গট্টে কী চবজী

0
131

উপকৰণ :
বেচন : এক কাপ
পিয়াঁজ : এটা (কুটি ল’ব)
নিমখ : চাহ চামুচৰ আধা চামুচ
জলকীয়া : দুটা (শুকানে খুন্দি ল’ব)
আদা-নহৰু বটা : চাহ চামুচেৰে এক চামুচ
যনী : চাহ চামুচৰ আধা চামুচ
দৈ : এক কাপ,
ঘিউ : ডাঙৰ চামুচেৰে এক চামুচ
পানী : এক লিটাৰ
জোলৰ বাবে :
পিয়াঁজ বটা : আধা কাপ
টমেট’ পিউৰী : এক কাপ
ধনিয়া গুৰু : চাহ চামুচেৰে এক চামুচ
গৰম মচলাৰ গুৰি : চাহ চামুচেৰে এক চামুচ
ঘিউ : ডাঙৰ চামুচেৰে এক চামুচ
ধনিয়া পাত : এমুঠি (কাটি ল’ব)
নিমখ : চাহ চামুচেৰে আধা চামুচ
জলকীয়া গুৰি : চাহ চামুচেৰে এক চামুচ
প্ৰণালী :
বেচনৰ লগত কুটা পিয়াঁজ, খুন্দা জলকীয়া, নিমখ, আদা-নহৰু বটা, যনী আৰু ঘিঁউ মিলাই ভালকৈ সানিব৷ এক মিনিটমান সনাৰ পিছত তাতে দৈ মিহলাব৷ দৈৰে বেচনখিনি সানি কল একোটাৰ দৰে দীঘলীয়া আকাৰৰ কৰিব আৰু সেইবোৰ উতলা পানীত প্ৰায় ৩০ মিনিট দি সিজাব৷
এই দীঘলীয়া গট্টাবোৰ পানীৰ পৰা টুকি ঠাণ্ডা হ’বলৈ দিয়ক৷ প্ৰায় এক ইঞ্চি জোখৰ সৰু সৰু টুকুৰা কৰক৷ গট্টা সিজোৱা পানীখিনি পেলাই নিদিব৷

জোলৰ বাবে বটা পিয়াঁজখিনি ঘিঁউত ৰঙচুৱাকৈ ভাজক৷ টমেট’ পিউৰী দিয়ক আৰু গট্টা সিজোৱা পানীখিনি দি উতলিবলৈ দিয়ক৷ ১০ মিনিটমান উতলাৰ পাছত আগতে কাটি থোৱা গট্টাখিনি দি গৰমে গৰমে পৰিৱেশন কৰক৷ কুটি থোৱা ধনিয়া পাতেৰে সজাই ল’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here