‘ছানবীম’- কৰোনাৰ সৈতে সাহসেৰে মোকাবিলাৰ বাৰ্তাৰে অৰুণজিতৰ লকডাউন ভিডিঅ’

0
133
'ছানবীম'- কৰোনাৰ সৈতে সাহসেৰে মোকাবিলাৰ বাৰ্তাৰে অৰুণজিতৰ লকডাউন ভিডিঅ'

#ছানবীম-- কৰোনাৰ সৈতে সাহসেৰে মোকাবিলাৰ বাৰ্তাৰে অৰুণজিতৰ লকডাউন ভিডিঅ' সাংস্কৃতিক প্ৰতিবেদন : বর্তমান পৰিস্থিতিত সমগ্র বিশ্বই এক জটিল সময় অতিবাহিত কৰিছে। কোভিড-১৯ মহামাৰীয়ে সকলোকে আবদ্ধ কৰি পেলালে আৰু আমাৰ জীৱন তথা ইয়াৰ উদ্দেশ্য সন্দর্ভত পুনৰবাৰ বিচাৰ-বিবেচনা কৰিবলৈ বাধ্য কৰালে। সমগ্র বিশ্বই যিহেতু এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে, গতিকে আমিও দৃঢ় আৰু আশাবাদী হোৱা উচিত যে সোনকালে এই দুর্দশা আতঁৰ হ’ব আৰু পুনৰ স্বাভাৱিক জীৱন ঘূৰি আহিব। জনতাৰ মাজত আশা আৰু দৃঢ়তা অক্ষুণ্ণ ৰখাৰ মানসেৰে পৰিচালক অৰুণজিত বৰাই তেওঁৰ দলৰ সৈতে লগ হৈ ‘ছানবীম’ শীর্ষক এটি পৰীক্ষামূলক লকডাউন ভিডিঅ’ প্রস্তুত কৰে, য’ত বিশ্বৰ বিভিন্ন স্থানৰ শিল্পী আৰু জনতাৰ এই জটিল সময়খিনিক সাহসেৰে মোকাবিলা কৰা সন্দর্ভত অনুভৱবোৰ অন্তর্ভুক্ত কৰা হয়। বৰা এগৰাকী মুম্বাই নিবাসী ভাৰতীয় ছবি নির্মাতা, যিয়ে ২০১৫ চনৰ পৰা সক্রিয়ভাৱে পৰিচালক হিচাপে কেইবাখনো চুটি-ছবি, বিজ্ঞাপন ছবি নির্মাণ কৰিছে৷ অতি সোনকালে ‘মিডনাইট ছং’ শীর্ষক তেওঁৰ প্রথমখন পূর্ণদৈর্ঘ্যৰ ছবিয়ে মুক্তিলাভ কৰিব। অৰুণজিতে কয়, “বিশ্বই এক সংকটপূর্ণ সময় পাৰ কৰিছে, হয়তো মানৱজাতিৰ বাবে এয়া সবাতোকৈ জটিল সময়। তথাপি, যদিও কোভিড-১৯-এ বিশ্ববাসীলৈ যথেষ্ট শংকাভাব, চিন্তা আৰু অৱসাদ আনি দিছে, ধনাত্মক দিশটোলৈ চালে, ই এক আশীর্বাদৰ ৰূপতো আহিছে। এই পৰিস্থিতিটোৰ এক উজ্জ্বল দিশ হৈছে, ই সমগ্র বিশ্বকে একেলগ কৰিছে আৰু আমাক এটা কথা অনুভৱ কৰাই দিছে যে যদিও আমাৰ জাতি, ভাষা, ধর্ম, দেহৰ বৰণ বেলেগ বেলেগ তথাপি আমি সকলো প্রথমে মানুহ আৰু আমাৰ প্রত্যেকৰে ভিতৰত একেধৰণৰ আৱেগ-অনুভূতি বিদ্যমান। ব্যক্তিগতভাৱেও ইয়াৰ পৰা আমাৰ আত্মনিৰীক্ষণ কৰাত আৰু নিজৰ সৃষ্টিশীলতাক অধিক মুক্ত, অভিব্যঞ্জক আৰু পৰিষ্কাৰ কৰাত সহায়ক হৈছে৷’’ পৰিচালকগৰাকীয়ে লগতে কয়, ‘‘মোৰ দৃঢ় বিশ্বাস, এই সমস্যাৰ অন্তই বিশ্বক আমি ভবাৰ নিচিনাকৈ সলাই তুলিব। ভাল দিন নিশ্চয় আকৌ ঘূৰি