বঙালীক প্ৰশংসা কৰিবলৈ গৈ ‘জাঠ’ক অপমান! পুনৰ বিতৰ্কত বিপ্লৱ দেৱ

0
81

নিউজ ডেস্ক :

পুনৰ বিতর্কিত মন্তব্য ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱৰ। বঙালীসকলৰ প্রশংসা কৰিবলৈ গৈ এইবাৰ জাঠ, পাঞ্জাবীসকলক অপমান কৰে তেওঁ। পঞ্জাব আৰু হাৰিয়ানাৰ বাসিন্দাসকলৰ সৈতে বঙালীসকলৰ তুলনা কৰিবলৈ গৈ বিপর্যয় ঘটালে এইগৰাকী বিজেপি নেতাই।

এটি ভাইৰেল ভিডিওত ত্রিপুৰাৰ মুখ্যমন্ত্রীয়ে কয়, জাঠসকলৰ শাৰীৰীক গঠন মজবুত হ’লেও তেওঁলোকৰ বুদ্ধি কম। তেওঁলোকৰ সৈতে শাৰীৰিকভাবে ফেৰ মাৰিব নোৱাৰিলেও বুদ্ধিৰে হৰুওৱা সহজ। তেওঁ আৰু কয়, সমগ্ৰ পৃথিৱীত বঙালীসকলৰ পৰিচয় তেওঁলোকৰ বুদ্ধিৰ বাবে, মেধাৰ বাবে। বঙালীসকলৰ মেধাক কোনেও কেউ অতিক্রম কৰিব পৰা নাই।

ত্রিপুৰাৰ মুখ্যমন্ত্রীৰ মন্তব্য, পাঞ্জাবী চর্দাৰসকলে কাকো একো ভয় নকৰে। তেওঁলোকৰ সৈতে শাৰীৰিকভাবে শক্তিত ফেৰ মৰা কঠিন। হাৰিয়ানাত আছে জাঠসকল। তেওঁলোকো শাৰীৰিকভাবে সুগঠিত। কিন্তু দুই জাতিয়েই, তেওঁৰ মতে দুর্বল মস্তিষ্কৰ।

অৱশ্যে এয়াই প্রথম নহয়, ইয়াৰ পূৰ্বেও একাধিকবাৰ বিতর্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈ আহিছে বিপ্লৱ দেৱ। উল্লেখযোগ্য যে মেকানিকেল ইঞ্জিনিয়াৰসকল নহয়, কেৱল মাত্র চিভিল ইঞ্জিনিয়াৰসকলেহে চিভিল ছার্ভিচত যোগ দিয়া উচিত বুলি জনাইছিল তেওঁ।

বিপ্লৱ দেৱৰ এই মন্তব্যৰ তীব্র গৰিহণা দিয়ে কংগ্রেছ মুখপাত্র ৰণদীপ সিং সুৰজেৱালাই। তেওঁ কয়, এয়া বিজেপিৰ নিম্নমানৰ চিন্তাধাৰাৰ ফচল। এই মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত বুলিও জনাইছে তেওঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here