অসম নিৰ্মাণ (খণ্ড-৪) : ঘৰে ঘৰে কণী : ৰাজ্যৰ বাহিৰৰ পৰা আমি কণী নানো

0
2353

অদীপ কুমাৰ ফুকন ✍️

ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা পৰিষদৰ ২০১৯ৰ তথ্য মতে, কণীৰ জনমূৰি প্ৰয়োজন প্ৰতি বছৰে ১৮২টা৷ ভাৰতত ৬৯টাকৈ জনমূৰি কণীৰ ব্যৱহাৰ হৈ আছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা পৰিষদৰ নিৰ্ধাৰিত পৰিমাণতকৈ ভাৰতৰ লগতে অসমত যথেষ্ট কম সংখ্যক কণীৰ ব্যৱহাৰ হয়৷
২০১৯ত অসমৰ জনসংখ্যা ৩,৫৪,৯৮,৭১৪৷ জনমূৰি ৬৯টা কণীৰ ব্যৱহাৰ হয় বুলি ধৰিলে অসমত বছৰি কণীৰ প্ৰয়োজন ২৪৪.৯৮ কোটি৷ দৈনিক প্ৰয়োজন হয় ৬৭,১০,৭১৫টা। ৰাজ্য চৰকাৰৰ ২০১৬-১৭ৰ তথ্য মতে, অসমে ২৭ লাখ কণী উৎপাদন কৰাৰ বিপৰীতে ৩২ লাখ দৈনিক কণী আমদানি কৰিবলগা হয়৷ কণী বজাৰৰ বেচৰকাৰী তথ্য মতে, ৫২ লাখ কণী দৈনিক বহিঃৰাজ্যৰ পৰা অহা। এই ৫২ লাখ কণী আমি অসমতে উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰি ল’ব লাগিব৷ ইয়াৰ ফলত অসমৰ ৫টা দিশত লাভ হ’ব৷ প্ৰথমটো হ’ল, কমেও ৩ লাখ লোকৰ সংস্থাপনৰ পথ মুকলি হ’ব৷ দ্বিতীয়তে, দৈনিক ২.৬০ কোটি আৰু প্ৰতি বছৰে প্ৰায় ৯৫০ কোটি টকা অসমৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পথ বন্ধ হ’ব৷ তৃতীয়তে, কণীৰ বাবে হাঁহ-কুকুৰাৰ এক বৃহৎ ব্যৱসায় আৰম্ভ হ’ব৷ চতুৰ্থতে, হাঁহ-কুকুৰাৰ খাদ্য আৰু ঔষধৰ বাবে শিল্পায়ন গঢ়ি উঠিব৷ পঞ্চমতে, প্ৰয়োজনীয় খাদ্য প্ৰস্তুত কৰাৰ বাবে কৃষি ক্ষেত্ৰৰ বিকাশ হ’ব৷


উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখ্যা ২০১৯ বৰ্ষত ৫.৫৯ কোটি, প্ৰায় ৫,৫৯,৮২,৮০৩ জন৷ অসমকে লৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দৈনিক ১.০৬ কোটি কণীৰ প্ৰয়োজন৷ এই বৃহৎ বজাৰখনো অসমে দখল কৰা লক্ষ্য স্থিৰ কৰি ল’ব পাৰে৷ বছৰে প্ৰায় ২ হাজাৰ কোটি টকাৰ বজাৰ৷ ৰাজ্যৰ বাবে প্ৰয়োজনীয় কণী উৎপাদন কৰাৰ লগতে ৰপ্তানিৰ বজাৰখনৰ প্ৰতিও আমি লক্ষ্য স্থিৰ কৰি ল’ব লাগিব৷
অসমত ইতিমধ্যে উৎপাদন হৈ থকা কণীৰ বাহিৰে আমি দৈনিক ৫২ লাখ কণী উৎপাদনৰ বাবে কর্মসূচী গ্ৰহণ কৰিব পাৰোঁ৷


ঘৰে ঘৰে কণী : ৫ হাজাৰ গাঁৱক জড়িত কৰি ৪০ লাখ কণী উৎপাদনৰ আঁচনি হ’ল ঘৰে ঘৰে কণী৷ আমাৰ প্ৰস্তাৱ হ’ল, কণী উৎপাদন কৰিব লাগিব, পুঁজিৰ বহিঃগমন বন্ধ হ’ব লাগিব, আৰু গ্ৰাম্য-অর্থনীতিৰ ভেটি শক্তিশালী হ’ব লাগিব৷ আমাৰ প্ৰস্তাৱ হ’ল, ৰাজ্যৰ ২,০০০খন গাঁৱৰ ১০টাকৈ পৰিয়ালক দৈনিক ১০০টাকৈ কণী উৎপাদনৰ ব্যৱস্থা কৰি দিয়া হওক৷ ২০০০খন গাঁৱৰ প্ৰতিখনৰ পৰা ১০০০কৈ কণী উৎপাদন হ’লে দৈনিক ২০ লাখ কণী উৎপাদন কৰিব পৰা যাব৷
ঘৰে ঘৰে কণী কাৰ্যসূচীৰ দ্বিতীয়টো পৰ্ব হ’ল, ৰাজ্যৰ ২০০০খন গাঁৱত দৈনিক ৫০০ কণী উৎপাদন হ’ব পৰাকৈ এখনকৈ পাম স্থাপন কৰা হওক৷ একেদৰে দৈনিক ৰাজ্যৰ ১০০০খন গাঁৱত ১০০০কৈ দৈনিক কণী উৎপাদন কৰাৰ বাবে এখনকৈ পাম স্থাপন কৰা হওক৷ ৩০০০খন গাঁৱৰ পৰা দৈনিক ২০ লাখ কণী উৎপাদন কৰিব পৰা যাব৷

