ব্যক্তিগতকৰণৰ পূৰ্বে বিপিচিএলৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ

0
107

# নিউজ ডেস্ক #

অসম চৰকাৰৰ মালিকনাধীন দেশৰ তৃতীয় বৃহত তেল শোধনাগাৰ আৰু দ্বিতীয় বৃহত ইন্ধন বিক্ৰেতা ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেড চমুকৈ বিপিচিএলক চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ পূৰ্বে ইয়াৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছে এক স্বেচ্ছামূলক অৱসৰ আঁচনি। “কৰ্পৰেচনে এক স্বেচ্ছামূলক অৱসৰ আঁচনি (ভিআৰএছ) প্ৰদানৰ সিদ্ধান্ত লৈছে, ষিসকল কৰ্মচাৰীয়ে তেওঁলোকৰ বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে কৰ্পৰেচনক সেৱা আগবঢ়াব পৰা অৱস্থাত নাই তেওঁলোকৰ বাবে, এইটো অনুৰোধ কৰি যে তেওঁলোকে কৰ্পৰেচনৰ স্বেচ্ছামূলক অৱসৰ আঁচনিৰ সাহায্য গ্ৰহণ কৰক।”

কৰ্মচাৰীসকললৈ দিয়া এক আভ্যন্তৰীণ জাননীত বিপিচিএল-এ এনেদৰে কয়। উল্লেখ্য যে ‘ভাৰত পেট্ৰোলিয়াম স্বেচ্ছামূলক অৱসৰ আঁচনি-২০২০ (বিপিভিআৰএছ-২০২০)’ মুকলি কৰা হয় ২৩ জুলাইত আৰু এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ১৩ আগষ্টলৈকে।

কোম্পানীটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে, ভিআৰএছ হ’ল কোম্পানীটোৰ যিকোনো কৰ্মচাৰী বা বিষয়াৰ বাবে চাকৰি এৰাৰ এটা সুযোগ যিসকলে ব্যক্তিগত পৰিচালকৰ অধীনত কাম কৰিব নিবিচাৰে। “কিছুমান কৰ্মচাৰীয়ে অনুভৱ কৰিছে যে এবাৰ বিপিচিএল ব্যক্তিগতকৰণ হৈ গ’লে তেওঁলোকে তেওঁলোকৰ ভূমিকা, স্থান আৰু নিযুক্তিৰ স্থান সলনি হৈ যাব। সেয়েহে এই আঁচনিয়ে তেওঁলোকক কামৰ পৰা ওলাই যোৱাৰ এটা বিকল্প প্ৰদান কৰিছে। বিষয়াগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে বিপিচিএলত চৰকাৰৰ অংশ হৈছে ৫২.৯৮ শতাংশ আৰু ইয়াত প্ৰায় ২০ হাজাৰ কৰ্মচাৰী আছে। চৰকাৰী সূত্ৰে প্ৰকাশ কৰা মতে, এই কৰ্মচাৰীৰ ৫-১০ শতাংশই ভিআৰএছ বিকল্প গ্ৰহণৰ আশা আছে।

ভিআৰএছ জাননী মতে, ৪৫ বছৰ বয়স সম্পূৰ্ণ হোৱা সকলো কৰ্মচাৰীয়ে উক্ত আঁচনিৰ বাবে যোগ্য বিবেচিত হ’ব। অৱশ্যে ক্ৰীড়াৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত থকা কৰ্মচাৰী আৰু বোৰ্ড পৰ্যায়ৰ কাৰ্যকৰী সদস্য এই আঁচনিৰ পৰা বাহিৰত থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here