27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

অধিকাংশ ৰাজহুৱা খণ্ডৰ বেংকেই পৰ্যায়ক্ৰমে ব্যক্তিগতকৰণ কৰা হ’ব : কেন্দ্ৰীয় বিত্ত সচিব

spot_img

# নিউজ ডেস্ক #

পৰ্যায়ক্ৰমে চৰকাৰে অধিকাংশ ৰাজহুৱা খণ্ডৰ বেংকৰেই ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় বিত্ত সচিব টি ভি সোমনাথনে এই কথা কয়। সোমনাথনে ১৩ জুলাইত ইণ্ডিয়া পলিচী ফ’ৰাম,২০২১ত কয় যে ইয়াৰ উল্লিখিত নীতি অনুসৰি  চৰকাৰে এই খণ্ডটোত কেৱল নিম্নতম উপস্থিতিহে বজাই ৰাখিব৷ অৱশ্যে তেওঁ স্পষ্ট কৰে যে এইবোৰ তেওঁৰ ব্যক্তিগত দৃষ্টিভংগীহে। সোমনাথনে National Council of Applied Economic Research (NCAER)-এ আয়োজন কৰা ফ’ৰামত এই কথা কয়৷

“এতিয়া চৰকাৰৰ গুৰুত্ব হৈছে ৰাজহুৱা খণ্ডৰ বেংকসমূহ ৰাজহুৱা খণ্ডতে থাকিব লাগিব বোলা স্থিতিৰ পৰা ওলাই অহাটো। আমি ঘোষণা কৰিছোঁ যে বেছিভাগ ৰাজহুৱা খণ্ডৰ বেংক পৰ্যায়ক্ৰমে ব্যক্তিগতকৰণ কৰা হ’ব… পৰ্যায়ক্ৰমে ব্যক্তিগতকৰণ কৰা আৰু প্ৰকৃতাৰ্থত সেইবোৰৰ ব্যক্তিকৰণ কৰা বুলি কোৱাটো দুটা পৃথক কথা, কিন্তু আমি সেইবোৰৰ ব্যক্তিগতকৰণত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছোঁ। আৰু বেংকিং হৈছে সেই খণ্ডবোৰ খণ্ডৰ ভিতৰত এটা, য’ত কেৱল এক নিম্নতম ৰাজহুৱা খণ্ডৰ বেংকহে অৱশেষত থাকিব৷ সেয়া হৈছে উল্লিখিত নীতি৷” তেওঁ কয়।

সোমনাথনে লগতে কয় যে চৰকাৰী ৰাজসাহায্যৰ এক পৰিৱৰ্তনৰ প্ৰয়োজন, যাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে পৰ্যাপ্ত অৰ্থনৈতিক সমৰ্থন প্ৰদান কৰাৰ বাবে সংস্কাৰৰ প্ৰয়োজন। ৰাজসাহায্য সংস্কাৰ হৈছে বিত্তীয় উন্নয়নৰ এক মুখ্য উপাদান, অন্যান্য উপায় হৈছে ৰাজহুৱা ব্যয়ৰ দক্ষতা উন্নত কৰা। সোমনাথনে শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিক এনে ক্ষেত্ৰ হিচাপে আলোকপাত কৰে য’ত ৰাজকোষে ইয়াৰ ব্যয় দক্ষতা উন্নত কৰাৰ প্ৰয়োজন।

বিত্ত সচিবগৰাকীয়ে লগতে উল্লেখ কৰে যে জিএছটি ফাইলিং পৰ্টেল, যিটো বিভিন্ন ভুল-ত্ৰুটিৰ দ্বাৰা পীড়িত হৈ আছে, সেয়া ঠিক কৰা হৈছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো অতিৰিক্ত উন্নতিৰ পৰিকল্পনা কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img