29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

মাত্র ৪৯৯ টকাত বুকিং : বজাৰলৈ অ’লাৰ নতুন ই-বাইক

কি কি সুবিধা আছে অ’লাৰ ই-বাইকত?

spot_img

# নিউজ ডেস্ক #

এফালে পেট্র’ল-ডিজেলৰ লেকামহীন মূল্য, আনফালে প্ৰদূষণ। বিভিন্ন কাৰণত বেটাৰীচালিত যান-বাহনৰ দিশে আগ্ৰহ বাঢ়িছে সাধাৰণ মানুহৰ। অ’লা কোম্পানীৰ ই-বাইকৰ আগতীয়া বুকিং আৰম্ভ হোৱাৰ পিছৰ পৰাই সেয়ে আগ্রহ বাঢ়িছে সাধাৰণ মানুহৰ মাজত। দাবী কৰা হৈছে, কেইদিনমান পূৰ্বে আগতীয়া বুকিং আৰম্ভ হোৱাৰ মাত্র ২৪ ঘণ্টাৰ ভিতৰতে এক লাখৰো অধিক বুকিং হৈ গৈছে। অৱশ্যে সুযোগ এতিয়াও আছে। এবাৰ চাওঁ আহক, কি কি সুবিধা আছে এই বাইকত।

১। এই বাইকখন তিনি প্ৰকাৰৰ। এখনত আছে দুই কিলোৱাটৰ মটৰ, যিখনৰ সর্বোচ্চ গতি হ’ব পাৰে ৪৫ কিলোমিটাৰ প্রতি ঘণ্টাত। আনখনত আছে চাৰি কিলোৱাটৰ মটৰ, যিখনৰ গতি সর্বোচ্চ ৭০ কিলোমিটাৰ প্রতি ঘণ্টা। তৃতীয় বাইকখনত আছে সাত কিলোৱাটৰ মটৰ, যাৰ সর্বোচ্চ গতি হ’ব পাৰে ৯৫ কিলোমিটাৰ প্রতি ঘণ্টা।

২। অ’লাই দাবী কৰা মতে, এই বাইকবোৰ একেৰাহে সর্বোচ্চ ২৪০-২৫০ কিলোমিটাৰ পর্যন্ত চলিব পাৰে। অৱশ্যে গাড়ীৰ গতি ঘণ্টাত ২০ কিলোমিটাৰ। বিশেষজ্ঞসকলৰ অনুমান মতে, ১৩০-১৫০ কিলোমিটাৰ পর্যন্ত এবাৰ চার্জত এই বাইক চলাব পৰা যাব।

৩। এটি হাইপাৰ চার্জিং ষ্টেচনত মাত্র ১৮ মিনিটত বেটাৰীৰ ৫০ শতাংশ পর্যন্ত চার্জ হ’ব পাৰে বুলি অ’লাই দাবী কৰিছে। সম্পূৰ্ণ চার্জ হ’বলৈ এই ক্ষেত্রত সময় লাগিব চাৰে পাঁচ ঘণ্টা। ঘৰতে সাধাৰণ প্লাগ ব্যৱহাৰ কৰি চার্জ দিলেও ইমানখিনি সময়ে লাগিব। সম্পূৰ্ণ চার্জ হৈ গ’লে এপত নোটিফিকেচন আহিব।

৪। স্কুটাৰখনত আছে সাত ইঞ্চিৰ টাচ্চস্ক্রিন ডিছপ্লে। জিপিএছ নেভিগেচন। ইয়াৰ উপৰি পোৱা যাব ৪জি কানেক্টিভিটি। তাৰ জৰিয়তে ইউটিউব চলাব পৰা যাব।

৫। অ’লাৰ এই ই-বাইকৰ বুকিং ইতিমধ্যে আৰম্ভ হৈছে। বুকিঙৰ খৰচ মাত্র ৪৯৯ টকা, যিটো পৰৱর্তী সময়ত ঘূৰাই পোৱা যাব।ইয়াৰ মূল্য এক লাখৰ পৰা ১.২০ লাখ টকাৰ ভিতৰত আছে। সর্বোচ্চ ৩৫ হাজাৰ টকাৰ ৰেহাইও পাব পাৰে কোনো ক্রেতাই।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img