29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

মাত্ৰ ১৯ টকাত কিনা চামুচ নিলামত বিক্ৰী হ’ল ২ লাখত!

spot_img
# নিউজ ডেস্ক #
বজাৰলৈ গৈ বিভিন্ন দোকান ঘূৰাঘূৰি কৰি থাকোতেই হঠাৎ চকু পৰে এখন চামুচত। বেঁকা-বেঁকী, চেপেটা পৰা এখন চামুচ। মাত্র ২০ পেন্স (ভাৰতীয় মুদ্রাত যাৰ মূল্য প্রায় ১৯ টকা) দি লগে লগে চামুচখন ক্ৰয় কৰিছিল লণ্ডনৰ এজন ব্যক্তিয়ে। তাৰ পিছত সেইখন নিলামত দি ২ হাজাৰ ৩৭৫ পাউণ্ডত (প্রায় ২ লাখ ৪৬ হাজাৰ টকা) বিক্ৰী কৰে তেওঁ।
লণ্ডনত ‘কাৰ বুট ছেলছ’ বা ঘৰুৱা আচবাব-পত্র বিক্ৰীৰ বজাৰ অতি পৰিচিত। তেনে ধৰণৰ এখন বজাৰলৈয়েই গৈছিল ব্যক্তিজন। এখন দোকানৰ সন্মুখত উপস্থিত হৈ তেওঁৰ চকুত পৰে চামুচখন। দেখাৰ লগে লগেই তেওঁ বুজি পায়, চামুচখন সাধাৰণ নহয়। মাত্র ২০ পেন্স খৰচ কৰি চামুচখন ঘৰলৈ লৈ আহে তেওঁ। তাৰ পিছত ফোন লগায় ছমাৰছেটৰ লৰেন্স নিলাম কোম্পানীত।
বিশেষজ্ঞসকলে চামুচখন ভালদৰে চাই তেওঁক জনায় যে চামুচখন ত্রয়োদশ শতাব্দীৰ। নিলামৰ পূৰ্বে মূল্য নিৰ্ধাৰণ কৰা হয় ৫০০ পাউণ্ড। নিলামত গৈ উক্ত মূল্য উঠে ২ হাজাৰ ৩৭৫ পাউণ্ডলৈ৷ যাৰ ভাৰতীয় মূল্য প্রায় ২ লাখ ৪৬ হাজাৰ টকা।
লৰেন্স নিলাম কোম্পানীৰ এজন বিষয়া এলেক্স বুচাৰে কয়, ‘‘ব্যক্তিজন বিশেষজ্ঞ নহয়। কিন্তু যিসকলে উক্ত ঘৰুৱা বস্তু-বাহানি বিক্ৰীৰ বজাৰ প্রায়েই যায়, তেওঁলোকৰ চকু সাধাৰণতে শগুনৰ দৰে হয়।’’

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img