27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

এজন নতুন নিবনুৱাৰ জন্ম

spot_img

জিতুমণি বৰা

গুৱাহাটীৰ ছাৰ্ভে অঞ্চলত থকা এখন কাপোৰৰ দোকান আৰু ইয়াৰ গৰাকীৰ এটা কাহিনী। অহা-যোৱা কৰোঁতে দোকানখনলৈ এবাৰ চাওঁ! প্ৰথমটো লকডাউনত যুৱকজনে দোকানখন নিয়মীয়াকৈ খুলিছিল। এনেদৰে খোলোঁতে এদিন পুলিচ আহিছিল। পুলিচে যুৱকজনক কিয় দোকান খুলিছে সোধাত কৈছিল, বন্ধত নিগনিয়ে এপিনৰ পৰা কাপোৰ কুটিছিল। সেয়ে ছাটাৰ বন্ধ কৰি হ’লেও দোকানখন খুলি ধূপ এডাল জ্বলাই বেৰত আঁৰি থোৱা লক্ষ্মীৰ ফটোখনত সেৱা কৰি ঘৰলৈ উভতি যায়। পুলিচে একো নক’লে আৰু এজন অসমীয়া নিবনুৱাই এখন দোকান খুলি স্বনিৰ্ভৰশীল হোৱাৰ বাবে লোৱা পদক্ষেপক বেয়াও নাপালে!

এদিন লকডাউন উঠি গ’ল। যুৱকজনে বৰ হেঁপাহেৰে নিয়মীয়াকৈ পুৱাই দোকানৰ তলা খুলি ধুপ-ধূনা, চাকি জ্বলাই ব্যবসায় আৰম্ভ কৰিলে। আগতে এজন কৰ্মচাৰী আছিল যদিও লকডাউনৰ পাছত নিজেই সকলো কৰিবলৈ ল’লে। এজন অসমীয়া যুৱকৰ কৰ্মস্পৃহাই ব্যক্তিগতভাবে মোক উৎসাহিত কৰিলে।

একেলগে কে’বাখনো দোকান আছে যদিও সকলোতকৈ আগতে খুলি সকলোতকৈ পাছত বন্ধ কৰা উদ্যোগী যুৱকজনৰ দোকানখন আজি কেইবাদিনো বন্ধ। কিবা অসুবিধাৰ বাবে দুদিন বন্ধ কৰি থৈছে, পাছত খুলিব বুলি ধাৰণা এটা লৈ আছিলোঁ। কিন্তু এসপ্তাহৰ ওপৰ হ’ল, দোকানখন বন্ধ।ওচৰৰ পাণদোকানীজনক সোধাত ক’লে, এইখন একেবাৰে বন্ধ হৈ গৈছে। কাৰণ সোধাত ক’লে, বিক্ৰী নাই, ঘৰৰ মালিকক লাইটৰ বিলৰে সৈতে মাহিলি ২০ হেজাৰ টকা দিব লাগে। ক’ৰ পৰা দিব! লোণৰ কিস্তিও মাৰিব লাগে। উপায়ন্তৰ হৈ দোকানখন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈ নিজে বচাৰ চেষ্টা কৰিছে‌।

ইয়াৰ পাছতো প্ৰধান সমস্যাটো যুৱকজনৰ থাকি গ’ল। সেইটো হ’ল, বেংকৰ ঋণ । ভাড়া দিব নোৱাৰি দোকানখন বন্ধ কৰি দিয়াৰ পাছত দোকানৰ ভিতৰত থাকি যোৱা লাখ টকাৰ কাপোৰখিনি কি কৰিব সেই চিন্তাও নিশ্চয় যুৱকজনৰ হৈছে! এইটোৱেই আজিৰ অসমৰ চিনাকি ছবি। এনেকৈ লাখ লাখ যুৱক কৰ্মহীন হৈছে।

মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত একলাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ কথা কৈ ৰাইজৰ পৰা সাধুবাদ লোৱাৰ চেষ্টা কৰিছে। একলাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াটো ভাল কথা। আপত্তি কৰিবলগীয়া নাই। মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰোঁ, অসমৰ সৰ্বমুঠ নিবনুৱাৰ সংখ্যা কিমান? গগৈ চৰকাৰৰ দিনতে ৪০ লাখমান বুলি বাতৰি ওলাইছিল।এতিয়া ৫০ লাখমান হ’ব।

দুবছৰত বহিঃৰাজ্যৰ পৰা কৰ্মহীন হৈ উভতি অহা আৰু লকডাউনত হোটেল, ৰেস্তোৰাঁ, শ্বপিং মল, দোকান, ব্যবসায়িক প্ৰতিষ্ঠান আদিৰ পৰা কিমান কৰ্মচ্যুত হ’ল তাৰ হিচাপ চৰকাৰে কৰিছে জানো? আচলতে নিবনুৱা, কৰ্মচ্যুত হোৱা মানুহৰ সংখ্যা, বহিঃৰাজ্যৰ পৰা উভতি অহা শ্ৰমিকৰ কোনো হিচাপ নাই চৰকাৰৰ ওচৰত। পাঁচ বছৰত একলাখ নিবনুৱাক চাকৰি দি উঠাৰ পাছত আৰু পাঁচলাখ নতুন নিবনুৱাৰ জন্ম নহ’বনে?

মানৱ সম্পদৰ এই অপচয় ৰোধৰ বাবে চৰকাৰে কি কৰিব? ইয়াৰ বাবে দীৰ্ঘ আৰু হ্ৰস্বম্যাদী আঁচনি এতিয়ালৈকে একো নাই। হিতাধিকাৰী আৰু চমক সৃষ্টিৰে ক্ষমতা পাব পাৰি, হেলিকপ্টাৰত উঠি টহল দিব পাৰিব, কিন্তু মানুহৰ একো কল্যাণ সাধিব নোৱাৰে। অসমৰ ৩.২০ কোটি  মানুহৰ এক কোটিয়েই নিবনুৱা হোৱাৰ পথত। ৰাইজৰ মূৰত ঋণ জাপি  ৰাজ্য চলাইছে। নিবনুৱা সমস্যাৰ ভয়াৱহতা ঢাকি এক লাখক চৰকাৰী চাকৰি দিয়াৰ কথাটো কৈ সকলোৱে শুনাকৈ ঢোল বজাইছে।

গুৱাহাটীৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ গ’ল। দুবছৰত সলনি হ’ল পৃথিৱীৰ চৰিত্ৰ আৰু স্বৰূপ।অসমো সম্পূৰ্ণ সলনি হ’ল। একাংশ ৰাজনৈতিক নেতাৰহে ঢং সলনি কৰিব নোৱাৰিলে কোভিডে। আমি বহু বিশিষ্ট আৰু মূল্যৱান জীৱন এই দুবছৰত হেৰুৱালোঁ। দাৰিদ্ৰ্যত পৰিণত হ’ল বহু মধ্যবিত্ত। পৃথিৱী নামৰ গ্ৰহটোত এতিয়া মিনিটত ভোকে ১১গৰাকী মানুহৰ জীৱন কাঢ়ি লৈছে। অসমত গৰুক লৈ এপিনে বছৰি ১০০০ কোটিৰ ছিণ্ডিকেট আৰু আনপিনে ইয়াৰ মাংসক লৈ ৰাজনীতি কৰি আমাৰ সমুখৰ মূল সমস্যাটো ঢকাৰ অপচেষ্টা চলিছে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img