দুধি হালৱা

0
148

উপকৰণ :
ৰোকা লাও : দুই কাপ
চেনি : এক কাপ আৰু চাৰি ভাগৰ এক
খোয়া : এক কাপ
ইলাচিৰ গুৰি : চাহ চামুচেৰে এক চামুচ
ছিলভাৰ ফইল : দুখন (সজাবৰ বাবে, ঐচ্ছিক)
পেস্তা : চাৰিটামান (সজাবৰ বাবে, ঐচ্ছিক)
প্ৰণালী :
কুমলীয়া লাও এটা ৰুকি লওক৷ ৰোকোঁতে লাওৰ পৰা ওলোৱা পানীখিনি পেলাই নিদিব৷ ডাঠ তলিৰ পাত্ৰ এটা জুইৰ ওপৰত বহাই দি তাতে লাওখিনি দিব৷ লাওৰ পানীখিনি শুকাই গ’লে লাও সিজিলে চেনি দিব৷ ভালকৈ লৰাব৷ চেনিখিনি ভালকৈ গলি লাওখিনি লাহে লাহে ডাঠ হৈ আহিলে খোয়া আৰু ইলাচিৰ গুৰি দিয়ক৷ হালোৱাৰ দৰে ডাঠ হ’লে কাঁহী এখনত মেলি দি ছিলভাৰ ফইলেৰে সজাই টুকুৰা-টুকুৰকৈ কাটক৷ ইচ্ছা কৰিলে ওপৰত পেস্তা কেইটামানো দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here