প্লাষ্টিকৰ ব্যৱহাৰযোগ্যতা কেনেদৰে জানিব?

0
130

বিশেষ প্ৰতিবেদন :
প্লাষ্টিক বটলৰ তলিত থকা ত্রিকোণ চিহ্নৰ কথা কথা জানেনে আপুনি? এই ত্ৰিকোণ চিহ্নৰ মানে বুজিলে বহু সমস্যাৰ সমাধান হৈ যাব পাৰে নিমিষতে।

১. ত্রিকোণ চিহ্ন— এইটো প্রকৃততে প্লাষ্টিক বটলৰ চাৰিত্রিক ইনডেক্স। এই চিহ্নটো থাকিলে বুজা যায় বটলটো বিধিসম্মতভাবে তৈয়াৰী। কিন্তু, বটলটো ব্যৱহাৰৰ কিমান নির্ভৰযোগ্য বা কেনেধৰণৰ বস্তু তাত ৰাখিব পৰা যাব, তাক ত্রিকোণ চিহ্নৰ মাজত থকা সংখ্যাৰ দ্বাৰা বুজা যায়।

২. ত্রিকোণৰ মাজত ১ সংখ্যা থাকিলে— ইয়াৰ মানে বটলটো এবাৰেই মাত্র ব্যৱহাৰ কৰিব পৰা যাব আৰু বটলটোত পলিথিলিন টেৰেপথেলেট প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। এই ধৰণৰ বটল বহু ব্যৱহাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক।

৩. ত্রিকোণৰ মাজত ২ সংখ্যা থাকিলে— এই ধৰণৰ প্লাষ্টিক বটলত ঘন পলিথিন ব্যৱহাৰ কৰা হৈছে। মূলত ছেম্পু বা ডিটাৰজেন্ট ৰখাৰ ক্ষেত্রত এই ধৰণৰ বটল ব্যৱহাৰ হয়।

৪. ত্রিকোণৰ মাজত ৩ সংখ্যা থাকিলে— এই ধৰণৰ বটল বেছি ব্যৱহাৰ কৰা উচিত নহয়। কাৰণ, এই বটল তৈয়াৰ হয় ‘পলিভিনিল ক্লোৰাইড’ বা ‘পিভিচি’ৰ পৰা। ইয়াত কেন্সাৰ হোৱাৰ আশঙ্কা থাকে। ‘পিনাট বাটাৰ’ ৰাখিবলৈ এই বটল ব্যৱহাৰ কৰা হয়।

৫. ত্রিকোণৰ মাজত ৪ সংখ্যা থাকিলে— এই ধৰণৰ প্লাষ্টিক বহু ব্যৱহাৰৰ উপযোগী। বিশেষকৈ, প্লাষ্টিকৰ পেকেটত এই চিহ্ন প্রচুৰ দেখা যায়। খুব দামী বটলত এই চিহ্ন থাকে।

৬. ত্রিকোণৰ মাজত ৫ সংখ্যা থাকিলে— এই ধৰণৰ প্লাষ্টিক একদম নিৰাপদ আৰু ব্যৱহাৰৰ যোগ্য। আইচক্রিম কাপ বা চিৰাপৰ বটল অথবা খাদ্যৰ কন্টেইনাৰত এই ধৰণৰ চিহ্ন দেখা যায়।

৭. ত্রিকোণৰ মাজত ৬ অথবা ৭ সংখ্যা থাকিলে— প্লাষ্টিকৰ ৰেড কার্ড বোলা হয় ইয়াক। এই ধৰণৰ প্লাষ্টিক মাৰাত্মকভাৱে ক্ষতিকাৰক। কাৰণ এই ধৰণৰ প্লাষ্টিক তৈযাৰ হয় পলিস্টিৰিন আৰু পলিকার্বনেট বিছপেনলেৰে। ই মানুহৰ মাজত হৰমোন সমস্যা সৃষ্টি কৰে। ক্রমাগত এই ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰে কেন্সাৰৰ প্রবণতা বৃদ্ধি কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here