27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

উপাৰ্জনৰ পথ হিচাবে নাৰিকল

spot_img

# বিশেষ প্ৰতিবেদন #

অসমৰ মাটি আৰু জলবায়ু নাৰিকল খেতিৰ বাবে অনুকূল। অসমৰ প্ৰায় সকলো অঞ্চলতেই কম—বেছি পৰিমাণে নাৰিকল গছ থকা দেখা যায়। নগাঁও, মৰিগাঁও, কামৰূপ, নলবাৰী, বৰপেটা, দৰং আৰু শোণিতপুৰত অসমৰ নাৰিকল গছ বিশেষভাৱে পৰিলক্ষিত হয়। অসমৰ নাৰিকলক লৈ এক ব্যৱসায় ভিত্তিক পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন।

অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৱাহাটীৰ কাঁহিকুছি উদ্যোগ গৱেষণা কেন্দ্ৰৰ মতে, অসমত ওখ জাতৰ নাৰিকল গছৰ প্ৰতি গড় উৎপাদন ১০২টা নাৰিকল, চাপৰ জাতৰ নাৰিকলৰ গড় উৎপাদন ১২২টা আৰু বৰ্ণসংকৰ জাতৰ গড় উৎপাদন ১৪৪টা নাৰিকল। গৱেষণা কেন্দ্ৰ আৰু কৃষকৰ নাৰিকল উৎপাদনৰ পাৰ্থক্য থকাৰ মুখ্য কাৰণ হৈছে গৱেষণা কেন্দ্ৰত নিয়মিতভাৱে নাৰিকল গছত সাৰ-গোবৰ দিয়া হয় আৰু প্ৰতিপালন কৰা হয়। কৃষকৰ ঘৰৰ নাৰিকল গছৰ উৎপাদন মুখ্যতঃ নিৰ্ভৰ কৰে মাটিৰ উৰ্বৰা শক্তিৰ ওপৰত। অৱশ্যে নগাঁও, মৰিগাঁও, হাজো, শুৱালকুছি, নলবাৰী, টিহু, পাঠশালা, জাগী ভকতগাঁও আদি ঠাইত কিছুমান নাৰিকল গছে বছৰি গড়ে ১২০-১৩০টালৈকে নাৰিকল দিয়ে। উৎপাদন বঢ়াবৰ বাবে নাৰিকলৰ গছ বাছনি কৰোঁতে এনেবোৰ অধিক উৎপাদনক্ষম জাতৰ গছৰ পৰা সংগ্ৰহ কৰিব লাগে। বৰ্তমান অসমত থকা সকলোবিলাক নাৰিকল গছেই ওখ জাতৰ সঁচ, পাতৰ পৰা আৰম্ভ কৰি নাৰিকল গছৰ সকলো অংশই মানুহৰ উপকাৰত আহে বাবে ইয়াক সাধাৰণতে ‘কল্প বৃক্ষ’ (Tree of Heaven) বুলি জনা যায়।

নাৰিকল গছে মানৱ সমাজক মাত্ৰ সতেজ পুষ্টিকৰ পানীয় আহাৰেই নিদিয়ে, ই আমাৰ ঘৰুৱা আৰু অৰ্থনৈতিক দিশত সহযোগিতাও আগবঢ়ায়। দক্ষিণ ভাৰতৰ মাটি নাৰিকল গছৰ বাবে অতি অনুকূল। সেই অঞ্চলত নাৰিকল গছৰ হাবি দেখা যায়। দক্ষিণ ভাৰতত নাৰিকল গছৰ গা—গছ ঘৰৰ খুঁটা আৰু পাতবিলাক ঘৰৰ চালৰ সামগ্ৰী হিচাপে ব্যৱহাৰ হয়। পাতৰ মাজৰ অংশ আৰু গুৰি অংশ টান হোৱা বাবে ইন্ধন সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। শুকান পাতৰ শিৰবিলাক এৰুৱাই সোতা বা ঝাৰু তৈয়াৰ কৰিব পৰা যায়।

পানীৰে ভৰপূৰ হৈ থকা ১০০-১৬০ দিনৰ কুমলীয়া নাৰিকলবোৰ পুষ্টিকৰ সতেজ পানীয় হিচাপে ব্যৱহাৰ হয়। শুকান পুষ্ট নাৰিকলৰ ঔদ্যোগিক আৰু ব্যৱসায়িক দিশ যথেষ্ট শক্তিশালী। শুকান ফলটোৰ ভিতৰত থকা শাহখিনিৰে নানা তৰহৰ সুখাদ্য তৈয়াৰ কৰা হয়। এই শাহখিনিত প্ৰধানকৈ শ্বেতসাৰ (Carbohydrate) আৰু চৰ্বী (Fat) থাকে। চৰ্বীৰ পৰা তেল হয় আৰু ওখ জাতৰ নাৰিকলৰ ফলত শতকৰা ৬৮-৭১ভাগ তেল থাকে। ইয়াৰ পৰা চুলিৰ বাবে সুগন্ধি তেল, ৰন্ধন তেল, প্ৰসাধনৰ সামগ্ৰী প্ৰস্তুত কৰা হয়। চাবোন উদ্যোগৰ লগতে গ্লিচাৰিণ উদ্যোগত নাৰিকলৰ শাহ ব্যৱহাৰ হয়, নাৰিকলৰ শাহৰ পৰা বিস্কুট আৰু লজেন তৈয়াৰ কৰা হয়।

শুকান নাৰিকলৰ ফলটোৰ পৰা শাহখিনি এৰুৱাই নিয়াৰ পিছত থকা টান খোলা বা কোৰোকাটো নানা তৰহৰ দেখনিয়াৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। শুকান বাকলিবোৰ পানীত কিছুদিন ৰাখি পচাই লৈ তাৰ পৰা টান আঁহবোৰ উলিয়াই ৰছী, কাৰ্পেট, কুছন, ব্ৰাছ আদি তৈয়াৰ কৰা ‘ক’য়েৰ উদ্যোগ’ত ব্যৱহাৰ হয়। বাকলিবোৰৰ পৰা আঁহবোৰ আঁতৰাই অনাৰ পিছত থাকি যোৱা ভিতৰৰ অংশ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। নাৰিকলৰ বাকলিটো উদ্ভিদৰ বাবে অতি লাগতিয়াল পটাছ সাৰৰ এটি উল্লেখনীয় উপাদান। নাৰিকলৰ বাকলি পুৰি হোৱা ছাইবোৰে পটাছ সাৰ যোগান ধৰে। নাৰিকল গছৰ পুলি উৎপাদন কৰিও এটা ভাল ৱ্যৱসায় গঢ়ি তুলিব পাৰি। নাৰিকল গছ বহুবৰ্ষজীৱী গছ। গড়ে আয়ুস ৭০-৮০ বছৰ।

এটা বছৰৰ পৰিকল্পনা  : এজন কৃষকে প্ৰতিমাহে ১০জোপাকৈ যদি এবছৰ নাৰিকল গছ ৰোৱাৰ  ব্যৱস্থা কৰে, ৮ বছৰৰ পিছৰ পৰা কৃষকজনে  প্ৰতিমাহে কেৱল নাৰিকলৰ পৰাই কমেও ২০ হাজাৰ টকা আয় কৰিব পাৰে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img