কণী উৎপাদনৰ তৃতীয়টো প্ৰস্তাৱ হ’ল, ৰাজ্যৰ প্ৰতিখন জিলাত ১০ হাজাৰ কণী দৈনিক উৎপাদন কৰিব পৰাকৈ চাৰিখন বৃহৎ পাম আৰম্ভ কৰিব লাগে৷ ১২০খন এনে স্তৰৰ পামৰ দ্বাৰা আমি ১২ লাখ কণী দৈনিক উৎপাদন কৰিবলৈ সক্ষম হ’ম৷ উল্লেখ্য যে, এনে স্তৰৰ কেইবাখনো বৃহৎ কণী উৎপাদনৰ পাম ইতিমধ্যেই অসমত গঢ়ি উঠিছে৷ বঙাইগাঁৱত অতুল ঘোষৰ নেতৃত্বত দৈনিক ৪০ হাজাৰ কণী উৎপাদন কৰি আছে৷ যোৰহাটত দুজন ডেকা অসমীয়াই দৈনিক ১১ হাজাৰ কণী উৎপাদন কৰাৰ বাবে বাহুবলী নামেৰে বৃহৎ পাম কৰিছে৷ আকাশ জ্যোতি গগৈ আৰু অংকুৰ ডেকাৰ নেতৃত্বত বাহুবলীয়ে দৈনিক ৬০ হাজাৰ কণী উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লৈছে৷

অসমৰ বাবে প্ৰয়োজনীয় প্ৰায় ৬৭ লাখ কণী দৈনিক উৎপাদন কৰাটো কঠিন কাম নহয়৷ তামিলনাডুত দৈনিক কণী উৎপাদন হয় ৫.১ কোটি, অন্ধ্ৰপ্ৰদেশত ৪.৬ কোটি, তেলেঙ্গানাত ৩.৬ কোটি৷ অন্ধ্ৰপ্ৰদেশত ৰাজ্যবাসীৰ বাবে দৈনিক ২.৮ কোটি কণীৰ প্ৰয়োজন হয়৷ বাকী ১.৮ কোটি কণী ৰপ্তানি কৰে৷ অসমলৈও আহে৷

৫২ লাখ কণী দৈনিক উৎপাদনৰ লক্ষ্য পূৰণ কৰাৰ বাবে চৰকাৰে বিশেষ পুঁজিৰ ব্যৱস্থা কৰাৰ লগতে বেংকসমূহৰ জৰিয়তে সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰি দিব লাগিব৷ কণী উৎপাদনৰ ক্ষেত্ৰত বিশ্ববেংক বা অন্যান্য আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰাও সাহায্য তথা অনুদান লাভ কৰিব পৰা যায়৷ কণী উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰা আঁচনিসমূহ প্ৰকৃতভাৱে কাৰ্যকৰী কৰাব লাগে৷

১৯৯৯-২০০০ চনৰ পৰা আৰম্ভ হোৱা ‘গ্ৰাম্য পিছ চোতালৰ কুকুৰা উন্নয়ন আঁচনি’ (RBPD)ৰ দ্বাৰা মহিলাসকলে সহায় লাভ কৰিব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা মতে ‘শূন্য মূলধন’ উৎপাদন নামেৰে অতি সামান্য খৰচত প্ৰাকৃতিকভাৱে কুকুৰা পুহি কণী উৎপাদনত গুৰুত্ব দিছে৷ কুকুৰা পামক ১০০ শতাংশ সাহায্য দিয়া আঁচনি আছে৷

কণী উৎপাদনৰ বাবে ব্যক্তিগত খণ্ডত সৰু, মধ্যমীয়া কণী উৎপাদনকাৰী পাম আৰু বৃহৎ আকাৰৰ ফাৰ্ম স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে পৃষ্ঠপোষকতা কৰিব লাগিব৷ চৰকাৰ যদি এইক্ষেত্ৰত দায়বদ্ধ নহয়, গুৰুত্ব নিদিয়ে, তেন্তে অসমীয়া ডেকা শক্তিয়ে নিজাববীয়াকৈ আগবঢ়াৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ স্থায়ী বজাৰ থকা কণী ব্যৱসায় সংস্থাপনৰ বাবে অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here