ছয়গাঁও কৃষি চক্ৰত কৃষকক ধন বিতৰণত ব্যাপক কেলেংকাৰী

0
136

# বিশেষ প্ৰতিবেদক #
দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি আওৰোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত কৃষকক সাহায্য দিয়াৰ নামত সংঘটিত হৈছে সৰ্ববৃহৎ কেলেংকাৰী৷ উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত কৃষকসকলক ছহেজাৰ টকাকৈ সাহায্য দিয়াৰ বাবে এক আঁচনি লোৱা হৈছিল৷ কিন্ত এই আঁচনিৰ অধীনত প্ৰকৃত কৃষকৰ সলনি প্ৰায় ৯৫ শতাংশই খেতি নকৰা লোকে ধন লাভ কৰাত সমগ্ৰ ৰাজ্যতে এতিয়া এই লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দক্ষিণ কামৰূপৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনস্থ ছয়গাঁও কৃষি চক্ৰতো কৃষকৰ মাজত ধন বিতৰণক লৈ ব্যাপক কেলেংকাৰী সংঘটিত হৈছে৷ কৃষি চক্ৰটোৰ অধীনত প্ৰকাশ কৰা তালিকাত ৯৫ শতাংশ লোকেই কোনো খেতি নকৰা লোকৰ নাম সন্নিৱিষ্ট হৈছে৷ ইয়াৰ উপৰি মুছলমান লোক নথকা গাঁৱতো বহুসংখ্যক মুছলমান লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে৷ জানিব পৰা মতে, দগাঁও কটহী ৰাজহ গাঁৱৰ সম্পূৰ্ণ হিন্দু লোক থকাৰ পিচতো গাঁওখনৰ খেতিয়কৰ তালিকাত আধা অংশই মুছলমান লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে৷ আনহাতে, প্ৰকাশিত তালিকাত দুই-চাৰিজন প্ৰকৃত কৃষকৰ বাহিৰে আটাইবোৰে কোনো খেতি নকৰা লোক৷ ঠিক তেনেদৰে কৈমাৰী ৰাজহ গাঁৱতো ১৩১ জনীয়া তালিকাৰ ভিতৰত মাত্ৰ ৮ জন প্ৰকৃত খেতিয়কৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে৷ গাঁওখনত ১০টা মুছলিম পৰিয়াল আছে যদিও পৰিয়ালকেইটাৰ এজনৰো উক্ত তালিকাত নাম নাই৷ ইয়াৰ বিপৰীতে প্ৰায় ৮০ জন মুছলমান লোকৰ নাম অন্তৰ্ভুক্ত হৈছে৷ বাকী আটাইবোৰ লোকেই কোনো এজনো খেতিয়ক নহয় বা কাৰোৱেই খেতিৰ মাটি নাই৷ ইফালে ছয়গাঁৱৰ ঢেকেনাবৰী ৰাজহ গাঁৱৰ যিখন তালিকা প্ৰস্তুত কৰা হৈছে উক্ত তালিকাখনত প্ৰকৃত খেতিয়কৰ নাম নাই৷ তালিকাখনত প্ৰকাশিত বঙালী সম্প্ৰদায়ৰ শীল,সূত্ৰধৰ উপাধিৰ এজনৰো নিজৰ থকা ঘৰটোৰ বাহিৰে আন একঠাও মাটি নাই৷ ইফালে বিহদিয়া ৰাজহ গাঁৱতো সেই একেই অৱস্থা৷ প্ৰকৃত খেতিয়কে ধন লাভ কৰাৰ সলনি খেতি নকৰা লোকে ধন লাভ কৰিছে৷ আনহাতে, গাঁওখনত সোমাইছে কিছুমান ভুৱা মুছলমান হিতাধিকাৰীৰ নাম৷ তাতোকৈ ডাঙৰ কথাটো হ’ল, দক্ষিণ কামৰূপ গাঁও পঞ্চায়ত এলেকাত এটাও মুছলমান সম্প্ৰদায়ৰ নাম নথকাৰ পিচতো অঞ্চলটোৰ ৰাজহ গাঁওসমূহৰ নামত প্ৰস্তুত কৰা তালিকাসমূহত সোমাইছে শ শ ভুৱা মুছলমান হিতাধিকাৰীৰ নাম৷ সমগ্ৰ ছয়গাঁও কৃষি চক্ৰটোৰ অধীনত কৃষকৰ নামত সাহায্য প্ৰদানৰ নামত হোৱা ব্যাপক দুৰ্নীতি তথা ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি লক্ষ লক্ষ টকা আত্মসাত কৰা সংশ্লিষ্ট লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে ইয়াৰ এক উচিত তদন্তৰ দাবীৰে কৈমাৰীৰ কৃষকসকলে সোমবাৰে ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here