আমেৰিকাৰ এফ-৩৫বিৰ অনুকৰণত দেশীয় প্রযুক্তিত এয়াৰক্রাফট নিৰ্মাণ কৰিব দক্ষিণ কোৰিয়াই

0
120

# নিউজ ডেস্ক #

দক্ষিণ কোৰিয়াই তেওঁলোকৰ দেশীয় প্রযুক্তিতত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে প্রথম এয়াৰক্রাফট। উল্লেখ্য, যোৱা বছৰেই দক্ষিণ কোৰিয়াই ঘোষণা কৰিছিল বিশাল আকাৰৰ মাল্টিপাৰপাছ ট্রান্সপোর্ট ভেছেল নিৰ্মাণৰ পৰিকল্পনা আছে তেওঁলোকৰ। দক্ষিণ কোৰিয়াই ২০২১-২০২৫ চনৰ ভিতৰত প্রায় বিলিয়ন ডলাৰৰ ইকুইপমেন্ট নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত এইবাৰ দক্ষিণ কোৰিয়াৰ সামৰিক বিভাগ যথেষ্ট শক্তিশালী হৈ উঠিব বুলি ভবা হৈছে।

দক্ষিণ কোৰিয়াৰ প্রতিৰক্ষা মন্ত্রণালয়ৰ সূত্রে জানিব পৰা মতে, যি মাল্টিপাৰপাছ এয়াৰক্রাফট নিৰ্মাণৰ বাবে আগবাঢ়িছে তেওঁলোক৷ ই প্রায় ৩০ হাজাৰ টনৰ ওজন বহন কৰিবলৈ সক্ষম হ’ব। এই এয়াৰক্রাফট ভেছেল মূলত সেনা পৰিবহণ, অস্ত্র-শস্ত্র, অন্যান্য প্রয়োজনীয় সৰঞ্জাম, উল্লম্বভাবে আকাশত উৰিবলৈ আৰু নামিবলৈ সক্ষম যুদ্ধ বিমান বহন কৰাৰ কামত ব্যৱহৃত হ’ব। এই এয়াৰক্রাফট দক্ষিণ কোৰিয়াৰ নৌ সেনাবাহিনীৰ ব্যৱহাৰৰ উপযোগী কৰি গঢ়ি তোলা হ’ব।

এই এয়াৰক্রাফটখন মূলত আমেৰিকাৰ দ্বাৰা নিৰ্মিত এফ-৩৫বি ফাইটাৰ জেটৰ অনুপ্রেৰণাত নিৰ্মাণৰ ব্যৱস্থা লোৱা হৈছে। এফ-৩৫বি ফাইটাৰ জেট বিশ্বৰ একমাত্র শ্বর্ট টেক-অফ আৰু ভার্টিকেল লেণ্ডিং ফাইটাৰ জেট। দক্ষিণ কোৰিয়া প্রশাসন সূত্রে খবৰ, পশ্চিম প্রশান্ত মহাসাগৰৰ এফ-৩৫বি যুদ্ধবিমান মোতায়েন কৰিবলৈ জাপান আৰু আমেৰিকাৰ সৈতে চুক্তি স্বাক্ষৰিতত কৰিবলৈ আগবাঢ়িছে দক্ষিণ কোৰিয়া।

বর্তমান এফ-৩৫বি যুদ্ধবিমান নিৰ্মাণকাৰী কোম্পানী হ’ল লকহিড মাৰটিন কোম্পানি। দক্ষিণ কোৰিয়াৰ সামৰিক দপ্তৰৰ সূত্রৰ খবৰ, একো একোখন এফ-৩৫বি ফাইটাৰ জেট নিৰ্মাণ কৰিবলৈ প্রায় ১২২ মিলিয়ন ডলাৰ খৰচ পৰিব। ইয়াৰ ফলত এই এয়াৰক্রাফট নিৰ্মাণ কৰিবলৈ দক্ষিণ কোৰিয়াৰ অন্যান্য জাহাজ নিৰ্মাণৰ খৰচৰ তুলনাত ২৫-৩০ শতাংশ অর্থাৎ প্রায় ৪ বিলিয়ন ডলাৰ অধিক খৰচ হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here