অৱশেষত স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল ফেচবুক : কৈফিয়ত বিচাৰিব সংসদীয় কমিটিয়ে

0
128

# নিউজ ডেস্ক #

অৱশেষত স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল৷ আত্মপক্ষ সমৰ্থন কৰি ব্যৱসায়ৰ স্বার্থত বিদ্বেষৰ সৈতে আপোচৰ অভিযোগ নাকচ কৰিলে ফেচবুকে। সোমবাৰে কোম্পানীটোৰ এগৰাকী মুখপাত্রই কৈছিল, ‘‘সকলো ধৰণৰ বিদ্বেষমূলক মন্তব্য বা হিংসা বিয়পিব পাৰে এনে প্রতিবেদনক আমি সকলো সময়তেই নিষিদ্ধ কৰিছো। বিশ্বজুৰি আমি এই নীতি অনুসৰণ কৰো। এই ক্ষেত্রত কোনো ৰাজনৈতিক অৱস্থান বা দলীয় সহযোগিতা পোৱাৰ বিষয়টো বিবেচনা কৰা নহয়।’’ অৱশ্যে তথ্য-প্রযুক্তি বিষয়ক সংসদীয় স্থায়ী কমিটিয়ে আজি ইঙ্গিত দিছে, মার্কিন সংবাদ-পত্র ৱাল ষ্ট্ৰীট জাৰ্নেলত প্রকাশিত খবৰৰ ভিত্তিতে ফেচবুকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ’ব পাৰে। কমিটিৰ অধ্যক্ষ তথা কংগ্রেছ সাংসদ শশী থাৰুৰে কয়, ‘‘আমি অৱশ্যেই বিষয়টো অনুসন্ধান কৰি চাম আৰু ফেচবুকৰ পৰা উত্তৰ বিচাৰিম।’’

বিদ্বেষ আৰু হিংসাৰ বিৰুদ্ধে কঠোৰ নীতিৰ কথা জনালেও সেই নীতি প্রয়োগৰ ক্ষেত্রত কিছু আসোঁৱাহ আছে বুলি আজি স্বীকাৰ কৰিছে ফেচবুকৰ মুখপাত্রই। তেওঁ কয়, ‘‘অৱশ্যে আমি আৰু কিছু ব্যৱস্থা ল’ব লাগিব। সেইটো আমি জানো আৰু সেইমতে পর্যালোচনাৰ কামো চলিছে। নিৰপেক্ষ আৰু ত্রুটিহীন ব্যৱস্থা গঢ়ি তোলাই আমাৰ লক্ষ্য।’’ মার্কিন সংবাদ-পত্রৰ প্রতিবেদনৰ ফলতে ইতিমধ্যেই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্রেছসহ বিৰোধী শিবিৰ। অভিযোগৰ তদন্তৰ বাবে যৌথ সংসদীয় কমিটি গঠনৰো দাবী উঠিছে।

প্রকাশিত খবৰত দাবী, ভাৰতৰ শাসকীয় দল বিজেপিক জোকাবলৈ ভয় খায় ফেচবুক কর্তৃপক্ষই। কাৰণ, তাত ব্যৱসায়িক ক্ষতিৰ সম্ভাৱনা প্রবল। আৰু সেয়ে বিজেপি নেতাসকলৰ হিংসাত উচটনি বা বিদ্বেষমূলক বক্তব্যৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰে ফেচবুক কর্তৃপক্ষই। আনকি, এই বিষয়ত ঘোষিত নীতি ভাঙিবলৈও কুণ্ঠাবোধ নকৰে জুকাৰবাৰ্গৰ কোম্পানীয়ে।

উল্লেখ্য যে ৱাল ষ্ট্ৰীট জাৰ্নেলত প্রকাশিত প্রতিবেদনত অভিযোগ কৰা হৈছে, সংখ্যালঘুসকলৰ বিৰুদ্ধে হিংসাত প্রৰোচনা দি ফেচবুকত একাধিকবাৰ বিদ্বেষমূলক মন্তব্য কৰিছিল তেলেঙ্গানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙে। ‘বিপজ্জক ব্যক্তি আৰু সংস্থা’ নীতিৰ ভিত্তিত ৰাজাক নিষিদ্ধ ঘোষণা কৰাৰ বাবে প্ৰস্তাৱ কৰিছিল ফেচবুক কর্মচাৰীসকলে। কোম্পানীৰ ভাৰতীয় শাখাৰ পাব্লিক পলিচি ডিৰেক্টৰ আখি দাসৰ হস্তক্ষেপতেই বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। বিদ্বেষমূলক মন্তব্যৰ অভিযোগ উঠিছিল কপিল মিশ্র, অনন্ত হেগড়েসহ একাধিক বিজেপি নেতাৰ বিৰুদ্ধেও। কিন্তু কোম্পানীৰ কর্মচাৰীসকলক আখি দাসে স্পষ্টভাৱে কয়, বিজেপি নেতাসকলক আইনভঙ্গকাৰী হিচাবে শাস্তি দিলে ভাৰতত ফেচবুকৰ ব্যৱসায়িক ক্ষতি হ’ব পাৰে।

ইফালে এই সংক্ৰান্তত ৰাহুল গান্ধীয়ে বিজেপিক কৰা সমালোচনা আৰু অভিযোগৰ প্ৰত্যুত্তৰত কেন্দ্রীয় মন্ত্রী ৰবিশঙ্কৰ প্রসাদে কয়, ‘‘কংগ্রেছে আগতে কেম্ব্ৰিজ এনালিটিকা কাণ্ডৰ কথা খুলি কওক।’’ কংগ্রেছে একাধিক নির্বাচনত ব্রিটিছ কোম্পানী কেমব্রিজ এনালিটিকাৰ সহায় লৈছে বুলি বিজেপিৰ অভিযোগ। মাইক্রো-টার্গেটিং অর্থাৎ ব্যক্তিবিশেষ বা বিশেষ জনগোষ্ঠীক লক্ষ্য কৰি প্রচাৰ চলোৱাত পাৰদর্শী এই কোম্পানী। ছচিয়েল মিডিয়াত প্রচাৰ চলাই মানুহক প্রভাৱিত কৰাৰ উদ্দেশ্যে এনালিটিকাই একাধিকবাৰ ফেচবুকৰ তথ্য চুৰি কৰা বুলিও অভিযোগ আছে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here