ভাৰত-চীন সংঘাতৰ কেন্দ্রবিন্দু গালৱান উপত্যকাৰ নামৰ সৈতে জড়িত ইতিহাস জানেনে?

0
185

# আজিজুৰ ৰহমান হাজৰিকা #

ধূসৰ পাহাৰ আৰু বৰফে ঢকা শৈল চূড়া। লাডাখৰ এই লেণ্ডস্কেপৰ মাজেৰেই বৈ গৈছে গালৱান নদী। যাৰ উৎস কাৰাকোৰাম পর্বতমালাৰ পূব অংশ। আকছাই চীন পাৰ হৈ লাডাখৰ ওপৰেদি গৈ শিয়ক নদীত মিলিছে সেই ধাৰা। এই গতিপথৰ মাজতেই অংকন কৰা হৈছে ভাৰত আৰু চীনৰ মাজৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলঅ’চি)। সম্প্রতি দুই পৰমাণু শক্তিধৰ দেশৰ সীমান্ত সংঘাতৰ কেন্দ্রবিন্দু হৈ উঠিছে পূব লাডাখৰ এই গালৱান উপত্যকা। ‘গালৱান’ শব্দৰ অর্থ ডকাইত। অর্থাৎ ডকাইতৰ উপত্যকা। ব্রিটিছ ৰাজত্বত এইসমূহ এলেকা লুণ্ঠনকাৰীসকলৰ মুক্তাঞ্চল হৈ উঠিছিল। এই গালৱান নদী আৰু উপত্যকাৰ ৰুক্ষ ভূগোলৰ সৈতেই জড়িত আছে ভিন্ন স্বাদৰ এক ইতিহাস।

নতুন দিল্লী আৰু বেইজিং দুই পক্ষৰ ওচৰতেই কৌশলগত দিশৰ পৰা অতি গুৰুত্বপূর্ণ এই গালৱান উপত্যকা। পৃথিৱীৰ উচ্চতম সীমান্ত এলেকাসমূহৰ ভিতৰত অন্যতম এই এলেকা। আৰু সেই কাৰণেই ভূ-ৰাজনৈতিক দিশৰ পৰা এই এলেকাৰ গুৰুত্বই ভিন্ন মাত্রা পাইছে।

বিগত বহু কেইটা দিন ধৰিয়েই গালৱান উপত্যকাত সমুখ সমৰ অৱস্থাত আছে ভাৰত আৰু চীনৰ সেনা। সেনা স্তৰত বিভিন্ন পর্যায়ৰ বৈঠকেও দুই পক্ষৰ সম্পর্কৰ বৰফ গলাব পৰা নাই।

সোমবাৰে নিশা এই উপত্যকাতেই সংঘর্ষত নামি পৰে ভাৰত আৰু চীনৰ সেনাবাহিনী। তাৰ পিছৰ পৰাইই গলৱান উপত্যকাৰ নাম উচ্চাৰিত হৈ আছে বাৰে বাৰে।

১২৫ বছৰ পূৰ্বে গালৱান উপত্যকাৰ নামকৰণ কৰা হৈছিল লাডাখৰেই এগৰাকী এডভেন্সাৰাৰ (অভিযাত্ৰী) গুলাম ৰছুল গালৱানৰ নামত। লাডাখ আৰু আশপাশৰ এলেকা আছিল তেওঁৰ নখদর্পণত। বহুতৰ মতে, ‘গালৱান’ শব্দৰ অর্থ যি বাস্তৱত সেয়া পেছা আছিল গুলাম ৰছুলৰ। সেই গুলাম ৰছুলেই ব্রিটিছ অভিযাত্রী দলৰ পথ প্রদর্শক হৈ উঠিছিল।

আত্মজীৱনী ‘ছার্ভেণ্ট অব চাহিবছ’ পুথিত একাধিক লোমহর্ষক অভিযানৰ কথা লিখিছে গুলাম ৰছুল গালৱানে। হিমালয়, তিব্বত বা ইয়াৰখণ্ডত নানা অভিযানত যোগ দিছিল গুলাম ৰছুলে। তাৰেই নানা কাহিনী লিপিবদ্ধ আছে এই গ্ৰন্থখনত।

