মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি : কৃষিভূমিৰ ওপৰত ইমান চকু কিয় ?

0
238

অদীপ কুমাৰ ফুকন

মাননীয় মুখ্যমন্ত্ৰী মহোদয়,

২০১৮ চনৰ ১৮ জানুৱাৰীত ৰাজ্য চৰকাৰে বিচৰা ভিত্তিত ৰাজ্যপালে আৰ এল এ ১৯২/২০১৭/৩০ জাননীৰ জৰিয়তে প্ৰকাশ কৰিছিল যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা টিহু আৰু জালুকবাৰীৰ পৰা কুকুৰমাৰালৈ পথৰ পৰা ৫০০ মিটাৰ এৰি ১ কিলোমিটাৰলৈ ঔদ্যোগিক মণ্ডল। জালুকবাৰীৰ পৰা টিহুলৈ দূৰত্ব ৯১ কিলোমিটাৰ আৰু কুকুৰমাৰালৈ ২৫ কিলোমিটাৰ। দুয়োকাষৰ ভূমি লৈ ২৩২ বৰ্গকিলোমিটাৰ। নিৰ্বাচনলৈ প্ৰায় ২৭৫টা দিন থকা সময়ত চৰকাৰে উদ্যোগ স্হাপনৰ নামত কৃষিভূমিৰ ওপৰত চকু দিয়াৰ আগতে ২৩২ বৰ্গকিলোমিটাৰ এলেকাৰ ঔদ্যোগিক মণ্ডলত কিবা উদ্যোগ গঢ়িলে নে পানীৰ দৰত খিলঞ্জীয়াৰ মাটি বাহিৰৰ ব্যৱসায়ীৰ হাতত তুলি দিলে,সেই কথা ৰাজহুৱা কৰক।

লকডাউন আৰু সান্ধ্য আইনৰ মাজত সকলোকে গৃহবন্দী কৰি আপোনাৰ নেতৃত্বাধীন চৰকাৰে খিলঞ্জীয়াৰ হাতৰ পৰা অতি কৌশলেৰে মাটি কাঢ়ি নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উদ্যোগ স্হাপনত সহযোগ কৰাৰ নামত ৰাজহ বিভাগৰ অনুমোদন নোহোৱাকৈ অনা কৃষিৰ বাবে অৰ্থাৎ উদ্যোগ স্হাপনৰ বাবে ৰাজ্যৰ কৃষিভূমি ব্যৱহাৰ কৰিব পাৰিব বুলি ৩০ জুনত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। নাগৰিকত্ব আইন সংশোধন কৰি অসমীয়া জাতিক সংকটলৈ ঠেলি এতিয়া খিলঞ্জীয়াৰ ভূমি বহিৰাগতৰ দখললৈ নিয়াৰ ষড়যন্ত্ৰত বিজেপি চৰকাৰ লিপ্ত হৈছে বুলি ভাৱিবলৈ আমি বাধ্য হৈছোঁ।এই ব্যৱস্থা অসমবিৰোধী, খিলঞ্জীয়াবিৰোধী, কৃষকবিৰোধী।

মুখ্যমন্ত্ৰী মহোদয়, আপোনালৈ আমাৰ মুকলি প্ৰশ্ন — উদ্যোগ স্হাপনৰ বাবে অসম চৰকাৰৰ হাতত ২৩২ বৰ্গকিলোমিটাৰ এলেকাৰ বাহিৰেও যথেষ্ট ভূমি আছে। ৰাজ্যত ১৬টা ঔদ্যোগিক অঞ্চল আছে, ১৭টা ঔদ্যোগিক এলেকা আছে, ১১টা উন্নয়ন কেন্দ্ৰ আছে, ৬৪টা বাণিজ্যিক অঞ্চল আছে, উদ্যোগৰ আন্তঃগাথঁনিৰ বাবে ১০টা এলেকা আছে, ৰপ্তানি কৰিব পৰা সামগ্ৰী উৎপাদনৰ বৃহৎ এলেকা আছে। ইয়াৰ পিছত চৰকাৰক কৃষি ভূমি কি স্বাৰ্থত প্ৰ‌য়োজন হৈছে ?

চৰকাৰৰ হাতত উদ্যোগ স্হাপনৰ বাবে ১০.৬৬ বৰ্গকিলোমিটাৰ এলেকা আছে। ৮০ লাখ বৰ্গমিটাৰ মুকলি ভূমি আছে। ইয়াৰে ৩২ লাখ বৰ্গমিটাৰ ভূমি ব্যৱহাৰ কৰা হৈছে আৰু ৪৮ লাখ বৰ্গমিটাৰ ভূমি মুকলি হৈ আছে। এনে অৱস্থাত কৃষিভূমিৰ ওপৰত চৰকাৰৰ চকু কিয় ? চৰকাৰক উদ্যোগ স্হাপনৰ বাবে প্ৰকৃতাৰ্থত যদি আৰু ভূমিৰ প্ৰয়োজন হৈছে, তেন্তে দেৰগাঁও চেনিকলৰ ভূমি, যোগীঘোপা কাগজ কলৰ ভূমি, চন্দ্ৰপুৰৰ বিদ্যুৎ প্ৰকল্পৰ ভূমি উদ্যোগ স্হাপনৰ বাবে দিব পাৰে।কৃষকৰ হাতত থকা কৃষিভূমিত উদ্যোগ স্হাপনৰ সিদ্ধান্ত কিয় ? কোনো শক্তিৰ পৃষ্ঠপোষকতাত কয়লা ছিণ্ডিকেটৰ দৰে নিৰ্বাচনৰ পুঁজিৰ বাবে কৃষিভূমিৰ ছিণ্ডিকেট মুকলি কৰিব বিচাৰে নেকি ? মুখ্যমন্ত্ৰী মহোদয়, চৰকাৰখনক আৰু তললৈ যাবলৈ নিদিব। কেবিনেটত আপোনাৰ সতীৰ্থ মন্ত্ৰীসকলে গ্ৰহণ কৰা ভয়ংকৰ সিদ্ধান্তটো প্ৰত্যাহাৰ কৰক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here