ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বাতৰি সম্পৰ্কত মন্তব্য : ফেচবুকৰ বিষয়াৰ প্ৰাণনাশৰ ভাবুকিৰ অভিযোগ

0
148

# নিউজ ডেস্ক #

ফেচবুকৰ এগৰাকী কাৰ্যবাহী বিষয়য়াই তেওঁক অনলাইনযোগে জীৱনৰ প্ৰতি ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলি দিল্লীত অভিযোগ দাখিল কৰিছে৷ এনডিটিভিৰ সূত্ৰত এই কথা প্ৰকাশ৷ ৪৯ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত অনলাইনযোগে ভাবুকি দিয়া বুলি অভিযোগ কৰি ৫জন ব্যক্তিৰ নামো উল্লেখ কৰিছে৷ উল্লেখ্য যে যোৱা সপ্তাহত ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ত এক নিবন্ধ প্ৰকাশ পাইছিল, য’ত এইটো দাবী কৰা হৈছিল যে ফেচবুকে ভাৰতৰ বিজেপি নেতাসকলে প্ৰকাশ কৰা বিদ্বেষমূলক পোষ্টবিলাক  এৰাই চলিছিল৷

দেওবাৰে পঞ্জীয়ন কৰা অভিযোগটোত কাৰ্যবাহী বিষয়াগৰাকীয়ে অভিযুক্তসকলক সোনকালে গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁক আৰক্ষীৰ দ্বাৰা সুৰক্ষা প্ৰদানৰ দাবী জনায়৷

‘‘মই তীব্ৰ ভয় আৰু আতংকত আছো, বিশেষকৈ এগৰাকী মহিলা হোৱা বাবে৷ অভিযুক্তসকলে নিৰন্তৰ অনলাইনযোগে মোক ভাবুকি দি অহাৰ লগতে তেওঁলোকৰ পৰিচয় গোপন কৰাৰ চেষ্টা কৰি আহিছে, আৰু ভুল তথ্য প্ৰদান কৰি আছে যাতে তেওঁলোকে তেওঁলোকৰ এজেণ্ডা পূৰণ কৰিব পাৰে৷’’ অভিযোগটোত তেওঁ এনেদৰে উল্লেখ কৰে৷

‘‘উক্ত ভাবুকি যোৱা ১৪ আগষ্টত ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশিত নিবন্ধটোৰ লগত সম্পৰ্কিত যিটো পৰৱৰ্তী সময়ত ভাৰতত বিকৃত আৰু আক্ৰমণাত্মকভাৱে বিভিন্ন মাধ্যমত প্ৰকাশ পায় আৰু পিছত সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰে৷’’ মহিলাগৰাকীয়ে লগতে উল্লেখ কৰে৷

উল্লেখ্য যে মার্কিন সংবাদ-পত্রখনে দাবী কৰিছিল যে বিজেপি নেতাসকলৰ বিৰুদ্ধে ‘বিদ্বেষ প্ৰতিৰোধ আইন’ প্রয়োগত বাধা দিছিল ভাৰতত ফেচবুকৰ পাব্লিক পলিচি এক্সিকিউটিভ আখি দাসে। প্রতিবেদনত দাবী কৰা হৈছে যে আখি দাসে কোম্পানীটোৰ কর্মচাৰীসকলক কৈছিল, বিজেপি নেতাসকলক আইনভঙ্গকাৰী হিচাবে শাস্তি দিলে ভাৰতত ফেচবুকৰ ব্যৱসায়িক ক্ষতি হ’ব পাৰে। ইফালে মার্কিন সংবাদ-পত্রখনত প্রকাশিত বাতৰি সম্পর্কে প্রতিক্রিয়া জনাই ফেচবুকৰ মুখপাত্রই কয়, ‘‘হিংসাত উচটনিমূলক মন্তব্য বা বিদ্বেষ বিয়পালে ফেচবুকে সেয়া নিষিদ্ধ বুলি গণ্য কৰে। কোনো ৰাজনৈতিক ব্যক্তি বা দল-নিৰপেক্ষ হৈয়েই কোম্পানীটোৱে বিশ্বজুৰি এই কাম কৰে। অৱশ্যে এই ক্ষেত্রত আৰু উন্নতিৰ প্ৰয়োজন আছে।’’ তেওঁলোকৰ ভাৰতীয় শাখাৰ কামক লৈ সমালোচনাৰ উত্তৰত ফেচবুকৰ মুখপাত্র এণ্ডি ষ্টনে কয়, ‘‘নিষিদ্ধ কৰাৰ পিছত ৰাজনৈতিক পৰিণতিক লৈ উদ্বেগ প্রকাশ কৰিছিল আখি দাসে। অৱশ্যে কোম্পানীৰ সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত তেওঁ অকলেই নির্ণায়ক ব্যক্তি নহয়।’’

বিষয়টোক লৈ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ অভিযোগ, ভাৰতত ফেচবুক আৰু ৱাটছএপক নিয়ন্ত্রণ কৰে বিজেপিয়ে। ইয়াৰ মাধ্যমেৰে ঘৃণা বিয়পাই বিজেপিয়ে ভোটাৰসকলক প্রভাৱিত কৰাৰ চেষ্টা চলায়। বিজেপি আৰু ফেচবুকৰ যোগাযোগ অনুসন্ধান কৰিবলৈ সংসদীয় কমিটি গঠনৰ দাবীও উঠিছে। কংগ্রেছ নেতা শশী থাৰুৰে ফেচবুকক জবাবদিহি কৰিছে। ফেচবুক বয়কটৰ আহ্বান দিবলৈও আৰম্ভ কৰিছে বহুতে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here