৰিয়াললৈ হঠাতে অমানিশা নামিল। আপোনজনক হেৰুৱাই বেদনাহত অগণন পৰিয়াল। স্বামীহাৰা হ’ল বহু মহিলা। কোভিডত স্বামীহাৰা হোৱা মহিলাসকললৈ কিছু আর্থিক সকাহ দিয়াৰ উদ্দেশ্যৰে অসম চৰকাৰে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ২.৫০ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ আঁচনি লৈছে।

প্রথম পর্যায় হিচাপে ৮৭৪গৰাকী মহিলাক চেক প্রদানৰ ব্যৱস্থা কৰা হয়৷ অলপতে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এটি বিশেষ অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই তেনে ১৭৬গৰাকী মহিলাক চেক প্রদান কৰে। বাকীসকলে অহা শনিবাৰ আৰু দেওবাৰে বিভিন্ন জিলাৰ দায়িত্বত থকা ‘অভিভাৱক মন্ত্রী’সকলৰ হাতৰ পৰা চেক গ্রহণ কৰিব পাৰিব বুলি ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img