চিবিএছইৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিল ধৰ্মনিৰপেক্ষতা, গণতান্ত্ৰিক অধিকাৰ, জাতীয়তাবাদ!

0
154

নিউজ ডেস্ক :

কৰোনাৰ কাৰণে চিবিএছইয়ে মঙ্গলবাৰেই জনাইছিল যে নৱম আৰু দ্বাদশ শ্রেণীৰ চিলেবাছত কিছু কৰ্তন কৰা হ’ব। কৰোনাত সমগ্ৰ দেশত স্কুল, শিক্ষা প্রতিষ্ঠান বন্ধ হোৱাৰ কাৰণে ছাত্র-ছাত্রীসকলৰ বহু ক্ষতি হৈছে আৰু সেই কাৰণেই চিবিএছইয়ে এই সিদ্ধান্ত লৈছে বুলি জনাইছে। এইবাৰ ইয়াতকৈও আগুৱাই গৈ বুধবাৰে জনাইছে যে, ৰাষ্ট্রবিজ্ঞান আৰু অর্থনীতিৰ ছিলেবাছৰ পৰা গুৰুত্বপূর্ণ অধ্যায় বাদ পৰিছে। ফলত ইয়াক লৈ এতিয়া সৃষ্টি হৈছে নতুন বিতর্ক।

উল্লেখযোগ্য যে চিবিএছইয়ে জনাইছিল যে, ২০২০-২১ শিক্ষাবর্ষৰ বাবে ৩০ শতাংশ ছিলেবাছ বাদ দিয়া হ’ব। আৰু এতিয়া দেখা গৈছে যে, ছিলেবাছৰ পৰা ভাৰতৰ গণতান্ত্রিক অধিকাৰ, খাদ্য নিৰাপত্তা আৰো যুক্তৰাষ্ট্ৰীয় গাঁঠনিৰ দৰে গুৰুত্বপূর্ণ অধ্যায় আৰু ধর্মনিৰপেক্ষতাও বাদ দিয়া হৈছে। এই ঘটনাৰ পিছত বহুতেই কৈছে যে, ৰাজনৈতিক উদ্দেশ্যতেই এই সিদ্ধান্ত লৈছে চিবিএছইয়ে। এই ঘটনাৰ পিছত ক্ষোভৰ উদ্গীৰণ ঘটিছে দেশৰ চৌদিশে।

উল্লেখযোগ্য যে একাদশ শ্রেণীৰ ৰাষ্ট্রবিজ্ঞান পাঠ্যৰ পৰা যুক্তৰাষ্ট্রীয় গাঁঠনিক সম্পূর্ণ বাদ দিয়া হৈছে। ইয়াৰ উপৰি নাগৰিকত্ব, জাতীয়তাবাদ আৰু ধর্মনিৰপেক্ষতাৰ দৰে পাঠ্যক্ৰমো বাদ দিয়া হৈছে। ইয়াৰ উপৰি স্থানীয় প্রশাসন সংক্রান্ত অধ্যায়ৰ পৰাও দুটি অংশ বাদ গৈছে। দ্বাদশ শ্রেণীৰ ৰাষ্ট্রবিজ্ঞানৰ পৰা সমসাময়িক বিশ্ব নিৰাপত্তা, পৰিবেশ আৰু প্রাকৃতিক সম্পদ সমন্বিতে ভাৰতৰ সামাজিক ন্যায় আৰু নতুন সামাজিক আন্দোলনৰ বিষয় বাদ দিয়া হৈছে।

ইয়াৰ উপৰি অর্থনীতিৰ পৰা পৰিকল্পনা উন্নয়ন অর্থনীতিৰ উন্নয়নৰ ধাৰা সলনিৰ লগতে গণতন্ত্র আৰু বৈচিত্র্য, জাতি-ধর্ম-লিঙ্গ অধ্যায়টি বাদ দিয়া হৈছে। চিবিএছইৰ এই সিদ্ধান্তক লৈ এতিয়া চৌদিশে প্রশ্ন উঠিছে। বহুতেই কৈছে যে, ৰাজনৈতিক কাৰণতেই এই সিদ্ধান্ত লোৱা হৈছে। তেওঁলোকৰ অভিযোগ, বিজেপি আৰু সংঘ পৰিয়ালৰ আদর্শক প্ৰত্যাহ্বান জনোৱা অধ্যায়সমূহকেই বাদ দিয়া হৈছে। অৱশ্যে চিবিএছইয়ে জনাইছে, এই ছিলেবাছ কেৱল ২০২০-২১ শিক্ষাবর্ষতেই কার্যকৰী হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here