কি কৰো, কেনেকৈ কৰো :  বহু ধৰণৰ প্ৰশ্ন

0
95

নতুন সময়ত বিশিষ্ট অৰ্থনীতিবিদ তথা উদ্যমিতা বিশেষজ্ঞ প্ৰফুল্ল শইকীয়াই বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত ইতিমধ্যে আলোকপাত কৰিছে৷ ইয়াৰ ওপৰত ভিত্তি কৰি বহু কেইগৰাকী উদ্যমীয়ে বিভিন্ন বিষয়ত তেখেতৰ পৰা সমাধান বিচাৰিছে৷ আজিৰ শিতানত বেংক ঋণ সম্পৰ্কত প্ৰফুল্ল শইকীয়াৰ পৰামৰ্শ আগবঢ়োৱা হ’ল৷

বন্ধু বৰ্গৰ অলেখ প্ৰশ্ন মোৰ “মেচেজ বক্স”ত, মোৰ বাবে সম্ভৱো নহয় সকলো প্ৰশ্নৰ উত্তৰ দিয়া, যিমান পাৰো দি থাকো। আজিৰে পৰা একেধৰণৰ প্ৰশ্নৰ সামূহিক উত্তৰ দিবলৈ চেষ্টা কৰিম।

প্ৰশ্ন : Loan /ঋণ এটা লাগিছিল, কিবা এটা কৰিবলৈ, ক’ত কেনেকৈ…?

উত্তৰ : প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনা (Prime Minister’s Rojgar Yojana – PMEGP) নামৰ এখন আচঁনি ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ (Khadi and Village Industries Commission -KVIC  গুৱাহাটীৰ ৰূপনগৰত আছে কাৰ্যালয়) দ্বাৰা অসমৰ স্থানীয় জিলা উদ্যেগ আৰু বাণিজ্য কেন্দ্ৰ (District Industries and Commerce Centre – DICC) আৰু খাদী আৰু গ্ৰামদ্যেগ পৰিষদৰ (Khadi and Village Industries Board – গুৱাহাটীৰ চানমাৰিত আছে কাৰ্যালয়) সহযোগত ৰূপায়ণ হৈ আছে।

এই ঋণ/loan স্থানীয় বেংকসমূহৰ যোগেদি দিয়া হয়।

এই আচঁনিত সৰ্ব্বোচ ২৫ লাখ টকা ঋণ পাব পাৰি, উদ্যোগ আৰু সেৱা দুয়োটা বিষয়তে ঋণ পাব পাৰি। আবেদনকাৰীৰ বয়স ১৮ বছৰৰ ওপৰত হ’ব লাগিব।

ৰাজসাহায্য : নগৰ এলেকাত ২৫ শতাংশ আৰু গ্ৰাম্য এলেকাত ৩৫ শতাংশ।

নিজৰ বিনিয়োগ অতিকমেও ৫ শতাংশ হ’ব লাগিব;

আবেদন Online কৰিব লাগিব, https://www.kviconline.gov.in  কৰিব, লগতে কেনেকৈ আবেদন কৰিব লাগিব তাৰো দিহা দিয়া আছে।

নিজে কৰিব পৰা ধৰণৰ এটা প্ৰকল্প প্ৰস্তুত কৰি আগবাঢ়িব পাৰে। বিভাগৰ উচ্চপদস্থ বিষয়াক কিবা অসুবিধা পালে জনাব বা কৰ্মবাহিনীৰ সভাপতি জিলা উপায়ুক্ত মহোদয়কো অসুবিধা পালে জনাব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here