27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

কৰোনাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱত দেশৰ আর্থিক বিকাশ আৰু কমিব!

আইএমএফৰ নতুন পূৰ্বাভাস

spot_img

# বিশেষ প্ৰতিবেদন #

কৰোনা পৰৱর্তী পৰিস্থিতিত ভাৰতৰ আর্থিক বিকাশক লৈ পূর্বাভাস সলালে আন্তর্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ)। ৪ মাহ পূৰ্বে ২০২১-২২ বিত্তীয় বর্ষত ১২.৫ শতাংশ বৃদ্ধিৰ পূর্বাভাস দিলেও সংস্থাটোৰ বিত্তীয় নীতি সংক্রান্তীয় কমিটিৰ জুনৰ বৈঠকত সেয়া কমাই ৯.৫ শতাংশ হ’ব বুলি ইঙ্গিত দিয়া হৈছে। ভাৰতত কৰোনা ভাইৰাছ সংক্রমণৰ দ্বিতীয় ঢৌৰ তীব্রতাৰ কাৰণে ভাৰতৰ আর্থিক বৃদ্ধি আশানুৰূপ নহ’ব বুলিও জনাইছে আইএমএফৰ কমিটিখনে।

অতিমাৰিৰ অভিঘাত আঁতৰাই চলিত বছৰত ভাৰতৰ অর্থনীতিয়ে ১০-১২ শতাংশ বৃদ্ধিৰ মুখ দেখিব বুলি ৰিজাৰ্ভ বেংকৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰেটিং সংস্থা আৰু বিত্তীয় উপদেষ্টা সংস্থাই মত প্ৰকাশ কৰিছে। বিগত এপ্রিলত ১২.৫ শতাংশ বৃদ্ধিৰ পূর্বাভাস কৰিছিল আইএমএফে। কিন্তু আইএমএফৰ উপ-মুখ্য অর্থনীতিবিদ পেটিয়া কোয়েভা ব্রুকছে সেই সময়তেই জনাইছিল, কৰোনাৰ ফলত দেশৰ অর্থনীতিত আচলতে যি ক্ষতি হৈছে আৰু উৎপাদনত যেনেদৰে আঘাত পৰিছে, সেয়া সহজে পূৰণ নহয়।

এই ক্ষেত্রত আইএমএফৰ প্রাথমিক অনুমানৰ পৰা বৃদ্ধিৰ হাৰ ৩ শতাংশৰো বেছি কমিবলৈ আগবাঢ়িছে ভাৰতত। যিটো বিশ্বৰ ক্ষেত্রত নজিৰবিহীন। কিন্তু পৰৱর্তী বিত্তীয় বর্ষত (২০২২-২৩) ভাৰতত আর্থিক বিকাশৰ হাৰ ৮.৫ শতাংশ হ’ব বুলি জনাইছে আইএমএফে। এপ্রিল মাহৰ পূর্বাভাসত যিটো ৬.৯ শতাংশ বুলি কোৱা হৈছিল। কৰোনা অতিমাৰিৰ কাৰণে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) প্রায় ১০ শতাংশ সংকুচিত হ’ব পাৰে বুলিও আগতেই জনাইছে আইএমএফে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img