১০ নৱেম্বৰত আইপিএল ফাইনেল : নিব পাৰিব ক্ৰিকেটাৰৰ পৰিয়াল

0
75

# স্পৰ্টছ ডেস্ক #

আগন্তুক দুটা মাহত দেশ আৰু বিশ্বৰ কৰোনা পৰিস্থিতি কি হ’ব পাৰে তাক হয়তো কোনেও নাজানে। কিন্তু তথাপি আইপিএলৰ সম্পূৰ্ণ পৰিকল্পনা সম্পন্ন কৰিলে বিচিচিআয়ে। পৰিকল্পনা মতে, ১০ দিন দুখনকৈ মেচ হ’ব। দুপৰীয়াৰ মেচ আৰম্ভ হ’ব ভাৰতীয় সময় মতে চাৰে তিনিটাত। নিশাৰ মেচ চাৰে সাতটাৰ পৰা।  

মৰুৰ দেশত আইপিএল আৰম্ভ হ’ব ১৯ ছেপ্টেম্বৰত। ফাইনেল হ’ব ১০ নৱেম্বৰত। প্রথমতে নৱেম্বৰৰ প্রথম সপ্তাহতেই ফাইনেল অনুষ্ঠিত কৰাৰ কথা আছিল। যিহেতু ডিচেম্বৰৰ প্রথম সপ্তাহৰ পৰা কোহলি বাহিনীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হোৱাৰ কথা। যদি ১৪ দিনৰ কোৱাৰেণ্টাইন পর্ব মানিবলগা হয়, সেয়া তাৰ পূৰ্বে শেষ হ’ব। কিন্তু আইপিএলৰ টিভি সম্প্রচাৰ স্বত্বৰ অধিকাৰী ষ্টাৰ স্পর্টছে বিচাৰিছিল, বিজ্ঞাপনী বজাৰক আকৃষ্ট কৰাৰ বাবে দীপাৱলী সপ্তাহত ফাইনেল হওক। দীপাৱলী ১৪ নৱেম্বৰত। তাৰ গাতে গা লাগি ১০ নৱেম্বৰত ফাইনেল। আইপিএলত আছে চীনা টাইটেল স্পনছৰও। চৰকাৰৰ অনুমতি অনুমতি অবিহনে তেওঁলোকক ৰখা হ’ল, এনেদৰে ভবাৰ উপায় নাই।

ঘটনা হ’ল, অতিমাৰিত সৃষ্টি হোৱা এই মন্দাৰ বজাৰত বিনিয়োগকাৰীৰ বাহিৰে  যি বিষয়টোক লৈ সকলোতকৈ বেছি পানীঘোলা হৈছিল, সেয়া হৈছে ক্রিকেটাৰসকলে তেওঁলোকৰ পৰিয়ালক লগত নিব পাৰিবনে নোৱাৰে। দেওবাৰে বোর্ডৰ আইপিএল গৱর্নিং কাউন্সিলৰ বৈঠক হয় ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে। বোর্ড প্রেছিডেন্ট সৌৰভ গাংগুলী, আইপিএল অধ্যক্ষ ব্রিজেশ পেটেল উপস্থিত আছিল। বোর্ড কৰ্তৃপক্ষই জনাইছে ক্রিকেটাৰসকলে তেওঁলোকৰ পৰিয়ালক লগত নিব পাৰিব। আমিৰশাহি চৰকাৰে জনাইছে, ট্যুৰিষ্টসকলৰ বাবে পুনৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে। পত্নী, পৰিয়ালে তালৈ ট্যুৰিষ্ট ভিছাত যাব পাৰিব।

অৰ্থাত বিৰাট কোহলিৰ পত্নী অনুষ্কা শর্মা বা ধোনিৰ পত্নী সাক্ষী যদি আইপিএলৰ সময়ত আমিৰশাহিলৈ যাব বিচাৰে তেওঁলোকে ট্যুৰিষ্ট ভিছাতেই যাব পাৰিব। সকলো দিশ মনত ৰাখি বোর্ডৰ পৰা ‘এছঅপি’ (ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিঅৰ) তৈয়াৰ কৰা হৈছে বুলি জনাইছে সভাত অংশগ্ৰহণকাৰী এগৰাকী প্রভাৱশালী বিষয়াই। ৫৩ দিনৰ সুদীর্ঘ প্রতিযেগিতাৰ বাবেই পত্নী-পৰিয়ালক লগত ৰখাৰ অনুমতি দিব বোর্ডে। 

ইফালে প্রত্যেকটো দলত ২৪জনৰ বেছি ক্রিকেটাৰ ৰখাৰ অনুমতি দিয়া নহ’ব। অৱশ্যে ক্রিকেটত আৰম্ভ হোৱা ‘কোভিড পৰিৱর্ত’ আহি গ’ল আইপিএলতো। পাঁচদিনীয়া টেষ্টৰ দৰে মেচ চলি থকা অৱস্থাত পৰিৱর্ত ইয়াত প্ৰয়োজন নহ’ব। কিন্তু প্রতিযোগিতা চলি থাকোতে কোনো কৰোনা আক্রান্ত হ’লেই তেওঁৰ পৰিৱর্ত অনা হ’ব। এই ক্ষেত্ৰত কোনো বাধা-নিষেধো ৰখা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here