27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

আগষ্টৰ পৰা তেল উত্তোলন বৃদ্ধিৰ সিদ্ধান্ত অ’পেকৰ

ভাৰতত কমিবনে ইন্ধনৰ মূল্য?

spot_img

# নিউজ ডেস্ক #

অহা আগষ্ট মাহৰ পৰা প্রতি মাহত পৃথককৈ দিনত ৪ লাখ বেৰেলকৈ তেল উত্তোলন বৃদ্ধি কৰিবলৈ একমত হ’ল তেল ৰপ্তানিকাৰী দেশবোৰৰ সংগঠন অ’পেক আৰু তাৰ সহযোগী দেশবোৰ। লগতে পৰৱৰ্তী বছৰৰ মে’ মাহৰ পৰা পাঁচখন দেশৰ তেল উত্তোলনত নিৰ্ধাৰণ কৰা সীমা পৰ্যায়ক্ৰমে বৃদ্ধি কৰিবলৈও ৰাজী হৈছে সংস্থাটো। দেশকেইখন হৈছে ইৰাক, চৌডি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট আৰু ৰাছিয়া। অৱশ্যে ইয়াৰ ফলত ভাৰতত তেলৰ দাম কমিবনৈ নাই, সেই দিশত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ।

উল্লেখ্য, ভাৰতত পাঁচ ৰাজ্যত নিৰ্বাচন শেষ হোৱাৰ পিছৰ পৰাই ৰেকর্ড গড়ত একেলেথাৰিয়ে বাঢ়ি আছে তেলৰ মূল্য। ইন্ধনৰ এই আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে নিত্যপ্রয়োজনীয় পণ্য আৰু যাতায়াতত। শুল্ক কমোৱাৰ দাবী উঠিলেও, তাত কাণসাৰ নিদি পেট্র’ল আৰু ডিজেলৰ ৰেকর্ড মূল্যৰ বাবে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্যকেই দোষী কৰিছে মোডী চৰকাৰে। অ’পেক আৰু তাৰ সহযোগী দেশবোৰক বাৰম্বাৰ মূল্য হ্ৰাসৰ আবেদনো জনাইছিল নতুন দিল্লীয়ে। এইবাৰ তেলৰ উত্তোলন বৃদ্ধিত যদি মূল্য কমে, তেনে সৰ্বসাধাৰণে সামান্য হ’লেও স্বস্তি লাভ কৰিব ভাবে সংশ্লিষ্ট মহলে।

উল্লেখ্য, যোৱা বছৰ কৰোনাৰ প্রথম ঢৌত বিশ্বজুৰি হ্ৰাস পাইছিল তেলৰ চাহিদা। যাৰ ফলত এটা সময়ত খাৰুৱা তেলৰ মূল্য ৰেকৰ্ড হাৰত নামিছিল। তাৰ পিছতেই মূল্য বৃদ্ধি কৰিবলৈ দিনত ৰেকর্ড ১ কোটি বেৰেল উৎপাদন হ্ৰাসৰ কথা জনায় অ’পেকে। পৰৱর্তী সময়ত অৱশ্যে উত্তোলন ৪২ লাখ বেৰেল বঢ়ায় তেওঁলোকে। এইবাৰ উক্ত উত্তোলন আৰু বৃদ্ধিৰ পথত আগবাঢ়িছে সংগঠনটো।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img