বলিউডৰ ‘চুৰমা ভূপালি’ আৰু নাই

0
108

নিউজ ডেস্ক:

পুনৰ শোকৰ ছাঁ বলিউডত। এজনৰ পিছত আনজন বলিউডৰ বিশেষ ব্যক্তিত্বই এই বছৰটোত পৃথিৱীক চিৰ বিদায় জনোৱাৰ পিছত এইবাৰ মেলানি মাগিলে বলিউডৰ ‘চুৰমা ভূপালি’য়ে।

বলিউডৰ বৰ্ষীয়ান অভিনেতা তথা কমেডিয়ান জগদীপে বুধবাৰে নিশা ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনৰ ২৯ মার্চত জন্মগ্ৰহণ কৰা জগদীপৰ অৱশ্যে এয়া প্ৰকৃত নাম নহয়। তেওঁৰ প্ৰকৃত নাম হ’ল ইস্তিয়াক আহমেদ জাফ্ৰি।

শোলে চিনেমাৰ ‘চুৰমা ভূপালি’ চৰিত্ৰৰ জৰিয়তে বলিউডৰ অভিনয় ক্ষেত্রত বিশেষকৈ কমেডী চৰিত্ৰত নিগাজীকৈ খোপনি পুতিবলৈ সক্ষম হৈছিল। কমেডিয়ান হিচাপে খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা এইগৰাকী অভিনেতাই চাৰি শতাধিক ছবিত অভিনয় কৰি গৈছে।

উল্লেখযোগ্য যে জগদীপৰ অভিনয় জীৱন আৰম্ভ হৈছিল এগৰাকী শিশু শিল্পী হিচাপে। তেওঁ বি আৰ চোপ্ৰাৰ ‘আফছানা’ ছবিত এগৰাকী শিশু শিল্পী হিচাপে বলিউডত অভিষেক ঘটাইছিল। আনহাতে, এগৰাকী কমেডিয়ান হিচাপে বলিউডত প্ৰতিষ্ঠা লাভ কৰিছিল ‘ব্ৰহ্মচাৰী’ ছবিৰ পৰা।

তেওঁ অভিনয়ৰ লগতে বলিউড জগতলৈ অৱদান হিচাপে দি গৈছে পুত্ৰ অভিনেতা জাভেদ জাফ্ৰিক। আনহাতে, টেলিভিছন জগতৰ নিৰ্মাতা-নিৰ্দেশক নাভেদ জাফ্ৰি জগদীপৰ আন এগৰাকী সুযোগ্য পুত্ৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here