27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

বিমুদ্ৰাকৰণৰ ফলত ক্ষতি হৈছে ক্ষুদ্র-লঘু-মজলীয়া উদ্যোগ-ব্যৱসায়ত !

সংসদত চৰকাৰৰ অকপট স্বীকাৰোক্তি

spot_img

# নিউজ ডেস্ক #

প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ বিমুদ্ৰাকৰণৰ পদক্ষেপত ক্ষুদ্র-লঘু-মজলীয়া উদ্যোগত যে প্ৰভাৱ পৰিছে, সেয়া এইবাৰ কার্যত স্বীকাৰ কৰিলে মোডী চৰকাৰে। সেয়াও আকৌ একেবাৰে সংসদৰ মজিয়াত।

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রালয়ক কেৰালাৰ কংগ্রেছ সাংসদ টি এন প্রতাপনে প্রশ্ন কৰিছিল, বিমুদ্ৰাকৰণৰ ফলত যে এনে বহু সংস্থা ভাঙি পৰিছে, সেই সম্পর্কত চৰকাৰ অৱগতনে? ইয়াৰ লিখিত উত্তৰত সংশ্লিষ্ট উদ্যোগৰ নতুন মন্ত্রী নাৰায়ণ ৰাণেই জনায়, ‘‘হয়, উদ্যোগ আৰু ব্যৱসায়ী সংগঠনৰ তৰফৰ পৰা যি প্রতিক্রিয়া লাভ কৰা হৈছে, তাৰ পৰা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগে যে অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে সেই সম্পর্কত চৰকাৰ অৱগত।’’ মোডী চৰকাৰৰ এই ‘স্বীকাৰোক্তি’ৰ পিছতেই এতিয়া প্রশ্ন উঠিছে, ক্ষুদ্ৰ-মজলীয়া উদ্যোগ মন্ত্রালয়ে ভুলতে এই কথা স্বীকাৰ কৰি ল’লে নেকি?

ইফালে বিমুদ্ৰাকৰণৰ ফলত কিমান ক্ষুদ্ৰ-লঘু-মজলীয়া উদ্যোগ বন্ধ হৈছে সেই বিষয়তো কংগ্রেছ সাংসদজনে কেন্দ্রৰ পৰা জানিব বিচাৰিছিল। কিন্তু সেই পৰিসংখ্যা উল্লেখ নকৰিলে। চৰকাৰী সূত্রৰ ব্যাখ্যা, চৰকাৰীভাবে কেতিয়াও স্বীকাৰ কৰা নহ’লেও, বিমুদ্ৰাকৰণত যে এই উদ্যোগে মাৰ খাইছে সেয়া ২০১৮ চনত প্রকাশিত ৰিজার্ভ বেঙ্কৰ ৰিপোর্টতো কোৱা হৈছিল। ৰিপোর্টত উল্লেখ কৰা হৈছিল যে প্রথমে বিমুদ্ৰাকৰণ, তাৰ পিছত জিএছটিয়ে ক্ষুদ্ৰ-লঘু-মজলীয়া কোম্পানীবোৰক বিৰাট আঘাত শোধাইছে। বিমুদ্ৰাকৰণৰ পিছত তেওঁলোকৰ ঋণ লোৱাৰ পৰিমাণ কমে। এই উদ্যোগে মূলত অসংগঠিত ক্ষেত্রত কাম কৰে। তাত বহু ক্ষুদ্র কোম্পানী, দিন মজদুৰ জড়িত। সেয়ে নগদৰ লেনদেন বেছি। ফলত আঘাত তাত বেছি লাগিছিল। অথচ জিডিপিত ক্ষুদ্ৰ-লঘু-মজলীয়া উদ্যোগৰ অংশ প্রায় ৩০%। কাৰখানাৰ উৎপাদনৰ ৪৫% এই শিল্পৰ পৰাই আহে। ৰপ্তানিৰ ৪০ শতাংশও তেওঁলোকৰ অৱদান।

উল্লেখ্য, ক’লা টকা, জাল নোট, সন্ত্রাসত আর্থিক সাহায্য শেষ কৰাৰ লক্ষ্য লৈয়ে প্রধানমন্ত্রীয়ে বিমুদ্ৰাকৰণ কৰিছিল। কিন্তু অভিযোগ, ইয়াৰ কোনোটোতেই ইতি পৰা নাই। ওলোটাকৈ বিমুদ্ৰাকৰণৰ আঘাতত নগদ লেনদেন বন্ধ হোৱাত বহু ক্ষুদ্ৰ-মজলীয়া কোম্পানী বন্ধ হয়। ফলত বিমুদ্ৰাকৰণৰ কার্যকাৰিতা সন্দৰ্ভত বিৰোধীয়ে প্রশ্ন উত্থাপন কৰে। কিন্তু ইমানৰ পিছতো চৰকাৰে দাবী কৰি আহিছে যে ইয়াৰ লক্ষ্য পূৰণ হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img