আৰ্কিটেকচাৰ ( Architecture)

0
146

– ড° বুলজিৎ বুঢ়াগোহাঁই

আৰ্কিটেকচাৰ বা স্থাপত্যবিদ্যা পাঠ্যক্রমত ভৱনৰ আৰ্হি প্ৰস্তুত, নিৰ্মাণ আৰু সুশোভিতকৰণৰ বিষয়ে অধ্যয়ন কৰা হয় ।

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা পিছত আৰ্কিটেকচাৰ বা স্থাপত্যবিদ্যাৰ স্নাতক(বি.আৰ্ক.) পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে । আৰ্কিটেকচাৰ স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে “নেচলেন এপটিটিউড এপ্টিটিউড টেষ্ট ইন আৰ্কিটেকচাৰ (National Aptitude Test in Architecture)” চমুকৈ নাটা (NATA) নাম এটি প্রৱেশ পৰীক্ষা অনুষ্ঠিত হয় । এই পৰীক্ষাৰ সবিশেষ জানিবৰ বাবে শিক্ষাৰ্থীসকলে নাটাৰ ৱেবছাইটত(http://www.nata.in)ত চাব পাৰে । আৰ্কিটেকচাৰ বা স্থাপত্যবিদ্যাৰ ডিপ্লমা, স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে । আৰ্কিটেকচাৰ বিভিন্ন শাখা আছে, যেনে – নৌ স্থাপত্যবিদ্যা (Naval Architecture), লেণ্ডস্কেপ স্থাপত্যবিদ্যা (Landscap Architecture) আদি ।

এজন সফল স্থাপত্যবিদ হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – সৃজনশীলতা গুণ, কল্পনা শক্তি, সূক্ষ্মদৰ্শী ,সুন্দৰ নিৰীক্ষণ ক্ষমতা, দায়িত্ববোধ আদি ।

আৰ্কিটেকচাৰ বা স্থাপত্যবিদ্যাত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – আই. ই. এচ.কলেজ অৱ আৰ্কিটেকচাৰ (http://www.ies.edu/architecture), আন্না বিশ্ববিদ্যালয় (https://www.annauniv.edu/Architecture), ইণ্ডিয়ান ইনষ্টিটিউ অৱ ইঞ্জিনিয়াৰিং চায়েঞ্চ এণ্ড টেকন’লজী (https://www.iiests.ac.in),এনঞ্চল বিশ্ববিদ্যালয় (http://www.ansaluniversity.edu.in) ,কলেজ অৱ আৰ্কিটেকচাৰ (http://cat.edu.in) ,কলেজ অৱ ইঞ্জিনিয়াৰিং (http://www.cet.ac.in), চণ্ডিগড় কলেজ অৱ আৰ্কিটেকচাৰ (http://cca.edu.in),চি.ই.পি.টি.ইউনিভাৰ্ছিটি (http://www.cept.ac.in), জৱাহৰলাল নেহৰু আৰ্কিটেকচাৰ এণ্ড ফাইন আৰ্টছইউনিভাৰ্ছিটি (www.jnafau.ac.in) ,দিল্লী স্কুল অৱ আৰ্কিটেকচাৰ এণ্ড ডিজাইন (http://delhischoolofdesign.com) ,বাস্তু কলা একাডেমী , কলেজ অৱ আৰ্কিটেকচাৰ এণ্ডইনটেৰিয়ৰ ডিজাইনিং (www.vakaarchitecture.com) ,বিৰলা ইনষ্টিটিউট অৱ টেকন’লজী (https://www.bitmesra.ac.in) ,ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খড়গপুৰ (http://www.iitkgp.ac.in),ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ৰুৰকি (http://www.iitr.ac.in) ,যাদবপুৰ বিশ্ববিদ্যালয় (http://www.jaduniv.edu.in), শ্রী জে জে কলেজ অৱ আৰ্কিটেকচাৰ,ইউনিভাৰ্ছিটি অৱ মুম্বাই (www.sirjjarchitecture.org), স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ, দিল্লী (www.spa.ac.in) আদি ।

অসমৰ গুৱাহাটিৰ বামুণীমৈদানত অৱস্থিত “মহিলা পলিটেকনিক প্রতিষ্ঠান (http://www.pcpsgirlspoly.org)”ত আৰ্কিটেকচাৰ (Architectural Assistantship)ৰ ডিপ্লমা পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে আৰু আসনৰ সংখ্যা ৪০ খন । পলিটেকনিক এডমিচন টেষ্ট [Polytechnic Admission Test (PAT)] নামৰ এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে । এই পৰীক্ষাত বহিব বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ , অনসূচিত জাতি প্রাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রাৰ্থীয়ে ৩৩শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰৰ ভিতৰত হ’ব লাগে আৰু অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰৰ ভিতৰত হ’ব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল -www.dteassam.in । এই প্রৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ নম্বৰ ১০০ থাকে আৰু প্রশ্নসমূহ বস্তুনিষ্ঠ ধৰণৰ ।

গুৱাহাটী কলেজ অৱ আৰ্কিটেকচাৰ (http://www.guwarchcollege.com)ত পাঁচ বছৰীয়া স্নাতক(Architecture) , তিনি বছৰীয়া (Interior Design) আৰু দুই বছৰীয়া স্নাতকোত্তৰ[Planning (Urban & Regional Planning)]পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি(http://rgu.ac) ত পাঁচ বছৰীয়া স্নাতক(Architecture) পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

কোনো শিক্ষানুষ্ঠানৰ পৰা আৰ্কিটেকচাৰৰ পাঠ্যক্রম সমাপ্ত কৰা পিছত স্থাপত্যবিদজনে ‘আৰ্কিটেকচাৰ পৰিষদ(http://www.coa.gov.in)’ত নাম পঞ্জীয়ন কৰি চৰকাৰী (যেনে- কেন্দ্রীয় আৰু ৰাজ্যিক গড়কাপ্টানী বিভাগ , অন্যান্য চৰকাৰী অনুমোদনপ্রাপ্ত হাউছিং আৰু কনষ্ট্রাকছন সংস্থা আদি ) তথা বেচৰকাৰী খণ্ডৰ আৰ্কিটেকচাৰ সংস্থাত কামৰ সুবিধা লাভ কৰিব পাৰে । আৰ্কিটেকচাৰ শিক্ষা প্রতিষ্ঠানতঅধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । ইয়াৰ উপৰিও স্বাধীন ব্যৱসায় আৰম্ভ কৰিব পাৰে ।

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here