আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ধোনীৰ

0
82

স্পৰ্টছ ডেস্ক: নিজৰ কেৰিয়াৰত আকস্মিক সিদ্ধান্তৰে তেওঁ সকলোকে হতবাক কৰি আহিছে। বিশেষকৈ জাতীয় দলৰ অধিনায়ক হৈ থাকোতে হঠাৎ লোৱা সিদ্ধান্তই সকলোকে অবাক কৰি তুলিছিল। কেৰিয়াৰৰ অন্তিম সিদ্ধান্তটোৰ কথাও হঠাৎ ঘোষণা কৰি পুনৰ সকলোকে আচৰিত কৰিলে। হয় কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ কথাকে কোৱা হৈছে।

আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে প্রাক্তন ভাৰতীয় অধিনায়ক ধোনীয়ে। আজি স্বাধীনতা দিৱসৰ দিনাই ইনস্টাগ্রামত তেওঁ অৱসৰৰ ঘোষণা কৰে। অৱশ্যে এই বিষয়ে সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here