পাহাৰ-পর্বতত নিত্যনতুন অভিযানত গুলাম ৰছুলৰ জীৱন সংগ্ৰাম মাত্র ১২ বছৰ বয়সতে। পয়ালৰ অৱস্থা অতি দৰিদ্র। সেয়ে এই বয়সতেই ছাৰ ফ্রান্সিছ ইয়ংহাছবেণ্ডৰ দলত কুলি হিচাবে যোগ দিছিল ৰছুলে।

১৮৯২ত ছার্লছ মাৰে (ছেভেন্থ আর্ল অব ডানম’ৰ) আৰু ব্রিটিছ সেনাবাহিনীৰ এগৰাকী লেফটেনেণ্ট কৰ্ণেলৰ সৈতে অভিযানত ওলায় গুলাম ৰছুল। আৰু গালৱান নদীৰ নামকৰণৰ কাহিনীৰ সূত্রপাত সেই অভিযান লৈয়েই। তেতিয়া গুলাম ৰছুলৰ বয়স মাত্র ১৪। সেই অভিযাত্রী দলটোৰ লক্ষ্য আছিল, আজি যিখন গালৱান নদী তাৰ উৎস বিচাৰি উলিওৱা।

পথ অতি দুৰ্গম৷ অতি শোচনীয় পৰিৱেশ। যাৰ ফলত ভিন্ন দেশৰ মানুহৰ পথ হেৰুওৱাটো তাত এটা নিয়মৰ লেখীয়ার। সেই আশঙ্কা সত্য প্ৰমাণিত কৰিয়েই এলেকাটোত ৰাস্তা ভুল কৰি অন্য পথে গুচি যায় ছার্লছ মাৰেৰ কাৰাভান।

এফালে খাদ, আনফালে ওখ পাহাৰ। দুর্গম এলেকাত পথ হেৰুৱাই কার্যত দিশহাৰা হৈ পৰে ছার্লছ মাৰে আৰু তেওঁৰ দলটো।

প্ৰায় মৃত্যুৰ মুখলৈয়ে আগবাঢ়িছিল অভিযাত্রীৰ দলটো। অৱশেষত যে আশাৰ ৰেঙনি দেখায় ১৪ বছৰীয়া বালক গুলাম ৰছুলে। সেই দুর্গম এলেকাৰ ভিতৰেৰেই সহজ পথ বিচাৰি বাহিৰ কৰে তেওঁ।

ৰছুলে দেখুওৱা ৰাস্তাৰে আহি এটি নদীৰ তীৰত উপস্থিত হয় অভিযাত্রী দলটো। ১৪ বছৰীয়া সেই কিশোৰ ৰছুলৰ গুণত অভিযাত্রী দলৰ নেতা ছার্লছ মাৰে ইমানেই মুগ্ধ হয় যে সেই নদীৰ নামকৰণ কৰে ‘গালৱান জান’ হিচাপে। আৰু তাৰ পিছৰ পৰাই এই উপত্যকা আৰু নদী গালৱান নামেৰেই পৰিচিত।

কুলি বা ঘোঁৰা চালকৰ পেছাৰে জীৱন আৰম্ভ কৰি লেহৰ ব্রিটিছ জয়ণ্ট কমিছনাৰৰ প্রধান সহকাৰী পর্যন্ত হৈছিল গুলাম ৰছুল। কিন্তু লাডাখৰ সেই পাহাৰ, নদী, গিৰিখাদে তেওঁক আকৰ্ষণ কৰি থাকে।  এটাৰ পিছত আন এটা অভিযানত চামিল হৈছিল তেওঁ। সেই পথেই আছিল তেওঁৰ একমাত্র নিচা।

মাত্র ৪৭ বছৰ জীয়াই আছিল ৰছুল। কিন্তু লাডাখৰ এই বেপৰোৱা অভিযাত্রীৰ নামৰ সৈতেই জড়িত হৈ গৈছে গালৱান উপত্যকা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here