অমিতাভ-অভিষেকৰ পিছত এইবাৰ কৰোনা আক্ৰান্ত ঐশ্বৰ্য-আৰাধ্য

0
80

নিউজ ডেস্ক :

বচ্চন পৰিয়ালত কৰোনাৰ ৰাজত্ব! কোটি কোটি বচ্চন অনুৰাগীক ব্যথিত কৰি আহিছে আটাইতকৈ ডাঙৰ খবৰ। এতিয়া যেন বিগ বিৰ অট্টালিকা কৰোনাৰ নতুন ঠিকনা! কিয়নো অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনৰ পিছত এইবাৰ কৰোনাৰ ৰিপোর্ট পজিটিভ আহিল ঐশ্বর্য ৰায় বচ্চন আৰু বচ্চন পৰিয়ালৰ তৃতীয় প্ৰজন্ম আৰাধ্যা বচ্চনৰো।

উল্লেখযোগ্য যে শনিবাৰে নিশা পিতা-পুত্ৰৰ কৰোনা পজিটিভ ৰিপোৰ্ট আহিছিল যদিও জয়া বচ্চন আৰু ঐশ্বর্যৰ এন্টিজেন টেষ্টৰ ৰিপোর্ট নেগেটিভ অহাত কিছু স্বস্তিৰ নিঃশ্বাস পেলাইছিল তেওঁৰ অনুৰাগীসকলে। কিন্তু আজি চোৱাব টেষ্টৰ ৰিপোর্ট পজিটিভ আহে ঐশ্বর্য আৰু অমিতাভৰ আঠ বছৰীয়া নাতিনী আৰাধ্যাৰ। অৱশ্যে জয়া বচ্চন আৰু অমিতাভ কন্যা শ্বেতা নন্দাৰ কোভিড ৰিপোর্ট নেগেটিভ আহিছে।

ইতিমধ্যে স্থানীয় প্ৰশাসনে অমিতাভ বচ্চনৰ বাংলা চেনিটাইজ কৰিছে। কিন্তু বোৱাৰী-নাতিনীক ক’ত ৰখা হৈছে সেই বিষয়ে বৰ্তমান একো তথ্য প্ৰকাশ পোৱা নাই। নিশ্চিতভাৱে বচ্চন পৰিয়ালৰ এই খবৰত এতিয়া উদ্বিগ্ন হৈ পৰিছে তেওঁৰ অনুৰাগীসকলৰ লগতে সমগ্র দেশ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অভিনেতা অনুপম খেৰৰ মাতৃ, ভাতৃ, জোঁৱাই আৰু ভতিজাকো কৰোনাত আক্ৰান্তৰ খবৰ পোৱা গৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here