এই যাত্ৰাত তোমাৰ সৈতে থাকিম : আবেগিক পোষ্টেৰে ক্ৰিকেটক বিদায় ৰাইনাৰ

0
67

স্পৰ্টছ ডেস্ক : ধোনীৰ পিছত এইবাৰ আন্তর্জাতিক ক্রিকেটক বিদায় জনালে ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য বেটছমেন সুৰেশ ৰাইনাই। তেওঁ নিজৰ ইনস্টাগ্রাম একাউন্টত এটি পোস্টৰ মাধ্যমেৰে এই ঘোষণা কৰে। তেওঁ মহেন্দ্র সিং ধোনীক টেগ কৰি লিখে, ‘তোমাৰ সৈতে ক্রিকেট খেলাটো খুব ভাল দৰে উপভোগ কৰিছোঁ। আৰু এই মই তোমাৰ সৈতেই থাকিম। ধন্যবাদ ভাৰত। জয় হিন্দ।”

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক মহেন্দ্র সিং ধোনীয়ে হঠাতে আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ ঘোষণা কৰে। তেওঁ ভাৰতীয় সেনাৰ আন্দাজত নিজৰ ইনস্টাগ্রামত এটি পোস্ট কৰি এই ঘোষণা কৰে। ধোনীয়ে নিজৰ যাত্ৰাৰ এটি ভিডিও শ্বেয়াৰ কৰি লিখে, সন্ধিয়া ৭ঃ২৯ বজাৰ সময়য়টোক মোৰ অৱসৰৰ সময় হিচাবে ধৰা হওক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here