29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

২০২০ বৰ্ষত আক্ৰমণৰ লক্ষ্য হৈছে ২২৮ সাংবাদিক, ১৩ জনৰ মৃত্যু

সৰ্বাধিক উত্তৰ প্ৰদেশত

spot_img

# বিশেষ প্ৰতিবেদন #

‘২০২০ বৰ্ষটোত কমেও ২২৮গৰাকী সাংবাদিক (২টা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ঘটনাৰ সৈতে)ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে৷ ইয়াৰ ভিতৰত ১২গৰাকী মহিলা সাংবাদিক আছে, যিসকলকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অনলাইন হাৰাশাস্তি তথা ভাবুকি প্ৰদান কৰা হৈছে৷ এইক্ষেত্ৰত UAPA আইন, ১৯৬৭ চনৰ অধীনত অভিযুক্ত কৰা হৈছে৷’ ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰস্তুত কৰা প্ৰথম বাৰ্ষিক প্ৰতিবেদন India Press Freedom Report, ২০২০ মুকলি কৰি Rights and Risks Analysis Group (RRAG)ৰ সঞ্চালক সুহাস চাকমাই এই কথা

উক্ত ৰিপোৰ্ট মতে,

  • আক্ৰমণৰ লক্ষ্য হোৱা মুঠ সাংবাদিক আৰু সংবাদ গোষ্ঠীৰ সংখ্যা ২২৮৷ ইয়াৰে ভিতৰত ২২৬ গৰাকী সাংবাদিক আৰু দুটা সংবাদ গোষ্ঠী৷
  • আক্ৰমণৰ লক্ষ্য হোৱা মহিলা সাংবাদিকৰ সংখ্যা ১২ গৰাকী৷
  • ৰাজ্যিক স্তৰত আক্ৰমণৰ লক্ষ্য হৈছে ১১৪ গৰাকী৷ ইয়াৰে ১১২ গৰাকী সাংবাদিক আৰু দুটা সংবাদ গোষ্ঠী৷
  • ৰাজ্যৰ বাহিৰত আক্ৰমণৰ লক্ষ্য হৈছে ১১৪ গৰাকী৷
  • মৃত্যু হৈছে ১৩ গৰাকী সাংবাদিক৷
  • গ্ৰেপ্তাৰ বা আটক হোৱা সাংবাদিকৰ সংখ্যা ৩৭ গৰাকী৷
  • দাখিল হোৱা মুঠ এফআইআৰ ৬৪৷
  • কাৰণ দৰ্শোৱা জাননী জাৰি ১৪৷ (১৩জন সাংবাদিক আৰু এখন সংবাদ-পত্ৰ)
  • শাৰীৰিকভাৱে অপদস্থ/অনলাইন ভাবুকি পাইছে ১০১ গৰাকী সাংবাদিকে৷
  • আৰোপ কৰা আইন : IPC, CrPC, UAPA, মহামাৰী ৰোগ আইন (Epidemic Diseases Act), দুৰ্যোগ ব্যৱস্থাপনা আইন (Disaster Management Act of 2005), অত্যাচাৰ প্ৰতিৰোধ আইন (Prevention of Atrocities Act), তথ্য-প্ৰযুক্তি আইন (IT Act), পক্সো আইন (POCSO Act), the Official Secrets Act আৰু JJ Act
  • সাংবাদিক বা সংবাদগোষ্ঠীৰ ওপৰত সৰ্বাধিক আক্ৰমণৰ লক্ষ্য হোৱা শীৰ্ষ ৫ ৰাজ্য হৈছে উত্তৰ প্ৰদেশ (৩৭), মহাৰাষ্ট্ৰ (২২), জম্মু-কাশ্মীৰ (১৮), দিল্লী (১৫) আৰু কৰ্ণাটক (১২)৷

 

