দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ বাবে জিআইএইচএমৰ বিশেষ সুবিধা

0
151

# নিউজ ডেস্ক #

গুৱাহাটীস্থিত  উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গে’টৱে ইনষ্টিটিউট অব হোটেল মেনেজমেণ্ট (www.gatewayihm.com)  চমুকৈ   জিআইএইচএম (GIHM)ত শিক্ষাগ্ৰহণৰ বাবে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সুবিধা প্ৰদানৰ কৰা হৈছে। হোটেল মেনেজমেণ্টৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা (Post Graduate Diploma) পাঠ্যক্রম আৰু এডভান্স ডিপ্ল’মা (Advance Diploma) পাঠ্যক্রমত প্ৰত্যেকতে এখনকৈ আসন সংৰক্ষিত ৰখা হৈছে৷

তদুপৰি, স্নাতক পাঠ্যক্রমত তিনিখনকৈ আসন দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত ৰখা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে ডেৰ বছৰীয়া এডভান্স ডিপ্ল’মা (Advance Diploma) পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰিব৷ উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলে তিনি বছৰীয়া স্নাতক পাঠ্যক্রম আৰু স্নাতক পৰীক্ষাত যিকোনো শাখাত উত্তীৰ্ণ হোৱাসকলে পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত অধ্যয়ন কৰিব পাৰিব।

দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ আঁচনিৰ অধীনৰ ছাত্ৰ-ছাত্ৰীসকলে মুঠ শিক্ষা খৰচৰ ৫০% ৰেহাইত শিক্ষাগ্ৰহণ কৰিব পাৰিব। বিতং তথ্য জানিবৰ বাবে কেন্দ্রৰ মুৰব্বী মণ্টু বৰপাত্ৰগোহাঁইক ৯১২৭০৬১০০০ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালিকা তুলিকা হাজৰিকাই জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here