পুত্ৰসহ ‘বিগ বি’ অমিতাভ বচ্চন কৰোনাত আক্ৰান্ত

0
99

নিউজ ডেস্ক :

কৰোনা আক্রান্ত অমিতাভ বচ্চন। ভর্তি হৈছে নানাৱতী হস্পিটেলত। কোভিড-১৯ত আক্রান্ত হোৱাৰ কথা নিজেই টুইট কৰি জনাইছেন
বিগ বিয়ে। ইয়াৰ পিছতে জানিব পৰা যায় যে অভিষেক বচ্চনো কৰোনাত আক্রান্ত হৈছে। 

টুইটাৰত অমিতাভ বচ্চনে লিখে, ”মোৰ কোভিড-১৯ৰ পৰীক্ষা পজিটিভ আহিছে। মোক হস্পিটেললৈ স্থানান্তৰিত কৰা হৈছে। আমাৰ পৰিয়ালৰ সকলো সদস্য আৰু কর্মীৰ পৰীক্ষা কৰা হৈছে। এতিয়া ৰিপোর্ট অহাৰ অপেক্ষা। পৰিয়ালৰ সকলোৱেই বিগত ১০ দিন ধৰি মোৰ ওচৰে-পাজৰেই থাকতেন। এতিয়া সকলোকেই পৰীক্ষা কৰিবলৈ কোৱা হৈছে।”

উল্লেখ্য, ৭৭ বছৰীয়া অভিনেতাগৰাকীক শেষবাৰ ‘গুলাবো সিতাবো’ ছবিত দেখা গৈছে। অয়ন মুখাৰ্জীৰ পৰিচালনাত ৰণবীৰ-আলিয়া যুটিৰ ‘ব্রহ্মাস্ত্র’ ছবিতো দেখা যাব তেওঁক। সম্প্রতি কৌন বনেগা ক্রোড়পতি ১২সংখ্যক চিজনৰ ছুটিং কৰিছিল বিগ বিয়ে। অৱশ্যে কৰোনা পৰিস্থিতিত জ্যেষ্ঠ নাগৰিকৰ বাবে চৰকাৰৰ নিয়মবিধিৰ বাবে সেই কান শেষ কৰিব পৰা নাই তেওঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here