ৰাজস্থানত চৰকাৰ সুৰক্ষিত : দাবী কংগ্ৰেছৰ

0
84

নিউজ ডেস্ক :

ৰাজস্থানক লৈ দেওবাৰৰ দিনটো কংগ্রেছ শিবিৰত চলে তীব্ৰ টনাটনি। পৰিস্থিতি চম্ভালিবলৈ অবিনাশ পাণ্ডে, অজয় মাকেন আৰু ৰণদীপ সূৰজেৱালাৰ দৰে নেতাক জয়পুৰলৈ পঠাইছিল হাত শিবিৰে। অভূতপূর্বভাৱে মাজনিশা ২.৩০টাত সংবাদ মেল কৰে ছোনিয়া গান্ধীৰ এই তিনি প্রতিনিধিৰ দাবী, কংগ্ৰেছৰ ৰাজস্থান দুর্গ সুৰক্ষিত। অশোক গেহলৌট চৰকাৰৰ লগত আছে ১০৯ বিধায়কৰ সমর্থন। উল্লেখযোগ্য যে ২০০ আসন বিশিষ্ট ৰাজস্থান বিধানসভাত মেজিক ফিগাৰ ১০১।

আনহাতে, দেওবাৰৰ মাজনিশাৰ পিছত সংবাদ মেল কৰি দলৰ ৰাজস্থানৰ দায়িত্বপ্রাপ্ত নেতা তথা কংগ্রেছৰ সাধাৰণ সম্পাদক অবিনাশ পাণ্ডেই কয়, ‘‘মুঠ ১০৯ বিধায়কে তেওঁলোকৰ সাক্ষৰ সম্বলিত পত্ৰত ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলৌট, ছোনিয়াজী আৰু ৰাহুলজীৰ নেতৃত্বাধীন চৰকাৰক সমর্থন জনাইছে।’’ লগতে তেওঁ আৰু কেইবাজনো বিধায়কৰ সৈতে টেলিফোনত কথা হৈছে। সেই বিধায়কসকলেও তেওঁলোকৰ সমর্থন কৰিব বুলি দাবি কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here