চলিত বছৰৰ হজ বাতিল! ১০০ শতাংশ ধন ঘূৰাব ভাৰতীয়ক

0
143

নিউজ ডেস্ক

কৰোনা ভাইৰাছ অতিমাৰীৰ সংক্ৰণ কমাৰ কোনো লক্ষণ নেদেখাৰ বাবে চলিত বছৰত ভাৰতীয় মুছলিমসকলৰ হজযাত্ৰাত অনিশ্চয়তাই দেখা দিছে৷ শনিবাৰে এক সূত্ৰত এই কথা প্ৰকাশ৷ অৱশ্যে এই ক্ষেত্ৰত চৌডি আৰব চৰকাৰে কোনো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু চৌডি কৰ্তৃপক্ষই হজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সিদ্ধান্ত স্পষ্ট কৰাৰ পিছতহে ভাৰত চৰকাৰে বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ সূত্ৰটোৱে লগতে এনেদৰে কয়৷

শুকুৰবাৰে ভাৰতীয় হজ কমিটিয়ে এক জাননী জাৰি কৰি কয় যে ২০২০ৰ হজৰ বাবে ভাৰতত প্ৰস্তুতি আৰম্ভ কৰিবৰ বাবে মাজত আৰু মাত্ৰ কেইটামান সপ্তাহ বাকী৷ কিন্তু চৌডি আৰব চৰকাৰে বৰ্তমানলৈ হজযাত্ৰী সন্দৰ্ভত কোনো ধৰণৰ তথ্য সৰবৰাহ কৰা নাই৷

“প্ৰাপ্ত বহু কেইটা অনুসন্ধান আৰু ২০২০ৰ হজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিশ্চয়তা প্ৰকাশৰ বিষয়ৰ ওপৰত ভিত্তি কৰি ভাৰতীয় হজ কমিটীয়ে এইটো সিদ্ধান্ত লয় যে যিসকল হজযাত্ৰীয়ে চলিত বৰ্ষৰ তেওঁলোকৰ হজযাত্ৰা বাতিল কৰিব বিচাৰে তেওঁলোকে বৰ্তমানলৈ প্ৰদান কৰা ধনৰ ১০০ শতাংশ কোনো ধৰণৰ কৰ্তন নকৰাকৈ উভতাই দিয়া হ’ব৷” ভাৰতীয় হজ কমিটীৰ মুখ্য কাৰ্যবাহী বিষয়া মাচুক আহমেদ খানৰ দ্বাৰা জাৰি কৰা জাননীখনত এনেদৰে কোৱা হৈছে৷

উল্লেখ্য যে বৰ্তমানো চৌডি আৰবত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাই আছে আৰু ২ লাখ লোকে ভাৰতৰ পৰা এইবাৰৰ হজযাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া আছে৷ এই সংখ্যা চৰকাৰীভাৱে হজযাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া লোকৰ৷ ইয়াৰ উপৰি ব্যক্তিগত বিভিন্ন সংস্থাৰ জৰিয়তেও ভাৰতৰ পৰা চৌডি আৰবলৈ প্ৰতিবছৰে বহু সংখ্যক লোকে হজযাত্ৰাত অংশ লয়৷ “আমি প্ৰস্তুতি আগবঢ়াইছিলোঁ, কিন্তু এতিয়া মাজত নিচেই কম সময় আছে৷ আমি চৌডি চৰকাৰৰ পৰা আনুষ্ঠানিক সিদ্ধান্তৰ অপেক্ষাত আছোঁ৷” এক শীৰ্ষ সূত্ৰই পিটিআইক এনেদৰে কয়৷ তেওঁ লগতে কয় যে এনেকুৱা সময়ত ভাৰতীয় লোকে হজত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলি ভবাটো অনিশ্চিত৷

উল্লেখ্য যে ভাৰত-চৌডি আৰবৰ মাজৰ ২০২০ৰ দ্বিপাক্ষিক হজ চুক্তি সম্পাদন হৈছিল বিগত ডিচেম্বৰত৷ চলিত বৰ্ষত মুঠ ২ লাখ লোকে ভাৰতৰ পৰা হজযাত্ৰা কৰাৰ আশা আছিল৷ কিন্তু জন হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য মতে, চৌডি আৰবত ৯৫ হাজাৰতকৈও অধিক কৰোনা সংক্ৰমণ আৰু ইয়াৰ ফলত ছয় শতাধিক লোকৰ মৃত্যু হৈছে৷ ইতিমধ্যে বহু কেইখন দেশে তেওঁলোকৰ নাগৰিকক হজলৈ নপঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ ভিতৰত উল্লেখনীয় হ’ল বিশ্বৰ সৰ্বাধিক মুছলিম জনসংখ্যাৰ দেশ ইন্দোনেছিয়া৷

এইবাৰৰ হজ জুলাইৰ শেষৰ সপ্তাহৰ পৰা আগষ্টৰ প্ৰথমভাগলৈ অনুষ্ঠিত হোৱাৰ কথা আছে৷ আনহাতে, হজ হ’ল ইছলাম ধৰ্মী লোকসকলে পালন কৰিবলগীয়া পঞ্চস্তম্ভৰ ভিতৰত এটা৷ বিগত বৰ্ষত সমগ্ৰ বিশ্বৰ পৰা ২.৫ মিলিয়ন মুছলমানে হজত অংশগ্ৰহণ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here