বিষ্ণু ৰাভা এতিয়া বহু ৰাতি…

0
179

# আজিজুৰ ৰহমান হাজৰিকা #

বিষ্ণু ৰাভা এতিয়া বহু ৰাতি!

শুই আছা তুমি,

শুই আছে অসমীয়া জাতি

বিষ্ণু ৰাভা এতিয়া বহু ৰাতি!

অসমী আই

কামাতুৰৰ নাগপাশত বন্দী,

সতীত্ব বচাবলে’

সাৰ পোৱা নাই জাতি৷

নিগৰি নিগৰি ওলাইছে মাথোঁ

দুখুনী আইৰ চকুপানী,

বিষ্ণু ৰাভা এতিয়া বহু ৰাতি!

কৃষক, শ্ৰমিক, ৰণুৱা

দাসত্বৰ বান্ধোনত সৰ্বহাৰা-

কোনে ভাঙিব দুৱাৰৰ দাং,

ছিঙিব দাসত্বৰ শিকলি,

খুলিব কাৰাৰ ফাটেক?

শুই আছে অসমীয়া জাতি

বিষ্ণু ৰাভা এতিয়া বহু ৰাতি!

‘বগা বঙাল’ৰ ঔৰসজাত

‘নীলা শিয়াল’ৰ ৰাজত্ব-

চৌদিশে এতিয়া

আৰ্তজনৰ নিনাদ…

চকুমেলা বিষ্ণু ৰাভা

সাৰ পাওক অসমীয়া জাতি

বিষ্ণু ৰাভা এতিয়া বহু ৰাতি!

আজি সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু তিথি৷ সমগ্ৰ ৰাজ্যই এইগৰাকী স্বাধীনতা সংগ্ৰামী, সংগীত শিল্পী, সাহিত্যিকৰ মৃত্যু তিথিটো প্ৰতি বছৰে বিষ্ণু ৰাভা দিৱস হিচাপে উলহমালহেৰে পালন কৰে৷ কিন্তু এই বছৰ কৰোনা মহামাৰীৰ প্ৰকোপৰ বাবে ৰাজ্যত চৰকাৰী তথা বিভিন্ন দল-সংগঠনৰ উদ্যোগত অনুষ্টুপীয়াভাৱে হ’লেও এইগৰাকী মহান শিল্পীক মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছে৷

বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল প্ৰাক্‌-স্বাধীন ভাৰতৰ বেংগল প্ৰেছিডেন্সীৰ ঢাকাত ১৯০৯ চনৰ ৩১ জানুৱাৰীত৷ তেওঁ আছিল একেধাৰে সংগীত-নৃত্য-চিত্ৰ শিল্পী, সাহিত্যিক তথা ৰাজনীতিবিদ৷ তেওঁ আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সেনানী৷

বিষ্ণু ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ মোছাহাৰী এগৰাকী বড়ো সম্প্ৰদায়ৰ লোক আছিল যদিও ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ বাবে ৰাভা উপাধি গ্ৰহণ কৰিছিল আৰু গোপাল চন্দ্ৰ ৰাভা হিচাপে জনাজাত হৈ পৰিছিল৷

বিষ্ণু ৰাভাই স্কুলীয়া শিক্ষা তেজপুৰ চৰকাৰী হাইস্কুলত গ্ৰহণ কৰিছিল যদিও উচ্চ শিক্ষাৰ বাবে তেওঁ পিছত কলিকতালৈ যায়৷ কলিকতাৰ ছেণ্ট পলছ কেথেড্ৰেল মিছন কলেজৰ পৰা আইএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিএছচিৰ বাবে ৰিপন কলেজত নামভৰ্তি কৰে৷

ছাত্ৰ অৱস্থাৰে পৰাই বিষ্ণু ৰাভাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ পৰে৷ ইয়াৰ পিছত তেওঁ কমিউনিষ্ট ধাৰাৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সক্ৰিয় সদস্য হয়৷ কিন্তু কিছু মানসিক সংঘাতৰ বাবে তেওঁ পিছত ৰিভলুচনাৰী কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়া (আৰচিপিআই)ত যোগদান কৰে৷

১৯৫১ চনত, জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পিছত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি হয়৷

তেওঁৰ সৃষ্টি ‘বেনো কোবাং’ অসমৰ বিভিন্ন জনগোষ্ঠীৰ এক ঐতিহাসিক দলিল৷ তেওঁৰ অন্যান্য সৃষ্টিৰাজিৰ ভিতৰত মিছিং কনেং, সোণপাহি, অসমীয়া কৃষ্টিৰ চমু আভাষ, অতীত অসম অন্যতম৷

জনতাৰ শিল্পী, কৃষক-বনুৱাৰ আজন্ম মুক্তিকামী বিষ্ণুৰাভাই ব্ৰিটিছৰ পৰা উপহাৰ হিচাপে লাভ কৰা ২৫০০ বিঘা মাটি হালোৱা-হজুৱাৰ বাবে দান কৰিছিল৷ তেওঁৰ অন্যতম শ্লোগান আছিল ‘হাল যাৰ মাটি তাৰ’৷ উল্লেখ্য যে বৰ্তমানৰ তেজপুৰ বিশ্ববিদ্যালয় তেওঁ দান কৰা মাটিৰ ওপৰতে প্ৰতিষ্ঠিত৷