আহিব। অন্ধকাৰ ৰাতিৰ অন্তত সদায় সূর্যোদয় হয়৷’’ ‘ছানবীম’ৰ সহযোগী প্রযোজক ষ্টেনলি কোৱেলহোৱে এই সন্দর্ভত নিজৰ মনৰ ভাব ব্যক্ত কৰি কয়, ‘এই আন্তর্জাতিক পৰীক্ষামূলক লকডাউন প্রজেক্টটোৰ এটা উদ্দেশ্য আছে, আৰু মই ভাবো যে এই ভিডিঅ’টোৰ জৰিয়তে আমি সেই উদ্দেশ্যত সফল হৈছো, বিশ্বৰ বিভিন্ন স্থানৰ অংশগ্রহণকাৰীসকলৰ প্রত্যেকৰে ভাষা হয়তো আপুনি বুজি নাপাব পাৰে, কিন্তু তেওঁলোকে এটা শক্তিশালী বার্তা আমালৈ আগবঢ়াইছে যে সকলোৱে একগোট হৈ থাকিব লাগে আৰু চিন্তাধাৰা ধনাত্মক হ’ব লাগে।’ ‘ছানবীম’ৰ সহকাৰী পৰিচালক তথা ভিডিঅ’টোত সন্নিবিষ্ট হিন্দী কবিতাটোৰ লেখিকা, প্রিয়াশ্রী কাশ্যপে কয়, ‘এনে এক সময়ত ‘ছানবীম’ৰ নিচিনা এটা প্রজেক্টত কাম কৰাৰ সুযোগ পাই মই খুবেই উৎসাহী। ভিডিঅ’টোৰ বিষয়বস্তু খুবেই আকর্ষণীয়, ধনাত্মক আৰু উদগনিমূলক। মোৰ পৰিচালক অৰুণজিতৰ পৰা ভিডিঅ’টোৰ ধাৰণা আৰু উদ্দেশ্য শুনাৰ পিছত, তাত কবিতাৰ অৱস্থিতি সন্দর্ভত মই নিশ্চিত হৈছিলো। আনকি ঘৰত বহি থকাৰ সময়তো আমি এই প্রজেক্টটোত যথেষ্ট কষ্ট আৰু সতর্কতাৰে কাম কৰিছিলো। আশা কৰিছো যে, ভিডিঅ’টো নির্মাণৰ সময়ত আমি যি ধনাত্মকভাব অনুভৱ কৰিছো, দর্শকেও যাতে ভিডিঅ’টো চোৱাৰ সময়ত সেই ভাবখিনি অনুভৱ কৰিব পাৰে।’ ‘ছানবীম’ সম্পাদনা কৰা ৰণ্টু চেতিয়াই কয়, ‘বিশ্বৰ বিভিন্ন স্থানৰ মানুহৰ সৈতে একেলগে কাম কৰি এক অনন্য অনুভৱ লাভ কৰিলো। উদ্দেশ্য এটাই এই মহামাৰীক পৰাস্ত কৰা। দুর্যোগৰ এই জটিল সময়ত সকলোৰে সৈতে একেলগে থিয় হ’বলৈ সক্ষম হোৱাত খুবেই ভাল লাগিছে।’ আৱহ সংগীতৰ কাম কৰা ময়ূৰ নাগপালে কয়, ‘ভিডিঅ’টোৰ বাবে মই অর্কেষ্ট্রল ৰূপত সংগীত সজাইছো যিয়ে প্রেৰণা আৰু আশা চিত্রায়িত কৰিব। আমি জানো যে, আমাৰ প্রত্যেকৰে বাবে এই সময়কণ খুবেই জটিল আৰু উক্ত ভিডিঅ’টোৰ জৰিয়তে আমি একতাৰ বার্তা দিব খুজিছো আৰু ক’ব বিচাৰিছো যে আমি ধনাত্মক আৰু আশাবাদী হৈ থাকিলেহে এই মহামাৰীৰ পৰা হাত সাৰিব পাৰিম আৰু অচিৰেই এক সুন্দৰ ভৱিষ্যৎ লাভ কৰিব পাৰিম।’ উল্লেখ্য যে ‘ছানবীম’ যোৱা ২৯ মে’ৰ দূপৰীয়া ১২ বজাত সকলো ডিজিটেল প্লেটফর্মতে সর্বসাধাৰণ দর্শকৰ বাবে মুকলি কৰি দিয়া হয়। ‘লকডাউন’ৰ সকলো নীতি-নির্দেশনা পালন কৰি উক্ত ভিডিঅ’টো নির্মাণ কৰা হৈছে।

