জি আই এইছ এম , গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা সম্পন্ন

0
113

গুৱাহাটী :

উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট (www.gatewayihm.com), চমুকৈ জি আই এইছ এম (GIHM), গুৱাহাটীৰ উদ্যোগত “কেৰিয়াৰ স্কোপ ইন হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজী (Career Scope in Hotel Management and Catering Technology)” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা ১৩ জুলাই তাৰিখে অনুষ্ঠিত হয় । সন্ধিয়া ৬.৩০ বজাৰৰ পৰা ৮ বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা জি আই এইছ এমৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁই।

ড° বুঢ়াগোহাঁয়ে “হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজী”ৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পয্যায়ত কেনেধৰনৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব, সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অন্যান্য কেৰিয়াৰ সম্পৰ্কেও ছাত্ৰ-ছাত্ৰী কৰা বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে । কৰ্মশালাখন আঁত ধৰে প্ৰতিষ্ঠানখনৰ শিক্ষয়িত্ৰী অক্ষীতা কাকতিয়ে ৷ Machnicx India Pvt. Ltdৰ বিষয়া পূৰ্ণম গগৈয়েও উক্ত কৰ্মশালাত হোটেল মেনেজমেণ্টৰ শিক্ষা গ্রহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে Bakery আৰু Commercial Laundryৰ যোগেদি কেনেদৰে সংস্থাপন লাভ কৰিব পাৰে তাৰ বিষয়ে জানিব দিয়ে ।
আগলৈও এনেধৰনৰ বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাত অংশ গ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৩০০০ ,৯১২৭০৬৪০০০ এই তিনিটা ফোন নম্বৰ অথবা ই-মেইল gihm.ghy@gmail.com ত যোগাযোগ কৰিব পাৰিব বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালিকা তুলিকা হাজৰিকাই জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here