ফ’ৰলেন নিৰ্মাণৰ নামত বহিঃৰাজ্যৰ ঠিকাদাৰ গোষ্ঠীৰ লুটপাতৰ অভিযোগ অসম সংগ্ৰামী মঞ্চৰ

0
161
  • ২০০৫ চনতে আৰম্ভ কৰি ১৫ বছৰে সম্পূৰ্ণ নহ’ল “ফ’ৰলেনৰ” নিৰ্মাণ,
  • লেহেমীয়া গতিৰে অতিৰিক্ত পুঁজি লুন্ঠনত সহযোগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ

সমগ্ৰ দেশতে সম্পূৰ্ণ হ’ল, কিন্তু অসমত যোৱা ১৫ বছৰে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ নকৰিলে ফ’ৰলেন নিৰ্মাণৰ কাম। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু লোকসভা, ৰাজ্যসভাৰ ২১জন অসমৰ সাংসদৰ দৃষ্টি আকৰ্ষণ কৰি অসম সংগ্ৰামী মঞ্চৰ আহ্বান – ২০০৫ চনৰ পৰা যোৱা ১৫ বছৰে অসমত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ফ’ৰলেন নিৰ্মাণৰ ক্ষেত্ৰত প্ৰবঞ্চনা কৰি আহিছে, এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক।

এক বিবৃতিত অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, যোৱা ১৫ বছৰে অসমৰ ৩০টা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰা নাই। ৰাজ্যৰ বাহিৰৰ প্ৰতিষ্ঠানক নিৰ্মাণৰ দায়িত্ব দিয়া ফ’ৰলেনৰ কাম নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ নকৰি এতিয়া সময় বৃদ্ধি কৰি অতিৰিক্তভাবে পুঁজি সৰকোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ১৬টা প্ৰকল্পৰ নামত বহি:ৰাজ্যৰ ঠিকাদাৰ গোষ্ঠীয়ে অতিৰিক্তভাবে ১,৯৯৩.৫৫ কোটি টকা মোকলাই লৈছে। ৰাজ্য চৰকাৰৰ দায়িত্ব শূন্যতাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু ঠিকাদাৰ গোষ্ঠীয়ে ঐক্যবদ্ধভাবে অসমৰ ফ’ৰলেনৰ নামত লুন্ঠনৰ বেহু ৰচনা কৰিছে।

কোঁৱৰ আৰু ফুকনে কয়, ২০১৭ চনৰ ১ ফ্ৰেব্ৰুৱাৰীত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি ২০০৫ চনৰ ৭ এপ্ৰিলত অনুমোদন দিয়া ধৰমতুল-সোণাপুৰৰ ২২ কিলোমিটাৰ পথৰ নিৰ্মাণৰ দায়িত্ব লোৱা কে এন চি কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰ গোষ্ঠীয়ে কাম সম্পূৰ্ণ নকৰাকৈ ১৩৭.৭৫ কোটিৰ পৰিৱৰ্তে ১৪৮.৫৭ কোটিলৈ নিৰ্মাণ ব্যয় বৃদ্ধি কৰি ল’লে।ফ’ৰলেনৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অতি ৰহস্যজনকভাবে বহু কেইখন টোলগে’ট স্হাপনৰ অনুমোদন দিলে বিজেপি চৰকাৰে। বিবৃতিটোত কোঁৱৰ আৰু ফুকনে অভিযোগ উত্থাপন কৰি কয়- ২০০৫ চনৰ ৩১ মে’ত অনুমোদন জনোৱা নলবাৰী-বিজনীৰ ২৭ কিলোমিটাৰ পথ বৰ্তমানো সম্পূৰ্ণ নকৰি ২০৮ কোটিৰ পৰিৱৰ্তে দুবাৰকৈ সময় বৃদ্ধি কৰি ২৩০ কোটি টকালৈ নিৰ্মাণ পুঁজি বৃদ্ধি কৰিলে কে এন চি নামৰ প্ৰতিষ্ঠানটোৱে।

নলবাৰী-বিজনীৰ আন এক ২৫ কিলোমিটাৰ পথ নিৰ্মাণৰ অনুমোদন তিনিটা কোম্পানীক ২০০৫ ৰ ১৮ মাৰ্চতে দিয়া হৈছিল যদিও কাম সম্পূৰ্ণ নকৰি নিৰ্মাণ পুঁজি ১৪২.৪৮ কোটিৰ পৰা ১৯৫.২২ কোটিলৈ বৃদ্ধি কৰিলে। মাইবং-লামডিঙৰ মাজৰ ২৩ কিলোমিটাৰ পথ ২০১৪ ৰ ৩১ ডিচেম্বৰত সম্পূৰ্ণ কৰিব লাগিছিল যদিও বৰ্তমানো সম্পূৰ্ণ কৰা নহ’ল আৰু নিৰ্মাণ পুঁজিৰ পৰিমাণ ২৫৫ কোটিৰ পৰা ৩০২ কোটিলৈ বৃদ্ধি কৰি ল’লে। কলিয়াবৰ-তিনিআলি -ডলাবাৰীৰ ১৭.৩ কিলোমিটাৰ পথ ২০১৫ চনৰ ১৫ এপ্ৰিলত তিনি বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দায়িত্ব লোৱা গেমন ইণ্ডিয়াই কাম লেহেমীয়া কৰি ৫৮৮.৯৫ কোটিৰ পৰিৱৰ্তে ৮৭৩.৯১ কোটি টকালৈ নিৰ্মাণ ব্যয় বৃদ্ধি কৰি ল’লে।

জাজী-ডিমৌৰ ৪৪.২ কিলোমিটাৰ ফ’ৰলেনৰ কাম ২০১৮ চনৰ ৩ মে’ত সম্পূৰ্ণ কৰাৰ সময় নিৰ্দ্ধাৰণ কৰা আছিল। আইছ’লাক্স কৰছান নামৰ কোম্পানীটোৱে বৰ্তমান কাম সম্পূৰ্ণ নকৰি ৮১১ কোটিৰ পৰিৱৰ্তে নিৰ্মাণ ব্যয় ১,৩৬০ কোটি টকা নিৰ্দ্ধাৰণ কৰি ল’লে। এনেদৰে ৩০টা ফ’ৰলেন নিৰ্মাণৰ প্ৰকল্প লেহেমীয়া গতিৰে নিৰ্মাণ কৰি অতিৰিক্তভাবে বৃহৎ অংকৰ পুঁজি সৰকোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বহি:ৰাজ্যৰ ঠিকাদাৰ গোষ্ঠী। মুখ্যমন্ত্ৰী আৰু অসমৰ সাংসদসকলক এই ক্ষেত্ৰত বিশেষভাবে দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায় অসম সংগ্ৰামী মঞ্চই। চৰকাৰৰ প্ৰকল্পসমূহ যাতে নিৰ্দ্ধাৰিত সময়তে সম্পূৰ্ণ হয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ ৰাইজলৈ আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here