27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

ডিএৰ পিছত এইবাৰ ঘৰভাড়া ভাট্টা বাঢ়িব কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰীৰ

spot_img

নিউজ ডেস্ক

সম্প্রতি মোডী চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ বৃদ্ধি কৰিছে।  এইবাৰ বৃদ্ধি কৰিবলৈ আগবাঢ়িছে এইচআৰএ (Housing Rent Allowence) অৰ্থাৎ ঘৰভাড়া ভাট্টা। ৰিপোর্ট অনুযায়ী, আগষ্ট মাহত কর্মচাৰীসকলে বৰ্ধিত মাত্ৰাত দৰমহা একাউণ্টত এইচআৰএ পাবলৈ আগবাঢ়িছে৷ চৰকাৰী জাননী অনুসৰি, ডিএ ২৫ শতাংশৰ বেছি হোৱাৰ কাৰণে এইচআৰএ বৃদ্ধি কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ এইচআৰএ বৃদ্ধি কৰি ২৭ শতাংশ কৰা হৈছে ৷ ৭ জুলাই, ২০১৭ চনৰ এক জনোৱা হৈছিল যে জানানো হয় যে ডিএ ২৫ শতাংশৰ বেছি হ’লে এইচআৰএ সংশোধন কৰা হ’ব ৷ ১ জুলাইৰ পৰা কর্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰি ২৮ শতাংশ কৰা হৈছে৷ ফলত এইবাৰ এইচআৰএ সংশোধন হ’বলৈ আগবাঢ়িছে।

বিত্ত মন্ত্ৰালয়ে জনোৱা মতে, কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকৰ চহৰ অনুযায়ী এইচআৰএ পাব৷ চহৰবোৰক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে -এক্স, ৱাই আৰু জেড। সংশোধনৰ পিছত এক্স কেটেগৰিৰ চহৰৰ বাবে এইচআৰএ মুঠ বেতনৰ ২৭ শতাংশ হ’ব ৷ ৱাই কেটেগৰিৰ ক্ষেত্রত ১৮ শতাংশ আৰু জেড কেটেগৰিৰ ক্ষেত্রত ৯ শতাংশ।

কোনো চহৰৰ জনসংখ্যা ৫ লাখৰ বেছি হ’লে সেইখন ডেজ কেটেগৰিৰ পৰা ৱাই কেটেগৰিলৈ উন্নীত কৰা হ’ব। তেতিয়া ৯ শতাংশৰ স্থানত ১৮ শতাংশ এইচআৰএ পাব। ৫০ লাখৰ বেছি জনসংখ্যা হ’লে সেই চহৰ এক্স কেটেগৰিত পৰে৷ তিনিটা কেটেগৰিত ন্যূনতম এইচআৰএ ৫৪০০,৩৬০০, ১৮০০ টকা ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img