আহকচোন কৃষি আৰু সহযোগী খণ্ডত কোনে কি কৰি আছে চাওঁ

0
136

প্ৰফুল্ল কুমাৰ শইকীয়া

* মৰিগাঁও জিলাৰ এগৰাকী উদ্যমী যুৱ কৃষক সুৰজমল চৌহান। বিশাল পৰিসৰত ধান, মৰাপাট,সৰিয়হৰ খেতি কৰা চৌহানৰ বাবে কৃষি এতিয়া এক লাভজনক কৰ্মক্ষেত্ৰ।
* যোৱা বছৰ কাৰ্বি আংলং জিলাৰ কুৰুচাৰ টিমুঙে ৫৪ বিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰি লাভাম্বিত হৈছে।


* বিশ্বনাথ চাৰিআলিৰ”পাভৈ মীন পাম”ৰ প্ৰতিষ্ঠাতা বীৰেন্দ্ৰ কুমাৰ ভাগৱতী অসমৰ এক পৰিচিত নাম। এই পামখনত উৎপাদিত পোণা সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যলৈকো যায়।১০০ কুইণ্টল পোণা এই মীন পাম খনে বিপণন কৰে।
* শিৱসাগৰ জিলাৰ ফুলপানীছিগা অঞ্চলৰ খাটোৱাল গাঁৱৰ কৃষক দিগন্ত গায়নে তিতা কেৰেলাৰ খেতিৰ যোগেদি স্বাৱলম্বী হৈছে।
* নগাঁৱৰ হাতীচোঙ মৌজাৰ কুঁজীদাহ-উলুবাৰীৰ দেৱাশিস হাজৰিকাই বতা চৰাই পালনেৰে স্বাৱলম্বী হৈছে।
* দৰং জিলাৰ কুশল ডেকা এক চিনাকি নাম।বতা চৰাই পালনৰে তেখেত পৰিচিত আৰু বিজ্ঞান সন্মতভাৱে বতা চৰাই পালনৰ লগতে প্ৰশিক্ষণ আদিও দি আছে।
* সোণাৰীৰ জ্যোতি প্ৰসাদ বৰুৱা এগৰাকী প্ৰগতিশীল কৃষক হিচাপে পৰিচিত।গো-পালনৰ লগতে বতা চৰাই পালন আৰু প্ৰয়োজনীয় প্ৰশিক্ষণ আদি দি আহিছে।


* নলবাৰী জিলাৰ সন্ধান ডেকাই অসমৰ লগতে ভাৰতৰ বিভিন্ন অঞ্চলত “ষ্টেডিয়া”(মৌ-তুলসী)ৰ খেতিৰ পৰামৰ্শ প্ৰদানৰ লগতে উৎপাদিত ষ্টেডিয়া বিক্ৰীৰ ক্ষেত্ৰত জড়িত হৈ আছে।
* কুকুৰমাৰাৰ প্ৰগতিশীল নৱ প্ৰজন্মৰ কৃষক জয়ন্ত মহন্ত কল আৰু আপেল বগৰী খেতিৰ লগত জড়িত। তেখেতৰ আপেল বগৰী বিদেশলৈকো ৰপ্তানি কৰা হৈছে।
* টিংখংৰ প্ৰগতিশীল খেতিয়ক অশোক লাম্বা দেৱ ফুলৰ খেতি আৰু পলি হাউচত কৰা বিলাহী খেতিৰ বাবে বিখ্যাত। তেখেতৰ অনুপ্ৰেৰণাতে অসমৰ বহু অঞ্চলত যুৱক-যুৱতীয়ে পলি হাউচত বিলাহী খেতি কৰিবলৈ ধৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here