Posted by Notun Somoy on Friday, 5 June 2020

সাংস্কৃতিক প্ৰতিবেদন :

বর্তমান পৰিস্থিতিত সমগ্র বিশ্বই এক জটিল সময় অতিবাহিত কৰিছে। কোভিড-১৯ মহামাৰীয়ে সকলোকে আবদ্ধ কৰি পেলালে আৰু আমাৰ জীৱন তথা ইয়াৰ উদ্দেশ্য সন্দর্ভত পুনৰবাৰ বিচাৰ-বিবেচনা কৰিবলৈ বাধ্য কৰালে। সমগ্র বিশ্বই যিহেতু এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে, গতিকে আমিও দৃঢ় আৰু আশাবাদী হোৱা উচিত যে সোনকালে এই দুর্দশা আতঁৰ হ’ব আৰু পুনৰ স্বাভাৱিক জীৱন ঘূৰি আহিব।

জনতাৰ মাজত আশা আৰু দৃঢ়তা অক্ষুণ্ণ ৰখাৰ মানসেৰে পৰিচালক অৰুণজিত বৰাই তেওঁৰ দলৰ সৈতে লগ হৈ ‘ছানবীম’ শীর্ষক এটি পৰীক্ষামূলক লকডাউন ভিডিঅ’ প্রস্তুত কৰে, য’ত বিশ্বৰ বিভিন্ন স্থানৰ শিল্পী আৰু জনতাৰ এই জটিল সময়খিনিক সাহসেৰে মোকাবিলা কৰা সন্দর্ভত অনুভৱবোৰ অন্তর্ভুক্ত কৰা হয়। বৰা এগৰাকী মুম্বাই নিবাসী ভাৰতীয় ছবি নির্মাতা, যিয়ে ২০১৫ চনৰ পৰা সক্রিয়ভাৱে পৰিচালক হিচাপে কেইবাখনো চুটি-ছবি, বিজ্ঞাপন ছবি নির্মাণ কৰিছে৷ অতি সোনকালে ‘মিডনাইট ছং’ শীর্ষক তেওঁৰ প্রথমখন পূর্ণদৈর্ঘ্যৰ ছবিয়ে মুক্তিলাভ কৰিব।
অৰুণজিতে কয়, “বিশ্বই এক সংকটপূর্ণ সময় পাৰ কৰিছে, হয়তো মানৱজাতিৰ বাবে এয়া সবাতোকৈ জটিল সময়। তথাপি, যদিও কোভিড-১৯-এ বিশ্ববাসীলৈ যথেষ্ট শংকাভাব, চিন্তা আৰু অৱসাদ আনি দিছে, ধনাত্মক দিশটোলৈ চালে, ই এক আশীর্বাদৰ ৰূপতো আহিছে। এই পৰিস্থিতিটোৰ এক উজ্জ্বল দিশ হৈছে, ই সমগ্র বিশ্বকে একেলগ কৰিছে আৰু আমাক এটা কথা অনুভৱ কৰাই দিছে যে যদিও আমাৰ জাতি, ভাষা, ধর্ম, দেহৰ বৰণ বেলেগ বেলেগ তথাপি আমি সকলো প্রথমে মানুহ আৰু আমাৰ প্রত্যেকৰে ভিতৰত একেধৰণৰ আৱেগ-অনুভূতি বিদ্যমান। ব্যক্তিগতভাৱেও ইয়াৰ পৰা আমাৰ আত্মনিৰীক্ষণ কৰাত আৰু নিজৰ সৃষ্টিশীলতাক অধিক মুক্ত, অভিব্যঞ্জক আৰু পৰিষ্কাৰ কৰাত সহায়ক হৈছে৷’’
পৰিচালকগৰাকীয়ে লগতে কয়, ‘‘মোৰ দৃঢ় বিশ্বাস, এই সমস্যাৰ অন্তই বিশ্বক আমি ভবাৰ নিচিনাকৈ সলাই তুলিব। ভাল দিন নিশ্চয় আকৌ ঘূৰি আহিব। অন্ধকাৰ ৰাতিৰ অন্তত সদায় সূর্যোদয় হয়৷’’