ওৰেটো জীৱন তেওঁ বিৰামহীনভাৱে সাধাৰণ জনতাৰ হকেই কাম কৰি ঘূৰি ফুৰিছিল৷ তেওঁৰ উদাত্ত আৰু হৃদয়স্পৰ্শী ভাষণে সাধাৰণ জনতাক বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ তেওঁ দেশৰ তথাকথিত স্বাধীনতাক মানি ল’ব পৰা নাছিল৷ স্বাধীনতাৰ নামত দেশৰ খাটিখোৱা জনতাক পুনৰবাৰ ৰাজনৈতিক পৰাধীনতাৰ শিকলিৰে বন্ধাৰ কৌশলৰ বিৰোধিতা কৰিছিল৷ আৰু সেয়েহে কৈছিল, ‘ইয়ে আজাদী ঝুঠা হ্যে’৷

ইয়াৰ অন্যতম কাৰণ আছিল স্বাধীনতা লাভ কৰিলেও দেশৰ দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ লোকসকল একে অৱস্থাতেই থাকিব আৰু অসমখনে ঔপনিবেশিক ভাৰতৰ পৰা স্বাধীন হ’ব নোৱাৰে৷ তেওঁৰ মতে প্ৰকৃত স্বাধীনতা সংগ্ৰাম আৰম্ভ হ’ল ১৯৪৭ চনৰ পৰাহে৷ এগৰাকী ৰাজনীতিবিদৰ উপৰি তেওঁ আছিল তীক্ষ্ণ মেধাসম্পন্ন শিক্ষাবিদ আৰু গৱেষক৷

অসমৰ সংস্কৃতিৰ পথাৰখনত বিষ্ণু ৰাভাৰ সুবাস নজহা নপমা৷ তেওঁৰ অমৰ সৃষ্টি গীতসমূহে প্ৰতি নিয়ত দি যাব সত্য-শিৱ-সুন্দৰৰ সন্ধান, কৈ যাব মুক্তিকামী জনতাৰ হৃদয়ৰ ব্যথা, দেখুৱাই যাব দাসত্বৰ বান্ধোন ছিঙি সূৰ্যমুখী সপোন গঢ়াৰ ৰাস্তা৷

বিষ্ণু ৰাভাৰ কণ্ঠত বৰগীতে লাভ কৰিছিল এক অনন্য মাত্ৰা৷ তেওঁৰ কণ্ঠৰ যাদু আছিল অমিয়৷ শতাধিক গীতৰ গীতিকাৰ বিষ্ণু ৰাভাৰ গীতবোৰ আজিও বিষ্ণু ৰাভা সংগীতৰূপে সময় আৰু পৰিস্থিতিৰ লগত খাপ খোৱা চিৰ নতুন গান হিচাপে উজলি আছে৷ তেওঁৰ হাতৰ নিজৰি কাপ নিগৰি ওলোৱা প্ৰতিটো গীত আৰু কবিতাৰ দৰে তুলিকাৰো আছিল সমানেই সন্মোহিনী শক্তি৷ তেওঁ অংকন কৰা চিত্ৰ এতিয়াও তেজপুৰৰ বাসগৃহত সংগৃহীত আছে৷ বিষ্ণু ৰাভাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল শংকৰদেৱৰ অনন্য প্ৰতিকৃতি৷

তেজপুৰৰ বান থিয়েটাৰ আছিল বিষ্ণু ৰাভাৰ নাটকৰ কঠীয়াতলী৷ বিষ্ণু ৰাভাই অভিনয় কৰা বহুকেইখন কালজয়ী নাটকৰ গৰিমাৰে মহিমামণ্ডিত বান থিয়েটাৰ৷ ‘চিৰাজ’ আৰু ‘এৰাবাটৰ সুৰ’ কথাছবি দুখনৰ জৰিয়তে তেওঁৰ ছবি নিৰ্দেশক আৰু সংগীতকাৰৰ ভাবমূৰ্তিও প্ৰতিষ্ঠা কৰি গৈছে৷

অসমীয়া ছবি উদ্যোগৰ পথিকৃৎ জ্যোতিপ্ৰসাদৰ জয়মতী নিৰ্মাণৰ কামতো তেওঁ জড়িত আছিল৷

এইগৰাকী যুগনায়কৰ নিজৰ সপোনৰ সমাজ, সপোনৰ অসম, সপোনৰ ভাৰত গঢ়াৰ সপোন কিন্তু সপোন হৈয়ে ৰ’ল৷ মাত্ৰ ৬০ বছৰ বয়সতে নোপোৱাৰ বেদনা আৰু কৰিব নোৱাৰাৰ হুমুনিয়াহেৰে ১৯৬৯ চনৰ ২০ জুনত এই সংসাৰৰ মায়া ত্যাগ কৰে৷ বিষ্ণু ৰাভাৰ পাৰ্থিৱ শৰীৰ এই ধৰাৰ বুকুৰ পৰা নোহোৱা হ’লেও তেওঁৰ আদৰ্শ কিন্তু সদায় সজীৱ হৈ থাকিব৷ কৃষক-বনুৱাৰ দুখ-দুৰ্দশা নাতৰালৈকে বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা সদায় থাকিব৷ মৃত্যু বা জন্মদিনত কেৱল স্মৃতিচাৰণতে এইগৰাকী যুগদ্ৰষ্টাক সীমাবদ্ধ নাৰাখি আহক আমি সকলোৱে পণ লওঁ- এখন শ্ৰেণীহীন, বৰ্ণহীন, শোষক-শাসকহীন সমাজ গঢ়াৰ পথত অগ্ৰসৰ হওঁ৷

শেষত তেওঁৰ কথাৰেই- ‘ৰাজ্যে আছে দুটি পাথা, একটি কালো একটি চাদা, ৰাজ্যেৰ যদি ভালো চাও, দুইটি পাথা বলি দাও৷’

LEAVE A REPLY

Please enter your comment!
Please enter your name here