বটা চৰাই

0
170

“হুৰ হুৰ বটা চৰাই, মোৰ ধান নাখাবি
“তোক দিম গোটা কৰায়।“

Japanese Quail - eBird

ই কথাষাৰৰ পৰা গম পোৱা যায় যে “বটা চৰাই আমাৰ খেতিয়ক সকলৰ মাজত ধান খাবলৈ অহা এবিধ বনৰীয়া চৰাই হিচাপে পৰিচিত।
কিন্তু তলত👇যি বিধ বটা চৰাইৰ বিষয়ে আলোচনা কৰা হৈছে সেইবিধ আমাৰ ধাননি পথাৰত দেখা বটা চৰাইতকৈ ডাঙৰ আৰু ইয়াক বিজ্ঞানসন্মতভাৱে পুহি থকা হৈছে ।
জাপানৰ বিজ্ঞানীসকলে সৰ্ব্বপ্ৰথমে বনৰীয়া বটা চৰাইক বাণিজ্যিকভাৱে পালন কৰি কেনেদৰে পাম প্ৰতিষ্ঠা কৰিব লাগে তাক প্ৰচাৰ কৰিছিল আৰু জাপানত এই পামৰ প্ৰসাৰতা লাভ কৰিছিল।

Breeding Japanese or Coturnix Quail - A Backyard Guide
জাপানীজ কোয়েল চৰাইৰ (বটা চৰাই) কণীত তুলনামূলক ভাৱে অধিক প্ৰটিন, ফছফৰাছ, আইৰণ, ভিটামিন A, B1 আৰু B12 পোৱা যায়। এই চৰাই কণীৰ জড়িয়তে বৰ্ত্তমান সময়ৰ পুষ্টিহীনতাৰ দৰে এক গুৰুত্বপূৰ্ণ দিশৰ সমাধানৰ কিছু পথৰ সন্ধান দিব বুলি আশা কৰিব পাৰি ।
এই চৰাইবিধৰ পাম মাংস আৰু কণীৰ বাবে কৰা হয়। যিহেতু এই চাৰিবিধ পুহিবৰ বাবে তুলনামূলকভাবে কম মূলধনৰ প্ৰয়োজন হয় নিবনুৱা সকলে এই কোয়েল পাম অতি সহজে প্ৰতিষ্ঠা কৰি উপাৰ্জনৰ পথ বাচি ল’ব পাৰে।
#জাপানীজকোৱেলৰবৈশিষ্ট্য_সমূহ:
-এটা জাপানীজ কোয়েলৰ ওজন ২০০ গ্ৰাম পৰ্যন্ত হ’ব পাৰে।
-ইয়াৰ কণীৰ ওজন ১০-১৫ গ্ৰামৰ ভিতৰত হয়।

When temps rise, Japanese quail require a breeze

বটা চৰাইৰ (কোয়েলৰ) কণীৰ #উপকাৰী_গুণসমূহ

১) পটাছিয়ামৰ পৰিমাণ অধিক হোৱা বাবে #উচ্চ_ৰক্তচাপ, #হৃদযন্ত্রৰ ৰোগ, গাঁঠিৰ ৰোগৰ বাবে উপকাৰী*
২) লিউচিন নামৰ এমাইন এছিড থকাৰ কাৰণে এই কণীয়ে ডায়বেটিছ প্ৰতিৰোধ কৰিব পাৰে।
৩) কেনছাৰ ৰোগৰ প্ৰতিৰোধক।
৪) কাঁহ আৰু হাঁপানি ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

Japanese Quail - J.C. Waterfowl | Breeders of rare birds

মাংসৰ উপকাৰী গুণসমূহ:

১) ইয়াৰ মাংসত কলেষ্টৰলৰ পৰিমাণ কম হোৱা বাবে উচ্চ ৰক্তচাপত ভোগা ৰোগীসকলেও খাব পাৰে।
২) ইয়াৰ কণী আৰু মাংসত যথেষ্ট কলিন থকা বাবে সৰু ছোৱালীৰ মগজুৰ বিকাশত সহায় কৰে।
৩) ইয়াৰ মাংসত আয়ৰণৰ পৰিমাণ অধিক হোৱা বাবে “এনিমিয়া ৰোগ” (ৰক্তহীনতা) নিৰাময়ৰ বাবে উপযুক্ত !

সংগ্রহিত

LEAVE A REPLY

Please enter your comment!
Please enter your name here