মুঠ ২২৮ জন সাংবাদিকৰ ভিতৰত ১১৪জনক অনা ৰাজ্যিক আক্ৰমণ যেনে জনৰোষ, অচিনাক্ত দুৰ্বৃত্ত, ৰাজনৈতিক দলৰ সমৰ্থক/সদস্য আদিৰ দ্বাৰা বা অনলাইল ছচিয়েল মিডিয়া ইউজাৰৰ আক্ৰমণৰ বলি হৈছে৷ আনহাতে, ১১২ গৰাকী সাংবাদিক আৰু ২টা সংবাদ গোষ্ঠী ৰাজ্যিক স্তৰত আক্ৰমণৰ লক্ষ্য হ’বলগা হৈছে৷

ৰাজ্যিক হিচাপত উত্তৰ প্ৰদেশত ৩৭, মহাৰাষ্ট্ৰত ২২, জম্মু-কাশ্মীৰত ১৮, দিল্লীত ১৫, কৰ্ণাটকত ১২, অন্ধ্ৰপ্ৰদেশ আৰু ত্ৰিপুৰাত ১১, তামিলনাডুত ১০, গুজৰাট, তেলেংগানা আৰু পশ্চিমবংগত ৮, অসম, ছত্তীশগড়, হিমাচল প্ৰদেশ, কেৰালা আৰু ওড়িশাত ৭, পঞ্জাবত ৬, ৰাজস্থানত ৫, বিহাৰ আৰু মধ্যপ্ৰদেশত ৪, অৰুণাচল প্ৰদেশ, হাৰিয়ানা আৰু ঝাড়খণ্ডত ২, আন্দামান-নিকোবৰ, চণ্ডীগড়, গোৱা, লাডাখ, মণিপুৰ, মেঘালয়, নাগালেণ্ড আৰু উত্তৰাখণ্ডত এজনকৈ সাংবাদিক বা সংবাদ গোষ্ঠী আক্ৰমণৰ লক্ষ্য হৈছে৷

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক সংখ্যক সাংবাদিক আক্ৰমণৰ লক্ষ্য হৈছে ত্ৰিপুৰাত৷ সংবাদ-পত্ৰকে ধৰি এই সংখ্যাটো হৈছে ১১৷ ইয়াৰ পিছত আছে অসম (৭), অৰুণাচল প্ৰদেশ (২) আৰু মণিপুৰ, মেঘালয়, নাগালেণ্ড (১)৷

মৃত্যু হোৱা ১৩ জন সাংবাদিকৰ ভিতৰত সৰ্বাধিক ৬ জনৰ মৃত্যু হৈছে উত্তৰ প্ৰদেশত৷ অসমত দুজন (বিজেনদ্বীপ তাঁতী আৰু পৰাগ ভূঞা), মধ্যপ্ৰদেশত ২জন, কেৰালা, ৰাজস্থান আৰু তামিলনাডুত এজনকৈ সাংবাদিকৰ মৃত্যু হৈছে৷

২০২০ চনত শাৰীৰিকভাৱে আক্ৰমণ বা অনলাইন অপদস্থ হোৱা ১০১ গৰাকী সাংবাদিকৰ ভিতৰত ৪২ গৰাকীকল ৰাজহুৱা বিষয়াই আৰু ৩৫ গৰাকীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ আছে৷ ইয়াৰে ভিতৰত ৫ গৰাকীক আৰক্ষীৰ জিম্মাত থকা অৱস্থাত প্ৰহাৰৰ অভিযোগ, ৩জনক সেনাই প্ৰহাৰৰ অভিযোগ, ২জনক বনৰক্ষীৰ প্ৰহাৰৰ অভিযোগ, এজনক ৰে’লৱে আৰক্ষী, এজনক পঞ্চায়ত কৰ্মী, ১৪ জনক ৰাজনৈতিক দলৰ সমৰ্থক/সদস্যৰ দ্বাৰা আক্ৰমণৰ অভিযোগ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img