পলকতে হোৱা কাটলেট

0
159

উপকৰণ : চিৰা ১ কাপ, নিউট্ৰি নাগেটৰ দানা আধা কাপ, পিয়াঁজ এটা, ডাঙৰ আলু ২টা, আদা-নহৰু-জলকীয়া বটা ১ চাহ চামুচ, ময়দা ২ ডাঙৰ চামুচ, গুড়ি কৰি লোৱা চীজ বা পনীৰ ২ ডাঙৰ চামুচ, জলকীয়া গুড়ি আধা চাহ চামুচ, ধনীয়া পাউডাৰ ১ চাহ চামুচ, নিমখ আন্দাজমতে, ভাজিবৰ বাবে তেল৷
প্ৰণালী : আলু আৰু পিয়াঁজ ৰুকি ল’ব৷ তেলৰ বাহিৰে ওপৰত উল্লেখ কৰা আটাইখিনি উপকৰণ মিহলাই ভালকৈ সানি ল’ব৷ তাতে ডাঙৰ চামুচেৰে ২ চামুচ পানীও আটাইখিনি ভালকৈ সানি কাটলেটৰ আকাৰ বা যিকোনো সাজি এটা এটাকৈ তেলত ভাজিব৷ সোণালী ৰঙৰ হ’লে তেলৰ পৰা তুলি গৰমে গৰমে টমেট’ চচ, পদিনা চাটনিৰ সৈতে পৰিৱেশন কৰক৷

মালপোৱা

উপকৰণ : ময়দা ১ কাপ, দৈ ডাঙৰ চামুচ, চেনি ১ চাহ চামুচ, ইলাচি আধা চাহ চামুচ, ঘিঁউ ১ চাহ চামুচ, পানী ২ ডাঙৰ চামুচ আৰু ভাজিবৰ বাবে৷
প্ৰণালী : চেনি, ময়দা, দৈ আৰু ঘিঁউ ভালকৈ মিহলাই লওক৷ পানী দি ঘোলা বনাওক৷ এতিয়া ইলাচি গুড়ি দি ঘোলাখিনিৰে এটা এটাকৈ পিঠাৰ দৰে মালপোৱা বনাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here