প্ৰখ্যাত বলিউড কৰিঅগ্রাফাৰ সৰোজ খানৰ দেহাৱসান

0
128

নিউজ ডেস্ক :

বলিউডৰ প্ৰখ্যাত কৰিঅগ্রাফাৰ সৰোজ খানৰ বৃহস্পতিবাৰে মাজনিশা মুম্বাইৰ এখন হস্পিটেলত মৃত্যু হয়। বুধবাৰে নিশাৰ পৰাই তেওঁৰ অৱস্থাৰ অবনতি ঘটিছিল আৰু বৃহস্পতিবাৰে নিশা দুই বজাত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

শ্বাসকষ্টৰ সমস্যাৰ বাবে যোৱা ২০ জুনত সৰোজ খান বান্দ্রাৰ গুৰু নানক হস্পিটেলত ভর্তি হৈছিল। অন্য একো লক্ষণ নাথাকিলেও শ্বাসকষ্টৰ সমস্যাৰ বাবে তেওঁৰ কোভিড-১৯ পৰীক্ষা কৰা হয় যদিও পৰীক্ষাৰ ৰিপোর্ট নিগেটিভ আহিছিল। প্রায় চাৰি দশক ধৰি বলিউডৰ সৈতে জড়িত হৈ আছিল সৰোজ খান। দুই হাজাৰৰো অধিক গানত তেওঁ কৰিঅগ্রাফি কৰিছে। তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল তেওঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here