‘ছানবীম’ৰ সহযোগী প্রযোজক ষ্টেনলি কোৱেলহোৱে এই সন্দর্ভত নিজৰ মনৰ ভাব ব্যক্ত কৰি কয়, ‘এই আন্তর্জাতিক পৰীক্ষামূলক লকডাউন প্রজেক্টটোৰ এটা উদ্দেশ্য আছে, আৰু মই ভাবো যে এই ভিডিঅ’টোৰ জৰিয়তে আমি সেই উদ্দেশ্যত সফল হৈছো, বিশ্বৰ বিভিন্ন স্থানৰ অংশগ্রহণকাৰীসকলৰ প্রত্যেকৰে ভাষা হয়তো আপুনি বুজি নাপাব পাৰে, কিন্তু তেওঁলোকে এটা শক্তিশালী বার্তা আমালৈ আগবঢ়াইছে যে সকলোৱে একগোট হৈ থাকিব লাগে আৰু চিন্তাধাৰা ধনাত্মক হ’ব লাগে।’

‘ছানবীম’ৰ সহকাৰী পৰিচালক তথা ভিডিঅ’টোত সন্নিবিষ্ট হিন্দী কবিতাটোৰ লেখিকা, প্রিয়াশ্রী কাশ্যপে কয়, ‘এনে এক সময়ত ‘ছানবীম’ৰ নিচিনা এটা প্রজেক্টত কাম কৰাৰ সুযোগ পাই মই খুবেই উৎসাহী। ভিডিঅ’টোৰ বিষয়বস্তু খুবেই আকর্ষণীয়, ধনাত্মক আৰু উদগনিমূলক। মোৰ পৰিচালক অৰুণজিতৰ পৰা ভিডিঅ’টোৰ ধাৰণা আৰু উদ্দেশ্য শুনাৰ পিছত, তাত কবিতাৰ অৱস্থিতি সন্দর্ভত মই নিশ্চিত হৈছিলো। আনকি ঘৰত বহি থকাৰ সময়তো আমি এই প্রজেক্টটোত যথেষ্ট কষ্ট আৰু সতর্কতাৰে কাম কৰিছিলো। আশা কৰিছো যে, ভিডিঅ’টো নির্মাণৰ সময়ত আমি যি ধনাত্মকভাব অনুভৱ কৰিছো, দর্শকেও যাতে ভিডিঅ’টো চোৱাৰ সময়ত সেই ভাবখিনি অনুভৱ কৰিব পাৰে।’

‘ছানবীম’ সম্পাদনা কৰা ৰণ্টু চেতিয়াই কয়, ‘বিশ্বৰ বিভিন্ন স্থানৰ মানুহৰ সৈতে একেলগে কাম কৰি এক অনন্য অনুভৱ লাভ কৰিলো। উদ্দেশ্য এটাই এই মহামাৰীক পৰাস্ত কৰা। দুর্যোগৰ এই জটিল সময়ত সকলোৰে সৈতে একেলগে থিয় হ’বলৈ সক্ষম হোৱাত খুবেই ভাল লাগিছে।’
আৱহ সংগীতৰ কাম কৰা ময়ূৰ নাগপালে কয়, ‘ভিডিঅ’টোৰ বাবে মই অর্কেষ্ট্রল ৰূপত সংগীত সজাইছো যিয়ে প্রেৰণা আৰু আশা চিত্রায়িত কৰিব। আমি জানো যে, আমাৰ প্রত্যেকৰে বাবে এই সময়কণ খুবেই জটিল আৰু উক্ত ভিডিঅ’টোৰ জৰিয়তে আমি একতাৰ বার্তা দিব খুজিছো আৰু ক’ব বিচাৰিছো যে আমি ধনাত্মক আৰু আশাবাদী হৈ থাকিলেহে এই মহামাৰীৰ পৰা হাত সাৰিব পাৰিম আৰু অচিৰেই এক সুন্দৰ ভৱিষ্যৎ লাভ কৰিব পাৰিম।’

উল্লেখ্য যে ‘ছানবীম’ যোৱা ২৯ মে’ৰ দূপৰীয়া ১২ বজাত সকলো ডিজিটেল প্লেটফর্মতে সর্বসাধাৰণ দর্শকৰ বাবে মুকলি কৰি দিয়া হয়। ‘লকডাউন’ৰ সকলো নীতি-নির্দেশনা পালন কৰি উক্ত ভিডিঅ’টো নির্মাণ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here